Header Ads

লোকগীত-বৈচিত্ৰ অসম-প্ৰথম বছৰ; দ্বিতীয় সংখ্যা; চেপ্তেম্বৰ, ২০১৮

ওজাপালি

 এক সুকীয়া কলা যি গীত-মাত তথা নাট সমৃদ্ধ | সাধাৰণতে প্ৰধান পৰিবেশক জনক ওজা আৰু আন অন্য সদস্য তথা দোহাৰী দিওঁতা সকলক পালি বুলি সম্বোধিত কৰা হয় | ভিন্ন বাদ্য-যন্ত্ৰ যেনে খুঁইতাল এনে গীত সমূহত প্ৰচলিত |

আই-নাম

 

এক পৰম্পৰাগত ভক্তি-মূলক গীত যি ৰোগীৰ আশু-আৰোগ্য কামনা চৰিতাৰ্থে পৰিৱেশিত কৰা হয় |অসমৰ গ্ৰাম্য অঞ্চলত শীতলা দেৱীক পূজি মহিলাসকলে এই গীতসমূহত আগভাগ লোৱা দেখা যায় |

টোকাৰী-গীত

 টোকাৰী গীতসমূহ এক প্ৰকাৰৰ লোকগীত | টোকীৰী-গীত সাধাৰণতে নানুহৰ সমাজ জীৱন তথা আখ্যানসমূহৰ ওপৰত প্ৰতিষ্ঠিত | টোকাৰী নামক বাদ্যযন্ত্ৰ তথা বাঁহী, তাঁল আদিৰে সন্মিলিত পুৰুষৰ দ্বাৰা দোহাৰিত এক বিখ্যাত লোকগীত |

জিকিৰ আৰু জাৰি


 অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত প্ৰচলিত এক সুন্দৰ গীতৰ সম্ভাৰ |১৭শ শতিকাত হিন্দু-মুছলমান সকলৰ মাজত একতা বজাই ৰাখিবৰ বাবে আজান ফকীৰে এই ভক্তিমূলক গীতসমূহৰ আৰম্ভণি কৰিছিল |

 

 

 

No comments

Powered by Blogger.