Header Ads

মৃত্যু - পল্লৱ চৌধুৰী

Death-Poem-Assamese Pallab Choudhury


মৃত্যু ক্রমশ জীৱন ,মৃত্যু ক্রমশ সময়
মৃত্যু অচিন ভাৱৰ কণ্ঠ ,খুব নিষ্ঠুৰ
অনিবার্যতাৰ কোলাহল
স্বপ্ন ভগাৰ এপাহি ক'লা গোলাপ।

মৃত্যু , আকাশ ভাঙি নামে আশা বৃষ্টি ,
স্থিৰ হৈ ৰয় সময়
দৃষ্টি-শূন্য হৈ পৰে সমাজ
নিঃশব্দ প্ৰতিটো ঘণ্টাৰ পিছত ।

মৃত্যুক দেখি মই, মৃত্যু ঘূৰি
প্ৰতিবাৰ মাত্ৰ চকুলো টুকি
মৃত্যু, যদিও জন্ম নহয় মোৰ কলমত,
তথাপিও চেতনা জগাই ভাৱো
হয়তো এয়াই ক্রমশ মুক্তি
ক্রমশ এয়াই এটি জীৱন।

✍ পল্লৱ চৌধুৰী

No comments

Powered by Blogger.