আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা
তালিকাত উত্তৰ- পূব ভাৰতৰ খেলুৱৈৰ ভূমিকা সলাগ লবলগীয়া। বিগত বছৰ সমূহৰ
এম্. চি মেৰীকম, হিমা দাসকেই ধৰি বহুতো খেলুৱৈয়ে ভিন্ন পৰ্যায়ত যি সুনাম
কঢ়িয়াই আনিলে তাৰ প্ৰতি এই ভাৰতবৰ্ষ চিৰ ঋণী স্বৰূপ। তেনেবোৰ নামৰ মাজত
স্থান লাভ কৰিবলৈ সক্ষম হোৱা কেইগৰাকীমান ক্ৰীড়া বিদৰ নাম সন্নিৱিষ্ট
কৰিলোঁ -
-বিতোপন দাস
শিলচৰ,অসম
মাংটে চুঙনেইজাং মেৰী কম (এম. চি মেৰীকম)
ভাৰতবৰ্ষৰ
দ্বাৰা সৃজিত এম. চি মেৰীকম হল এজনী সুকীয়া মাতৃ- প্ৰতীক তথা গৌৰৱৰ
ভাণ্ডাৰ স্বৰূপ। অপেছাদাৰী বিশ্ব মুষ্টিযুদ্ধ প্ৰতিযোগিতাত ৫ বাৰ পৰ্য্যন্ত
সুখ্যাতি লাভ কৰা মেৰী কমৰ কৰ্মপটুতা বিশ্ব খ্যাত । ২০১৭( হো চি মিন) আৰু
২০১৮( গল্ড কোষ্টত) সম্পন্ন হোৱা এছিয়ান মহিলা চেম্পি়নশ্বিপ তথা কমনৱেলথ
গেমছ প্ৰতিযোগিতাত সোণৰ পদক আজোৰি অনা এম. চি মেৰী কম সমগ্ৰ দেশ বাসীৰ বাবে
এক নায়িকাস্বৰূপ।
চাইখম মীৰাবাই চানু
১৯৯৫
চনৰ পিছত ভাৰোত্তোলক প্ৰতিযোগিতাত(২০১৭) সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা
মণিপুৰৰ চাইখম মীৰাবাই চানু ভাৰতবৰ্ষৰ এক বিখ্যাত ক্ৰীড়াবিদ। ৪৮ কে. জি
ভাৰোত্তোলক প্ৰতিযোগিতাত ১৯৪ কে. জি কঢ়িয়াই অভিলেখ গঢ়া চানুৱে শেহতীয়াকৈ
সম্পন্ন হোৱা গল্ডকোষ্ট কমনৱেলথ গেমছত (২০১৮) সোণৰ পদক আজোৰি দেশ বাসীৰ
মনত সাঁচ পেলোৱা উত্তৰ-পূবৰ এক বিখ্যাত খেলুৱৈ।
দীপা কৰ্মকাৰ
২০১৮
চনত মেৰিছিন, তুৰ্কীত অনুষ্ঠিত এফ. জি আৰ্টিষ্টিক জিমনাষ্টিক প্ৰতিযোগিতাত
সোণ অৰ্জন কৰা দীপা কৰ্মকাৰ হল ত্ৰিপুৰাৰ জীয়ৰী। ৰিঅ' অলিম্পকত চতুৰ্থতম
স্থান (১৫.০০০ ছেকেণ্ড) লাভ কৰা কৰ্মকাৰ হল ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদানিত
"পদ্মশ্ৰী" সন্মানৰ অধিকাৰী।
মন্তব্য কৰক