Header Ads

পাক ঘৰৰ মজিয়াত ♥ পালেং শাকৰ হালোৱা ♥ ৰোহন চাহু




পালেং শাকৰ হালোৱা



উপকৰণ: (৩ জনৰ বাবে)

১. পালেং শাক - ১ মুঠি
২. চেনি - ২০০ গ্ৰাম
৩. গৰু ঘি - ২০০ গ্ৰাম
৪. ড্ৰাই ফ্ৰুইট (কাজু, পিষ্টা,) - ১৫-২০ টুকুৰা মান
৫. গাখীৰ - ১ লিটাৰ(১ লিটাৰ গাখীৰ খিনি জুইত পঘাই পঘাই ৩০০ গ্ৰাম মান কৰি লব। ডাঠ হলে ভাল হৈ খাবলৈ)
৬. ইলাচী - ৮ টুকুৰা মান
৭. তেজপাত - ৩ খিলা
৮. দালচিনী - ১ টুকুৰা
৯. চুজি - ২ চামুচ

প্ৰণালী:


প্রথমতে শাক খিনি ধুই লব আৰু বইল কৰি লব দুই মিনিট মান। তাৰ পিছত পানী খিনি তুকি মিক্সাৰত দি পেষ্ট বনাই লব।এতিয়া এখন ননষ্টিক কেৰাহী লৈ তাত ৬ চামুচ ঘি গৰম হবলৈ দিব । ঘি গৰম হোৱাত তেজপাত , দালচিনী আৰু দুই চামুচ চুজি দি কম জুইত ৩ মিনিটমান ভাজি থাকিব ।তাৰ পিছত পেষ্ট কৰি থোৱা পালেং শাক খিনি দি ১০ মিনিট মান ভাজিব।তাৰ পিছত শাক খিনিত চেনি খিনি দি ভালকৈ মিহলাই লব।তাৰ পিছত তাত মিহি কৰি লোৱা ইলাচী দি দিব আৰু ড্ৰাই ফ্রুইট খিনিও মিহিকৈ কাটি লৈ ভাজি লোৱা শাক খিনিত দি ৫ মিনিটমান পুনৰ ভাজি লব। এতিয়া ডাঠ কৰি লোৱা গাখীৰ খিনি দি ভালদৰে লৰাই কম জুইত উতলিবলৈ দিব | উতলি থাকোতে তাত আকৌ অলপমান ড্ৰাই ফ্ৰুইট দি লগতে ঘি ৪ চামুচ মান পুনৰ দি লৰাই ঢাকন দি দিব । তাৰ পিছত ১০ মিনিটি মানৰ পাছত নমাই ৰাখিব । পৰিবেশনৰ সময়ত কাজু, পিষ্টা কাটি ওপৰত অলপ দি গধূলি চাহৰ লগত আনন্দ লওঁক।

প্ৰস্তুতি
ৰোহন চাহু

No comments

Powered by Blogger.