বামন গ্ৰহ - প্লুটো ••• কল্পজিৎ বৰা
অনন্ত ব্ৰহ্মাণ্ডত এটি ধুলিকণা সদৃশ আমাৰ এই সৌৰজগত। সূৰ্য্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা ৮ টা গ্ৰহ আৰু সিহঁতৰ উপগ্ৰহবোৰৰ সমষ্টিয়ে হল সৌৰজগত। মহাকাশৰ ৰহস্য বোৰৰ সন্ধানত বিজ্ঞানীসকলৰ সকলো কষ্টৰ বলত মানুহ আজি চন্দ্ৰলৈ যাবলৈ সক্ষম হৈছে। সৌৰজগতৰ গ্ৰহ বোৰৰ কথাৰ উল্লেখ হলে এটা বিশেষ গ্ৰহৰ কথা জানিবলৈ সকলোৰে আগ্ৰহ হয়। সেই গ্ৰহ টোৱে হৈছে প্লুটো। ২০০৬ চনৰ আগলৈকে সৌৰজগতৰ গ্ৰহৰ সংখ্যা ৯ তা আছিল । সৌৰজগতৰ গ্ৰহৰ তালিকাত অন্তৰ্ভূক্ত নৱম গ্ৰহ আছিল প্লুটো। ১৯৩০ চনত প্ৰথবাৰৰ বাবে সৌৰজগতৰ পৰিয়ালত সন্নিৱিষ্ট হৈছিল প্লুটো। আমেৰকাৰ বিজ্ঞানী ক্লাইড তম্বগে প্লুটোৰ আৱিষ্কাৰ কৰিছিল আৰু তেতিয়াৰ পৰাই প্লুটোক সৌৰমন্ডলৰ সদস্য হিচাপে গণ্য কৰা হয়।
সময় পৰিৱৰ্তনশিল। সময়ৰ গতিৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিবদ্যাৰ দ্ৰুত ক্ৰমবিকাশে নতুন নতুন তথ্য পোহৰলৈ আনিলে। বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্যম আৰু সাধনাৰ বলত মানৱ জাতিয়ে প্লুটোৰ বিষয়ে বহুত কথা অৱগত হল। বিজ্ঞানী সকলে প্ৰথমে অনুমান কৰিছিল যে প্লুটোৰ ভৰ পৃথিৱীৰ ভৰৰ প্ৰায় সমান। পিছে প্লুটোৰ উপগ্ৰহ চেৰণৰ আৱিষ্কাৰে এই তথ্য পোহৰলৈ আনে যে প্লুটোৰ ভৰ পৃথিৱীৰ ভৰৰ প্ৰায় ০.২%। প্লুটোৰ উপৰিভাগৰ উষ্ণতা প্ৰায় -২২৫ ডিগ্ৰী চেলচিয়াছ আৰু ইয়াৰ কক্ষপথ অণ্ডাকাৰ। নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিফালে এপাক ঘুৰিবলৈ প্লুটোক সময় লাগে প্ৰায় ২৪৮ পৃথিৱীবৰ্ষ। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে প্লুটো ৰ এটা বছৰ কিমান দীঘলীয়া।
প্লুটোৰ সম্পৰ্কে আৰু জানিবলৈ নাসাই ১৯ জানুৱাৰী ২০০৬ চনত নিউ হৰিজন নামৰ এখন মহাকাশযান প্লুটো অভিমুখে প্ৰেৰণ কৰে। উল্লেখনীয় যে প্লুটোৰ আৱিষ্কাৰক তম্বগৰ সন্মানাৰ্থে তেওঁৰ অস্থিৰ কিছু অংশ নিউ হৰিজনত পঠোৱা হৈছিল প্লুটো অভিমুখে। প্লুটোৰ পৰা আৰু দূৰত অৱস্থিত এটা গ্ৰহ এৰিছৰ আৱিষ্কাৰে বিজ্ঞানীসকলক গ্ৰহৰ সংজ্ঞাৰ সম্পৰ্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰিলে কিয়নো এৰিচৰ ভৰ প্লুটোৰ ভৰতকৈ ২৭% বেছি আছিল।
২০০৬ চনত বিজ্ঞানী সকলে যিকোনো এটা পিণ্ডক গ্ৰহ আখ্যা দিবৰ বাবে তিনিটা নতুন নিয়ম নিৰ্ধাৰণ কৰে--
১) পিন্দটোৱে সূৰ্যৰ চাৰিফালে পৰিভ্ৰমণ কৰিব লাগিব।
২) পিন্দটোৰ ভৰ ইমান হব লাগিব যাতে ই নিজকে গোলাকাৰ অৱস্থাত ধৰি ৰাখিব পাৰে।
৩) ইয়াৰ কাষৰ পদাৰ্থবোৰ হয়তো ইয়াৰ পৰিভ্ৰমণ কৰিব লাগিব , নহলে ইয়াৰ ভিতৰত সোমায় বিলীন হৈ যাব লাগিব।
তৃতীয় নিয়মটো প্লুটোয়ে মানি নচলে বাবে প্লুটো গ্ৰহৰ শ্ৰেণীৰ পৰা অবনমিত কৰি বামন গ্ৰহ নামে এটা নতুন শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। যদিও প্লুটো এতিয়া গ্ৰহ নহয় তথাপি ইয়াক বিশদভাৱে অধ্যয়ন কৰা হৈছে। এতিয়াও বহুতো কঠিন প্ৰশ্নৰ উৎস আৰু বিজ্ঞানী সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বামন গ্ৰহ প্লুটো।
※ কল্পজিৎ বৰা
মন্তব্য কৰক