আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঞ্জা খেলুৱৈ তথা সংগ্ৰামী জীৱনৰ জ্বলন্ত উদাহৰণ জোনালী শইকীয়া
শক্তিৰে জিনিছিল হাজাৰ জনৰ মন। কিন্তু জীৱন যাত্ৰা জানো সৰল, বাস্তৱ ৰ কৰাল গ্ৰাস ত তেওঁৰ গতিপথ আবদ্ধ হৈ পৰিছিল এক বৃত্তৰ পৰিধিৰ মাজত। পেট প্ৰবৰ্ত্তোৱা যেন অতিকৈ কঠিন, যিয়ে তেওঁক ঠেলি দিছিলহি এক সম্পূৰ্ণ সংগ্ৰামী পৰিচয় ৰ দুৱাৰ দলিত।পেট্ৰল পাম্পৰ এগৰাকী পাম্পমেন। এবছৰ, দুবছৰ নহয় সম্পূৰ্ণ ১০ বছৰ এইগৰাকী বিশেষ নাৰীয়ে কৰি আহিছে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই সংগ্ৰাম। শেহতীয়াকৈ ভিন্ন মিডিয়া বাতৰি কাকতৰ যোগেদি পোহৰলৈ অহা এইজনী মহীয়সী নাৰী আমাৰ প্ৰতিজন বাবে অনন্য উদাহৰণ।
নাম তেওঁৰ জোনালী শইকীয়া। চতিয়াৰ খনাগুৰিত ঘৰ। উল্লেখনীয় যে জোনালী শইকীয়া এগৰাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঞ্জা খেলুৱৈ। ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈ অনুষ্ঠিত বিভিন্ন দেশত দুবাহুৰ শক্তিৰে চমকপদ প্ৰদৰ্শন কৰি সফলতা লাভ কৰি আহিছে জোনালীয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ত ৫ বাৰকৈ সোণৰ মেডেল। স্কুলৰ দিনৰ পৰাই তেওঁ সকলো খেল খেলিছিলে, বিশেষকৈ পাঞ্জা খেলৰ প্ৰশিক্ষণ, এটা ওচৰৰ জিমত গ্ৰহণ কৰিছিলে শিক্ষা। পোনতে শিৱসাগৰ জিলাৰ চৰাইদেউত অনুষ্ঠিত হোৱা পাঞ্জা প্ৰতিযোগিতাত তেওঁ জয়ী সাবস্ত্য হৈছিল।
খেলৰ প্ৰতি পিছে তেওঁৰ আগ্ৰহ আছিল যথেষ্ট, কিন্তু আৰ্থিক ভাৱে সবল নোহোৱাৰ বাবে এইদৰে পেটৰ ভাতমুঠিৰ বাবে পেটেল পাম্পত কৰ্মৰত হৈছিল। জোনালী শইকীয়াই ইতিমধ্যে আমেৰিকা, ৰাছিয়া, ইজিপ্ত, ইটালীত পাঞ্জা খেল প্ৰতিযোগিতাত বিজয়ী হৈ আহিছে।

পেট্ৰল পাম্পত এনেদৰে কৰ্মৰত হৈ থকাৰ অনুভৱৰ বিষয়ে জানিব বিচৰাত শইকীয়াই এন. ই ফোকাছ চেনেল ক এনেদৰে কয় যে "কাম সৰুৱেই অথবা ডাঙৰই হওক, লাজ কৰিব নালাগে। মই মোৰ কৰ্মক লৈ যথেষ্ট সুখী। এই ক্ষেত্ৰত মহিলা হিচাপে মানুহৰ পৰা যথেষ্ট মৰম, সন্মান পাইছো। ভৱিষ্যতে কোনো সংগঠনে অথবা বিভাগে কৰ্তৃপক্ষই সহাঁৰি দিলে আকৌ খেলৰ পৃথিৱীখনলৈ ঘুৰি যোৱাৰ বাসনা পুঁহি ৰাখিছো"। এনে এগৰাকী অক্লান্ত যুঁজাৰুৰ উদাহৰণ প্ৰতিজন ব্যক্তিৰ বাবে এক জাতীয় স্বৰূপৰ চানেকি। আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা এই চেগতে জোনালী শইকীয়াক শুভকামনা জনাইছো। আপুনি দীৰ্ঘজীবি হওঁক আপোনাৰ অনুপ্ৰেৰণা আমাৰ সকলোৰে বাবে এক জাতীয় দলিল স্বৰূপ।
মন্তব্য কৰক