Header Ads

টেক্সি ড্ৰাইভাৰ: এক উপভোগ্য ভয়ানক সপোন ♚ দেৱপ্ৰতীম হাজৰিকা,

Taxi driver movie review in assamese daba pratim hazarika Kuhipath


পৰাধ, থ্ৰীলাৰ এনেধৰণৰ শৈলীৰ বোলছবিৰ ভিতৰত এখন অন্যতম কথাছবি হ’ল মাৰ্টিন স্ক’ৰছেজিৰ ১৯৭৬ চনৰ টেক্সি ড্ৰাইভাৰ। পৰিয়াল, সমাজৰ পৰা বিচ্ছিন্ন আৰু শেষত বাস্তৱৰ পৰাই বিচ্ছিন্ন হোৱা এজন সমস্যাৰে জৰ্জৰিত লোকৰ কাহিনী টেক্সি ড্ৰাইভাৰ।

কথাছবিখন প্ৰথম চাইছিলো ২০০৮ মানত। তাৰ পাছতো ছবি খন বহুবাৰ চাইছো, আৰু কোনোবাৰেই ছবিখন চাই আমনি লগা নাই। শতিকাৰ অন্যতম কথাছবিৰ মাজৰ এখন টেক্সি ড্ৰাইভাৰ। ছবিখন চাই এনেকুৱা লাগে যেন স্ক’ৰছেজিয়ে পথৰ দাঁতিয়ে দাঁতিয়ে কেমেৰা লগাই থৈছে আৰু নিজৰ কেমেৰাত যেন বন্দী কৰিছিল তেওঁ যি দেখিছে। সেই পৰিবেশ, পথৰ তেনে এক অনুভৱ বোলছবিখনৰ একো একোটা চৰিত্ৰ যেন।

ৰবাৰ্ট-ডি-নেৰ’ আছিল ছবিখনৰ মূল চালিকা শক্তি। কিন্তু আন বহুতো দিশ আছিল যি ছবিখনত এখন শ্ৰেষ্ঠ ছবিৰ শাৰীত উপনিত কৰাত উপাদান যোগাইছিল।

মাৰ্টিন স্ক’ৰছেজি, ছবিজগতৰ এজন অন্যতম সফল নিৰ্দেশক। ছবিখনত তেওঁ নিউয়ৰ্কত পথবিলাক ভয়ানক কৰাত তেওঁ সফল হৈছিল। তেওঁ পথ বিলাক নিজৰ কেমেৰাৰে বন্দী কৰিছিল, তেওঁ যেন পথ বিলাকৰ প্ৰকৃত সত্য় দেখুৱাবলৈ সক্ষম হৈছিল এই ছবিখনৰ জড়িয়তে। আমি সকলোৱে জানো ৰবাৰ্ট-ডি-নেৰ’ আৰু মাৰ্টিন স্ক’ৰছেজিৰ যুটিটোৰ বিষয়ে। এই যুটিটোৰ সফলতাৰ কথা। তেওঁলোকৰ প্ৰথম বোলছবি আছিল ‘মিন ষ্ট্ৰীটছ’(১৯৭৩)। তেওঁলোকৰ নিৰ্দেশক-অভিনেতাৰ এই সম্পৰ্ক গাঢ় হৈছিল ১৯৭৬ চনৰ টেক্সি ড্ৰাইভাৰৰ জড়িয়তে। স্ক’ৰছেজীয়ে বিশ্বাস কৰিছিল সেই সময়ৰ যুৱ অভিনেতা ৰবাৰ্ট-ডি-নেৰ’ৰ ওপৰত। ছবিখনত স্ক’ৰছেজিয়ে বিচৰা ধৰণেই সেই যুৱ অভিনেতা জনে অভিনয় কৰিছিল, এক দুৰ্দান্ত অভিনয় আৰু ছবিজগতলৈ আগমণ ঘটিছিল এজন সুদক্ষ অভিনেতাৰ।

“Are you talkin’ to me? Are you talkin’ to me?”-ৰাবাৰ্ট-দি-নেৰ’ৰ এক সংলাপ, কালক্ৰমত ই হৈ পৰিছিল মানুহৰ মুখে মুখে প্ৰচলিত এক আইকনিক বক্তব্য। তেওঁৰ অভিনয় আছিল দুৰ্দান্ত, যেন সোমাই পৰিছিল তেওঁ চৰিত্ৰটোত। “All the animals come out at night.”-আৰু তেনে এক চৰিত্ৰই দেখিবলৈ পোৱা যায় এই বোলছবিত। প্ৰাক্তন মেৰিন তথা বৰ্তমানৰ এজন টেক্সি ড্ৰাইভাৰ ৰূপী ট্ৰেভিছ(ৰবাৰ্ট-ডি-নেৰ’)ৰ  অকলে কোঠাত সোমাই বন্দুকৰ সৈতে খেলি থকা এনে কিছুমান দৃশ্য আছিল ভয়ংকৰ তথা মনোগ্ৰাহী। যি বোলছবিখনক উপভোগ্য কৰি তুলিছিল। ছবিখনত তেওঁ এটা ম’হৱাক কাট দিছিল, ক’লা চশমা পিন্ধিছিল আৰু তেওঁ আছিল হিংস্ৰ, বিপদজনক। ছবিত তেজৰ খেলা হোৱাৰ পাছত আমি হয়তো ভাবিছিলো সেই হিংস্ৰতাৰ অন্ত পৰিছে, কিন্তু গাড়ীৰ আইনাত যেতিয়া নায়কৰ হিংস্ৰ চকুহাল দেখা যায় তেতিয়া বুজিব পাৰো সেইয়া অন্ত হোৱা নাই, আৰু তেজৰ খেলা হ’ব বাকী আছে। ছবিখনত প্ৰথমতে দেখা সহজ যেন লগা নায়ক লাহে লাহে হৈ পৰে হিংস্ৰ। তেওঁৰ সেই দুৰ্দান্ত অভিনয়ৰ বাবে তেওঁ অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনয়ন লাভ কৰিছিল।

Taxi Driver Cast and Crew


ছবিইখনক সফল কৰাত আন দুজন অভিনেতা তথা অভিনেত্ৰীৰ দুৰ্দান্ত অভিনয়ৰ অৱদান আছে। আমি দেখিবলৈ পাম তেৰ বছৰীয়া কিশোৰী অভিনেত্ৰী জ’ডী ফ’ষ্টাৰক। এজনী গণিকাৰ অভিনয় কৰা অভিনেত্ৰী গৰাকীয়ে এজনী সমস্যা জৰ্জৰিত অস্থীৰ কিশোৰী, যি বিচাৰি ফুৰিছিল তাৰ পৰা ওলোৱাৰ উপায়, যিটোৰ ব্যৱস্থা কৰিছিল ট্ৰেভিছে। হাৰভে কিটালে অভিনয় কৰিছিল এজন কিশোৰী গণিকাৰ দালাল হিচাপে। কিশোৰীৰ লগত যৌন ক্ৰীড়া কৰিব খোজা ব্যক্তিসকল আছিল তেওঁৰ ধন ঘটাৰ আহিলা। ট্ৰেভিছৰ প্ৰথম চিকাৰ আছিল এই মেথিউ(হাৰভে কিটাল)। তেওঁলোকৰ অভিনয় আছিল দুৰ্দান্ত।

ছবিখনৰ সফলতাৰ আন এটা দিশ হ’ল ছবিখনৰ সংগীত তথা চিনেমাট’গ্ৰাফী। বাৰ্ণাৰ্ড হাৰমেনৰ সংগীত আছিল ছবিখনৰ চালিকা শক্তি স্বৰূপ। ছবিখনৰ চিনেমাট’গ্ৰাফাৰ আছিল মাইকেল ছেপমেন। ৭০ দশকৰ নিউ য়ৰ্কৰ টাইমছ স্কোৱাৰৰ বিভিন্ন দিশ যেনে: মুকলি ড্ৰাগছৰ বেহা, মাছাজ পাৰ্লাৰ, ট্ৰিপল এক্স ছবিৰ ছবিঘৰ, স্ত্ৰীপ শ্ব’ আদিবিলাক দেখুৱাইছিল বোলছবিখনত। স্ক’ৰছেজিয়ে সেই পৃথিৱীখন কেমেৰাত সুন্দৰকৈ বন্দী কৰিবলৈ সক্ষম হৈছিল।

ছবিখনৰ এটা উল্লেখযোগ্য় দিশ হ’ল ছবিখনৰ হিংস্ৰতা। গুলীত আঙুলি চিগি যোৱা, দেৱালত মানুহৰ মুৰৰ অংশ ছিটিকি পৰা, আঙুলিৰ পৰা তেজ ওলাই অহা আদি ধৰণৰ দৃশ্য সমূহ আছিল বাস্তৱ যেন লগা, আৰু ১৯৭৬ চন হিচাপে এই দৃশ্য সমূহ আছিল অতি উন্নত মানৰ। হিংসা আমি আন বোলছবিতো দেখা পাইছো, কিন্তু এইখন আছিল অলপ ব্যতিক্ৰম।

এক ভয়ানক সপোন যেন লগা কিন্তু উপভোগ্য ছবিখনক স্ক’ৰছেজীয়ে অতি দক্ষতাৰে পৰিচালনা কৰিছিল। এটা সুন্দৰ কাহিনীক স্ক’ৰছেজিয়ে বোলছবিৰ আকাৰত ৰূপান্তৰিত কৰি তৈয়াৰ কৰিছিল এখন ‘ডাৰ্ক মাষ্টাৰপিচ’ হিচাপে। ছবিখনত অশ্লীলতা, নগ্নতাৰ মুক্ত উপস্থাপন সেই সময়ৰ বোলছবিৰ এক ব্য়তিক্ৰমি উপাদান। সেয়ে হয়তো সকলোফালৰে পৰা সফল এইখন বোলছবিক সকলোৱে ক’ব বিচাৰে মাৰ্টিন স্ক’ৰছেজি, ৰবাৰ্ট ডি নেৰ’ৰ কেৰিয়াৰ তথা হলিউডৰ ৭০ দশকৰ বোলছবিৰ বাবে এক মাইলৰ খুটিস্বৰূপ বুলি।

 
দেৱপ্ৰতীম হাজৰিকা, বিহপুৰীয়া

No comments

Powered by Blogger.