দ্য গডফাডাৰ ☠ সৰ্বকালৰ এখন অন্যতম শ্ৰেষ্ঠ ছবি ☠ দেৱ প্ৰতীম হাজৰিকা
অপৰাধকেন্দ্ৰীক পৰিয়ালত জন্ম হৈ অপৰাধজনিত কাম-কাজৰ পৰা নিজকে আঁতৰাই, সেই বিলাকৰ এক নিৰাপদ দুৰত্বত অৱস্থান কৰি সম্পূৰ্ণ এটা বেলেগ জীৱন যাপন কৰিম বুলি ভবা সেই পৰিয়ালৰে এজন সন্তানে যেতিয়া বহু দিনৰ মূৰত ঘৰলৈ যুদ্ধৰ পৰা উভতি আহে, তেতিয়া হয়তো সেই সন্তানে ভাবিব পৰা নাছিল যে মানুহৰ কৰ্ম আদি সকলো সময় আৰু পৰিস্থিতিৰ দাস। পিতৃ তথা জেষ্ঠ ভাতৃৰ কাম-কাজ বেয়া পোৱা সেই সন্তান যে এদিন পিতৃয়ে স্থাপন কৰা সেই সাম্ৰাজ্য খনৰ দায়িত্বভাৰ চম্ভালিব লাগিব সেই কথা সপোনতো ভবা নাছিল।
ইটালীৰ কৰলিঅ’ন নামৰ সৰু চহৰ এখনত জন্ম লাভ কৰা ভিট’ এণ্ডলিনিৰ মাক-দেউতাক তথা ভাতৃ সকলোকে সেই চহৰৰে এজন মাফিয়া ডনে হত্যা কৰিছিল। ভিট’ৱে কোনোমতে সাৰি পলাই গৈছিল আমেৰিকালৈ, য’ত গৈ তেওঁ নাম লৈছিল নিজৰ জন্ম হোৱা কৰলিঅ’ন চহৰ খনৰে, আমেৰিকাৰ মাটিত তেওঁ নাম লৈছিল ভিট’কৰলিঅ’নৰ। লাহে লাহে এই নামৰ লোকজন পৰাক্ৰমী হৈ পৰিছিল, এই নামৰ ওজন বাঢ়িছিল। বন্ধুৰ সংখ্যা যিদৰে বাঢ়িছিল তাতোকৈ শত্ৰুৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছিল। সকলোৱে তেওঁক গডফাডাৰ বুলিছিল, যি বিশ্বাস কৰিছিল এটা কথাত “Keep your friends close, and your enemies closer”।
ওপৰত কোৱা এইখিনি ঘটনা বা কাহিনী ১৯৭২ চনৰ বিশ্ববিখ্যাত ছবি ‘দ্য গডফাডাৰ’ৰ। ১৯৬৯ চনত মাৰিঅ’ পুজ’ৱে লিখি উলিয়াইছিল ‘দ্য গডফাডাৰ’ নামৰ উপন্যাসখন। ‘বেষ্টচেলাৰ’ হোৱা এই উপন্যাসখনৰ আধাৰত এখন ছবি নিৰ্মাণ কৰাৰ মনস্থ কৰিলে ‘পেৰামাউন্ট পিকছাৰছে’। সেই মৰ্মে প্ৰযোজন ৰবাৰ্ট ইভানছে এই ছবিৰ নিৰ্দেশনা তথা চিত্ৰনাট্য নিৰ্মাণৰ দায়িত্ব দিলে ১৯৭০ চনৰ যুদ্ধভিত্তিক ছবি ‘পেট’ন’ৰ চিত্ৰনাট্যৰ বাবে অস্কাৰৰ বঁটা লাভ কৰা ফ্ৰান্সিছ্ ফৰ্ড কপলাক। মাৰিঅ’ পুজ’ আৰু কপলাই দুয়ো মিলি ৰচনা কৰিলে ছবিখনৰ চিত্ৰনাট্যৰ। আৰু সেই ছবি নিৰ্মাণৰ সময়ছোৱাত হয়তো তেওঁলোকে হয়তো কোনেও ভবা নাছিল যে তেওঁলোকৰ এইখন ছবিয়ে ছবিজগতত এক খলকনি তুলিব, ছবিখন সৰ্বকালৰ এখন সৰ্বশ্ৰেষ্ঠ ছবিৰ মাজৰ এখন হ’ব। কিন্তু কালক্ৰমত সেইয়া হৈছিল, যাৰবাবে ছবি খনৰ লগত জড়িত সকলোৱে আমাৰ ধন্যবাদৰ পাত্ৰ।
“I believe in America” আছিল ছবিখনৰ প্ৰথমটো সংলাপ, যিটো ভয়াৰ্ত ভাৱেৰে কৈছিল বনাছেৰাই; এজন মৃতদেহ সৎকাৰৰ লগত জড়িত এজন ব্যক্তি (Undertaker)। তেওঁ কথাকেইটা কৈছিল গডফাডাৰক, ভিট’ কৰলিঅনক। গডফাডাৰৰ পুত্ৰীৰ বিবাহৰ দিনা খন তেওঁৰ ওচৰলৈ বনাছেৰা আহিছিল এটা সহায় বিচাৰি, কাৰণ তেওঁ গম পাই পুত্ৰীৰ বিবাহৰ দিনা গডফাডাৰে তেওঁক সহায় কৰিবলৈ মানা নকৰে। বনাছেৰাই আমেৰিকাক ভাল পাইছিল, মিলি গৈছিল তাৰ বতাহ, মাটিৰ লগত; কিন্তু এদিন এজন আমেৰিকানে তেওঁৰ বিশ্বাসৰ মৃত্যু ঘটাইছিল, সেয়েহে তাৰ পোটক তুলিবলৈ তেওঁ সহায় ভিক্ষা মাগিছিল ভিট’ কৰলিঅ’নৰ ওচৰত। বনাছেৰাই ইয়াৰ বিনিময়ত যিকোনো কাম কৰিবলৈ বা ধন দিবলৈ প্ৰস্তুত আছিল। কিন্তু কৰলিঅ’নে বিচাৰিছিল বন্ধুত্ব, আৰু এদিন হয়তো তেওঁ সেই বন্ধুৰ ওচৰলৈ আহিব সহায়ৰ হাত বিচাৰি। হয় এটা ৰাতি সেই গডফাডাৰ ওচৰ চাপিছিল সেই বন্ধু বনাছেৰাৰ সহায় বিচাৰি, এটা সৰু সহায়।
হলিউডৰ ছবি নিৰ্মাণৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰা এই ছবিখনৰ স্থান আমেৰিকাৰ ছবি জগতত ‘চিটিজেন কেন’ৰ পাছতে। ইয়াৰ দ্বিতীয় খণ্ড ‘দ্য গডফাডাৰ ২’য়ে মুক্তি লভিছিল ১৯৭৪ চনত, য’ত ভিট’ কৰলিঅ’নৰ শিশু কাল তথা যৌৱন কালৰ লগতে বৰ্তমানৰ কাহিনীক সমান্তৰাল ভাৱে দেখুওৱা হয়। এই দুখন ছবিয়ে সত্তৰৰ দশকৰ ছবিজগতত এক ধৰণৰ বিপ্লৱৰ সূচনা কৰিছিল। চিত্ৰ নিৰ্মাতা সকলক ছবি নিৰ্মাণৰ কিছুমান নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিছিল এই ছবি দুখনে। ইয়াৰ তৃতীয় ভাগ ‘দ্য গদফাডাৰ ৩’ খন মুক্তি লভিছিল ১৯৯০ চনত, কিন্তু এইখন প্ৰথম দুখনৰ দৰে সফল হ’ব পৰা নাছিল।
কপলাই এইটো কথাৰ ধ্যান ৰাখিছিল যাতে তেওঁক ছবিখন নিৰ্মাণ কৰাত সম্পূৰ্ণ স্বাধীনতা দিয়া যায়। অভিনেতা বাচনিৰ পৰা আৰম্ভ কৰি ছবিৰ ঘটনাৰ সময় কাললৈকে এইবিলাক ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা বিচাৰিছিল কপলাই। তেওঁ এইখন ছবিৰ মাজেৰে আমেৰিকাক অন্য এক ধৰণেৰে দৰ্শকৰ আগত দাঙি ধৰিব বিচাৰিছিল। তেওঁ এখন ছবি দৰ্শকলৈ মাজলৈ আনিব বিচাৰিছিল যাক পাছলৈ কোৱা হওঁক আমেৰিকাৰ বহিৰাগত লোক সকলৰ আমেৰিকাৰ লগত থকা সম্পৰ্কৰ ওপৰত এখন ছবি, পিতা-পুত্ৰ সকলৰ ওপৰত এখন ছবি, সততে কোৱা ‘আমেৰিকান ড্ৰীম’ৰ ওপৰত এখন ছবি বুলি। নিজৰ ইটালীয়ান সম্পৰ্কৰ কথা যেন তেওঁ নিজেই অৱগত কৰাইছিল এই ছবিখনৰ জড়িয়তে।
ডন ভিট’ কৰলিঅ’ন অৰ্থাৎ গডফাডাৰৰ চৰিত্ৰটোৰ বাবে ষ্টুডুঅ’ইঅ বাচনি কৰিছিল বাৰ্ট লেনকাষ্টাৰ, আৰ্নেষ্ট বৰ্গনিন, ফ্ৰেংক ছিন্তাৰা আৰু ল’ৰেন্স অলি’ভাৰৰ দৰে অভিনেতাক। কিন্তু কপলাৰ পছন্দৰ অভিনেতা আছিল মাৰল’ন ব্ৰেণ্ডো। সেই সময়ত ব্ৰেণ্ডোৰ অভিনয় জীৱনৰ নৌকা খন ডুবি আছিল আৰু তেওঁ যেন সেই পানীত কক বকাই আছিল, তেওঁক প্ৰয়োজন হৈছিল এখন সহায়ৰ হাতৰ। সেয়েহে ষ্টুডিঅ’ই কপলাৰ এই সিদ্ধান্ত একেবাৰতে মানি ল’ব পৰা নাছিল। কিন্তু কপলা আছিল নিজৰ সিদ্ধান্তত অটল। তেওঁ ব্ৰেণ্ডোলৈ আগবঢ়াইছিল সহায়ৰ এখন হাত। কপলাই ব্ৰেণ্ডোক এটা স্ক্ৰীন টেষ্ট দিবলৈ সৈমান কৰোৱালে। ব্ৰেণ্ডোৰ চুলিখিনি পাছলৈ ফনিওৱালে, মুখত অলপ মেক-আপ কৰালে যাতে তেওঁৰ চকুত এক গাঢ়তা দেখা পোৱা যায় আৰু কৰ্কশ কন্ঠেৰে মাৰল’ন ব্ৰেণ্ডোৱে সেই স্ক্ৰীন টেষ্টেৰে যেন ছবিজগতলৈ পুনৰ ঘুৰি অহাৰ ইংগিত দিছিল। সাতছল্লিছ বছৰীয়া ব্ৰেণ্ডোৰ সেই স্ক্ৰীণ টেষ্ট চাই প্ৰযোজক সকলে কপলাক সেউজীয়া সংকেত দিয়াৰ বাহিৰে আন উপায় নাছিল।
ভিট’ কৰলিঅ’নৰ পুত্ৰ সকলৰ চৰিত্ৰ বাচনিৰ ক্ষেত্ৰতো কপলাই প্ৰযোজক সকলৰ লগত যুঁজিব লগিয়া হৈছিল। প্ৰযোজক সকলৰ পছন্দৰ অভিনেতা আছিল জেক নিকলছন, ৱাৰেন বেট্টী, ৰবাৰ্ট ৰেডফৰ্ড আদি। আনহাতে কপলাই বাচনি কৰিছিল জেমছ্ কান, ৰবাৰ্ট ডুভেল আৰু জন কেজেলক ক্ৰমে ছনি কৰলিঅ’ন, টম হেগাৰ আৰু ফ্ৰেংকি কৰলিঅ’নৰ চৰিত্ৰৰ বাবে। ছবিখনৰ আনটো মূখ্য চৰিত্ৰ মাইকেল কৰলিঅ’নৰ বাবে আকৌ কপলা যুঁজিব লগিয়া হৈছিল প্ৰযোজকৰ সৈতে। কপলাই মাইকেলৰ চৰিত্ৰটোৰ বাবে বাচনি কৰিছিল সেই সময়ৰ এজন অখ্যাত অভিনেতা এল পেছিনোক। কিন্তু প্ৰযোজক সকলৰ মতে পেছিনো আছিল চাপৰ। কিন্তু কপলা অভিনেতা বাচনিৰ ক্ষেত্ৰৰ সিদ্ধন্তত আকৌ আছিল অটল। আৰু শেষত তেওঁৰ মতেই বাচনি হ’ল ছবিৰ অভিনেতা সকল।
কপলা আৰু প্ৰযোজক সকলৰ মাজৰ যুঁজ খন ইমানতে অন্ত হোৱা নাছিল। পইচা বচাবৰ বাবে প্ৰযোজকে বিচাৰিছিল ছবিখনৰ সময়ছোৱা ১৯৭০-ৰ সময়ছোৱা হওঁক। কিন্তু কপলাই বিচাৰিছিল ছবিখনৰ সময়কাল মাৰিঅ’ পুজ’ৰ কিতাপৰ দৰেই দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱা হওঁক। প্ৰযোজক ৰবাৰ্ট ইভানছ্ আৰু কপলাৰ মাজত আন বহুতো এনে ধৰণৰ যুঁজ হৈছিল, কিন্তু প্ৰায় সকলোকেইখন যুঁজতে বিজয়ী হৈছিল কপলা। ইয়াৰ কাৰণ আছিল ছবিখনৰ অভিনেতা তথা ছবিখনৰ লগত জড়িত ব্যক্তি সকলৰ কপলাৰ প্ৰতি থকা অনুগত্য তথা বিশ্বাস।
ইভানছ আৰু কপলাৰ মাজত সংঘাতে এনে এক পৰ্য্যায় পাইছিলগৈ যে কপলাই ভাবিবলৈ লৈছিল তেওঁক যিকোনো এদিন ছবি খনৰ নিৰ্দেশনাৰ দায়িত্বৰ পৰা বাহিৰ কৰি দিয়া হ’ব। এনে হোৱাৰ কাৰণ আছিল অস্কাৰ বিজয়ী নিৰ্দেশক এলিয়া কাজানৰ ছবিৰ চিত্ৰগ্ৰহণ চলি থকা সময়ত ছবিৰ ছেটত আৱিৰ্ভাৱ। মাৰল’ন ব্ৰেণ্ডোৱে উপায়ন্তৰ হৈ প্ৰযোজকৰ আগত নিজৰ চৰ্ত্ত ৰাখিছিল, যদি কপলা গডফাডাৰৰ পৰা বাহিৰ হয় তেন্তে তেওঁ এই ছবিত কাম নকৰে। সৰ্বশেষত পেৰামাউণ্ট পিকছাৰছে ফৰ্ড কপলাক ছবি খন নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা দিছিল।
১৯৭২ চনত মুক্তি লাভ কৰাৰ পাছত ছবিখন সকলোৰে চৰ্চাৰ কাৰণ হৈ পৰিছিল। দৰ্শক, সমালোচক সকলোৱে ছবিখনক আদৰি লৈছিল। বহুতৰ মতে ছবিখন আছিল ১৯৪১ চনৰ ‘ছিটিজেন কেন’ৰ পাছতেই হলিউডৰ সৰ্বশ্ৰেষ্ঠ ছবি, যিটো আজিও বহুতে মানি চলে। মুক্তিৰ তিনি মাহৰ ভিতৰতে ছবিখনে ১৯৬৫ চনৰ ‘দ্য ছাউণ্ড অৱ মিউজিক’ৰ সেই সময়ৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ অভিলেখ ভংগ কৰিছিল। ছবিখনৰ সংলাপ দৰ্শকৰ মুখে মুখে শুনিবলৈ পোৱা গৈছিল, ছবিখনৰ সংগীত হৈ পৰিছিল অতিকে জনপ্ৰিয়। ই আমেৰিকাৰ স্বাভিমান, ভাৱনাৰ লগত জড়িত হৈ পৰিছিল।
কপলাৰ কাহিনী কোৱাৰ ধৰণ আছিল অনন্য। প্ৰথমতেই সম্পূৰ্ণ কৰলিঅ’ন পৰিয়ালৰ লগত চিনাকী হোৱাৰ সুযোগ দিছে ভিট’ৰ দুহিতা কনীৰ বিবাহৰ জড়িয়তে। কৰলিঅ’ন পৰিয়ালৰ লগত জড়িত আন আন লোক সকলকো পৰিচয় কৰাবলৈ বিচৰা হৈছে বিবাহ খনৰ জড়িয়তে। সেই দৰেই ডন ভিট’ৰ কৰ্মৰ ওপৰতো এক চমু আলোকপাত কৰিব বিচৰা হৈছে বিবাহৰ মাজে মাজে চলি থকা ডন ভিট’ৰ কিছু সংখ্যক লোকৰ লগত হোৱা মেল-মিলাপৰ জড়িয়তে। লগতে দেখুওৱা হৈছে ডন ভিট’ৰ ব্যক্তিত্বক, গডফাডাৰৰ ব্যক্তিকক। পাছলৈ ভিট’ক হত্যাৰ চেষ্টা চলোৱাৰ পাছত মাইকেল কৰলিঅ’নে বুজি উঠিছিল পিতৃৰ ওপৰত শত্ৰুৰ আক্ৰমণ ইমান সোনকালে শেষ নহয়। পৰিস্থিতিয়ে বাধ্য কৰাইছিল নিজৰ পৰিয়ালৰ মাজলৈ সোমাই নিজকে পিতৃৰ লগত সময় কটাবলৈ। কাৰণ পৰিয়ালতকৈ ডাঙৰ একো নহয়। অপৰাধৰ জগত খনত কেতিয়াও সোমান নোখোজা মাইকেলে দুজনকৈ ব্যক্তিক হত্যা কৰি আগজাননী দিছিল নিজৰ আগমণৰ। ভাতৃ ছনীৰ নৃশংস হত্যাকাণ্ডৰ পাছত পিতৃৰ উত্তৰাধিকাৰী ৰূপে একমাত্ৰ সক্ষম ব্যক্তি আছিল মাইকেল। আৰু তেওঁ যে পিতৃতকৈও অধিক নৃশংস তথা ক্ৰুৰ সেই কথাৰ প্ৰমাণ ছবিৰ শেষত দেখিবলৈ পাম, লগতে দেখিবলৈ পাওঁ ‘দ্য গডফাডাৰ ২’-ত। তেওঁ পিতৃয়ে কোৱা “Keep your friends close, but your enemies closer” কথাষাৰ আখৰে আখৰে মানি চলিছিল। এগৰাকী দক্ষ দবা খেলুৱৈৰ দৰে তেওঁ এজন এজনকৈ আন চাৰিটা পৰিয়ালৰ মূল ব্যক্তি সকলক হত্যা কৰোৱাইছিল। আনকি ককায়েক ছনীৰ হত্যাত জৰিত থকাৰ বাবে নিজৰ জোঁৱাৱেক কাৰ্লোক হত্যা কৰোৱাইছিল।
পিতৃৰ মৃত্যুৰ পাছত তেওঁ জানিছিল কোনো তেওঁৰ পক্ষৰ কোনো এজন লোক আহিব শত্ৰুৰ পক্ষৰ সৈতে বন্ধুত্বৰ হাত আগবঢ়াবলৈ; আৰু সেই তেওঁৰ পক্ষৰ লোক জন হ’ব বিশ্বাসঘাটক। এই কথা মাইকেলে শিকিছিল পিতৃৰ পৰা। যেতিয়া সেই ব্যক্তিজন টেছিঅ’ বুলি জানিব পাৰিছিল, তেতিয়া তেওঁক হত্যা কৰোৱাবলৈ তেওঁ পিছ হুহুকা নাছিল। মাইকেলে জানিছিল এইবিলাক ব্যক্তিগত সমস্যা নহয়, এইবিলাক আছিল ব্যৱসায়ীক সমস্যা (not personal, just business)। ছবিৰ শেষৰ ফালে মাইকেলে পত্নী কে-ক মিছা মাতিছিল। সেইয়া আছিল মাইকেলৰ গডফাডাৰ হোৱাৰ আৰম্ভণি। কে-য়ে ক্লেমেঞ্জাই মাইকেলৰ হাতত চুমা খোৱাৰ দৃশ্য যেতিয়া দৰজাৰ ফাঁকেৰে দেখিছিল তেতিয়া বুজি উঠিছিলা মাইকেলে মিছা মাতিছে বুলি, যিটো আন বহুতো মিছাৰ এটা আৰম্ভণি আছিল।
‘দ্য গডফাডাৰ’ ছবিখন অস্কাৰৰ দহটা বিভিন্ন শাখাত মনোনীত হৈছিল, যাৰ ভিতৰত বঁটা লাভ কৰিছিল তিনিটা শিতানত। মূখ্য অভিনেতা ৰূপে মাৰল’ন ব্ৰেণ্ডো মনোনীত (য’ত তেওঁ এই বিজয়ী হৈছিল) হোৱাৰ উপৰিও এল পেছিনো, জেমছ কেন আৰু ৰিচাৰ্ড কেষ্টেলেনো মনোনীত হৈছিল শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বাবে। শ্ৰেষ্ঠ নিৰ্দেকৰ বঁটাৰ বাবে মনোনীত হোৱাৰ উপৰি ছবিখনে লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা। ঠিক সেইদৰে লাভ কৰিছিল চিত্ৰনাট্যৰ বাবে শ্ৰেষ্ঠ বঁটা।
ছবিখনৰ কাহিনীৰ লগতে সকলোতকৈ উল্লেখনীয় দিশটোৱে হ’ল অভিনেতা সকলৰ অভিনয়। ‘মেথ’ড একটিং’-ক জনপ্ৰিয় কৰা মাৰল’ন ব্ৰেণ্ডো ক্ৰুড়, কঠোৰ তথা এজন বিপদজ্জনক ব্যক্তি হিচাপে আছিল এক কথাত নিখুঁট। উদাহৰণস্বৰূপে তেওঁ কিমান কঠোৰ তথা বিপদজনক সেই কথা আমি চাব পাৰো এটা দৃশ্যৰ পৰা। যেতিয়া জেক ৱল্টজে ভিট’ কৰলিঅ’নৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল তেতিয়া তেওঁৰ শোৱা বিচনালৈ পঠিওৱা হৈছিল এটা ঘোঁড়াৰ কটা মুৰ, যিটো আছিল কৰলিঅ’ন পৰিয়ালৰ এটা সতৰ্ক বাণী। আৰু তাৰ পাছতেই দেখুওৱা হৈছে ভিট’ কৰলিঅ’নে মুকলি মনেৰে ৰাতিপুৱাৰ সময় পাৰ কৰি থকা, যদিও তেওঁ জানিছিল তেওঁ জেক ৱল্টজৰ লগত কি কৰিছে। মাৰল’ল ব্ৰেণ্ডোৱে ভিট’ কৰলিঅ’নৰ চৰিত্ৰটোৰ মাজেৰে এই সকলোবিলাক ভাৱ অতি সুন্দৰকৈ প্ৰকাশ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ এজন যুদ্ধ-বীৰ পৰা দুটাকৈ নৃশংস হত্যাৰ পাছতেই নিজৰ পৰিয়ালৰ বাঘজৰী চম্ভালালৈকে মাইকেলৰ চৰিত্ৰটো আছিল বহু তৰপীয়। সেই সময়ৰ অখ্যাৰ এল পেছিনোৱে অতি নিখুটভাৱে চৰিত্ৰটো ৰূপায়ন কৰিছিল। তেওঁৰ চকুত ফুটি উঠিছিল ক্ৰমান্বয়ে গঢ়ি উঠা নৃশংসতা, ক্ৰুৰতা তথা কঠোৰতা। চৰিতটো যে কালক্ৰমত ব্ৰেণ্ডোৰ চৰিত্ৰটোতকৈও বিপদজনক হ’ব সেই কথাৰ আগজাননী তেওঁ দিছিল অতি সোনকালেই। সেই অভিনয় আছিল তেওঁৰ সফল অভিনয় জগত খনৰ আৰম্ভণী। সেইদৰে খঙাল ছনীৰ ৰূপত জেমছ কেন, শাৰীৰিক তথা মানসিক ভাৱে দুৰ্বল ফ্ৰেংকীৰ ৰূপত জন কেজেল, ডন ভিট’ৰ তুলি লোৱা সন্তান তথা ভিট’অৰ সোহাঁত স্বৰূপ টমে হেগালৰ ৰবাৰ্ট ডুভালৰ পৰা আৰম্ভ কৰি মাইকেলৰ পত্নী কে-ৰ ৰূপত ডায়েনা কীট’নৰ অভিনয় আছিল প্ৰশংসনীয়।
নিক’ ৰ’টাৰ আৱহ সংগীত আছিল ছবিখনৰ সফলতাৰ আন এক চাবীকাঠী। ইটালীয়ান শৈলীৰ সংগীতে ছবিখনক বাৰে বাৰে সংযোগ কৰিছিল আমেৰিকা আৰু ইটালীক। ছবিখনৰ চিনেমাট’গ্ৰাফাৰ আছিল গৰ্ডন ৱিলিছ। ছবিখনত বহু কেইটা প্ৰয়োজনীয় দৃশ্য বা মূহুৰ্ত্ত আছে। যেনে: কনীৰ বিবাহত লাহে লাহে কৰা ডন ভিট’ কৰলিঅ’নৰ পৰিয়ালৰ সৈতে চিনাকী, ডন ভিট’ৰ ওপৰত গুলীবৰ্ষণ, পৌলীৰ হত্যাকাণ্ড( য’ত এটা সংলাপ আছিল “leave the gun, bring the canolli”), মাইকেলে ছলজ্জ’ আৰু মেকলাস্কীক ৰেষ্টোৰেন্টখনত কৰা হত্যা, ছনীৰ ওপৰত গুলীবৰ্ষণ, টম হেগানে ছনীৰ মৃত্যুৰ বাতৰি ডন ভিট;ক কোৱা, ডন ভিট’ৰ পাঁচটা মূখ্য পৰিয়ালৰ আগত দিয়া নিজৰ বক্তব্য, ডন ভিট’ৰ নিজৰ নাতিয়েকৰ সৈতে বাগিচাত খেলি থাকোতে হোৱা মৃত্যু, মাইকেলৰ দ্বাৰা চাৰিটা পৰিয়ালৰ মূখ্য লোক সকলকে ধৰি আন শত্ৰুক কৰা হত্যাকাণ্ড আদি আছিল ছবিখনৰ মূখ্য তথা উল্লেখনীয় মূহুৰ্ত্ত।
সকলো ফালৰে পৰাই সম্পূৰ্ণ ৰূপত বহু কম ছবি আমাৰ মাজলৈ আহে। তাৰেই ভিতৰত অন্যতম ‘দ্য গডফাডাৰ’। অপৰাধ শৈলী (Crime Genre)-ক এক নতুন দিশ দেখুওৱা এই ছবিখনৰ তুলনা অতি কম ছবিৰ লগত কৰিব পাৰি। তাৰ ভিতৰত এখন ইয়াৰ দ্বিতীয় খণ্ড ১৯৭৪ চনৰ ‘দ্য গডফাডাৰ ২’, যিখনক বহুতে ‘দ্য গডফাডাৰ’তকৈ ওপৰত ৰাখিব খোজে। দ্বিতীয় খণ্ডখন আছিল প্ৰথম খনকৈ জটিল, নৃশংস তথা বিপদজনক, কাৰণ প্ৰথম খনত চলে দুটাকৈ কাহিনী সমান্তৰালকৈ; এটা ভিট’ কৰলিঅ’নৰ উত্থানৰ কাহিনী আৰু আনটো মাইকেল কৰলিঅ’নৰ আৰু বিপদজনক তথা শক্তিশালী হোৱাৰ কাহিনী।
(ক্ৰমশঃ)
☠ দেৱ প্ৰতীম হাজৰিকা
মন্তব্য কৰক