Header Ads

বিলুপ্তিৰ পথত অসমৰ মৃন্ময় শিল্প-প্ৰথম বছৰ; দ্বিতীয় সংখ্যা; চেপ্তেম্বৰ, ২০১৮


✍কৰবী মহন্ত কলিতা 
দিপলাং, কামৰূপ  (অসম)


মাটিৰে নিৰ্মিত মৃৎশিল্প বা মৃন্ময় শিল্প অসমৰ এটি প্ৰাচীন শিল্প। বৰ্তমান ইয়াৰ প্ৰচলন কিছু হ্ৰাস পাইছে,  যদিও পূজা, শ্ৰাদ্ধ,  ৰাজহুৱা অনুষ্ঠান আদিত আৰু দৈ, ক্ৰীম আদি প্ৰস্তুত কৰিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰা হয়।

    অসমৰ দুই বৃত্তিধাৰী লোক এই শিল্প নিৰ্মাণত ব্ৰতী হোৱা দেখা যায়; কুমাৰ আৰু হীৰা । কুমাৰ সকলে মাটিৰ পাত্ৰ তৈয়াৰ কৰোতে এটা বিশেষ চাক ব্যৱহাৰ কৰে, ইয়াক কুমাৰৰ চাক বোলা হয়। হীৰাসকলে কোনো ধৰনৰ চাক ব্যৱহাৰ নকৰে। তেওঁলোকে কাঠ বা বাহৰ মাৰিৰে কোবাই কোবাই মাটিৰ পাত্ৰসমূহ প্ৰস্তুত কৰে।

   কুমাৰসকলে মাটিৰ কলহ, দেৱ-দেৱীৰ মূৰ্তি,  প্ৰতিমা, চাকি, ঘট, ধূপদানি,  ধূনাদানি আদি প্ৰস্তুত কৰাৰ বিপৰীতে হীৰাসকলে মাটিৰ কলহ, টেকেলী, চৰু, মলা, ধপাত খোপা, চিলিম আদি তৈয়াৰ কৰে।

    মৃন্ময় শিল্পসমূহত অসমীয়া শিল্পীৰ নিপুণ হাতৰ পৰশ পৰা লক্ষ্য কৰা যায়। দেৱ-দেৱীৰ মূৰ্তি আদিত খনিকৰে মাটি ব্যৱহাৰ কৰিয়েই হুবহু আকৃতিৰ ৰূপ দিয়ে। এসময়ত শিৱসাগৰৰ কুমাৰসকলে মাটিৰ জুনুকা আৰু সুতুলিও সাজিছিল ।

   এই শিল্পৰ লগত শিল্পীসকলৰ অৰ্থনৈতিক দিশটোও জড়িত হৈ আছে । আধুনিক জীৱন যাত্ৰাত এই শিল্প অৱহেলিত হৈ অহাৰ লগে লগে শিল্পীসকলৰ জীৱনলৈও ভাবুকি আহিছে ।

No comments

Powered by Blogger.