মাঘ বিহুৰ মেজিৰ তাৎপৰ্য্য - কৰবী মহন্ত কলিতা
শাওনৰ সেউজীয়া পথাৰখন আঘোণত সোণালী হৈ পৰে। প্ৰস্তুতি আৰম্ভ হয় লখিমী আদৰাৰ। ওচৰ চাপি আহে মাঘ বিহু। আৰম্ভ হয় মেজি সজাৰ প্ৰতিযোগিতাৰ। শাওনৰ পথাৰখনত। এৰি অহা নৰাৰে চেমনীয়াসকলে মেজি সাজে। গ্ৰাম্যাঞ্চলৰ ডেকা, কিশোৰ, চেমনীয়াসকলে বিহুৰ এপষেক আগৰপৰাই অশেষ কষ্ট , আনন্দ, উৎসাহ , উদ্দীপনাৰে কাঠ, বাঁহ, নৰা আদি যোগাৰ কৰি মেজি সজাৰ আয়োজনত ব্যস্ত হৈ পৰে।
আদিম মানুহে অৰণ্যত শিলে শিলে ঘঁহনি খাই জ্বলি উঠা জুই দেখি বিস্মিত হৈ পৰিছিল। প্ৰকৃতিৰ এই পৰিঘটনাবোৰ অলৌকিক কাৰ্য্য বুলি ভাবি প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ পূজা অৰ্চনা কৰিছিল। এনেকৈয়ে এদিন মানৱ সমাজত অগ্নিপূজাৰ প্ৰচলন হবলৈ ধৰে। ভাৰতবৰ্ষ পূজা পাৰ্ৱণৰ দেশ। ভাৰতবৰ্ষত অগ্নিপূজাৰ প্ৰচলন প্ৰাচীন কালৰে পৰা চলি আহিছে। ইয়াৰ ব্যতিক্ৰম নহয় অসম। বিহু অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ।অসমীয়া জাতীয় উৎসৱ তিনিওটা বিহুতে অগ্নিক ভিন ভিন ধৰণে পূজা কৰা হয়, যদিও মাঘ বিহুত অগ্নিক উচ্চ আসনত বহুৱাই পূজা কৰা হয়। মাঘ বিহুত অগ্নিপূজা পূজা কৰাৰ উদ্দেশ্যে মেজি সজা হয়। মেজিবোৰ আহোম ৰজাদিনীয়া দৌলবোৰৰ আৰ্হিত সজা। মেজিৰ কাষে কাষে মেজিঘৰ বা ভেলাঘৰ সজা হয়।
মাঘ বিহুত মেজি জ্বলোৱাটো অসমীয়া সমাজত সাতাম সাতামপুৰুষীয়া পৰম্পৰা। মেজি শব্দটো "মেধ্য" শব্দৰ পৰা আহিছে। বৈদিক কালত অগ্নিক বিধি অনুসাৰে পূজা অৰ্চনা কৰাৰ দৰে অসমীয়া সমাজত মাঘ বিহুত মেজি জ্বলাই ঘি, তিল, লাৰু, পিঠা আদি দি পূজা অৰ্চনা কৰা হয়।মেজিৰ জুইৰ দ্বাৰা অশুভ আৰু অসুয়া শক্তি বিনাশ হয় বুলি অসমীয়া জনমানসত বিশ্বাস আছে ।
বিহুৰ দোমাহীৰ দিনা ধল পুৱাতে অগ্নি দেৱতাৰ নাম লৈ মেজিত জুই দিয়া হয়। অগ্নি দেৱতালৈ সেৱা জনাই তামোল- পাণ আগবঢ়োৱা হয়। মেজি জ্বলোৱা সময়ত পানী হিলৈ ফুটোৱা হয়। মেজি পোৰাত অগ্নিপূজা কৰাৰ পিছত মাহ- কৰাই অগ্নি দেৱতাক উদ্দেশ্যি আগবঢ়োৱা হয়।মেজিৰ ওচৰত মাহ- কৰাই আগবঢ়ালে মনৰ ইচ্ছা পূৰণ হয় বুলি জনবিশ্বাস আছে।
পুৰুষ আৰু নাৰীৰ মিলনতে বৰ্তি আছে নতুন সৃষ্টি। মাঘ বিহুত মহাশক্তি অগ্নিক স্মৰি দুটাকৈ মেজি সজা হয়। মেজিত জুই দিয়াৰ পিছত দুয়োটা মেজিৰ অগ্নি শিখা ওপৰত মিলিত হ'লে ৰাইজৰ মঙ্গল হয় বুলি অসমৰ জনসমাজত লোকবিশ্বাস আছে।
শীতৰ ঠেৰেঙা লগা শৰীৰত তাপ সঞ্চাৰ কৰিবৰ বাবে মেজি লোক উৎসৱৰ আৰম্ভণি। কালক্ৰমত ই পৰম্পৰাত পৰিণত হ'ল। কিন্ত
বৰ্তমান গোলকীকৰণৰ প্ৰভাৱত মেজি জ্বলোৱা আগৰ সেই পৰম্পৰা ক'ৰবাত যেন আমি এৰি আহিছো। পৰিৱৰ্তন সমাজত প্ৰতিটো পদতে প্ৰতিযোগিতাৰ দৌৰ। মেজি সজাৰো আৰম্ভ হৈছে প্ৰতিযোগিতা । কোনোবাই যদি সাজে টাইটানিক আকৃতিৰ, কোনোবাই সাজে আকৌ দুই তলা তলাতল ঘৰ। সি যি কি নহওঁক সময়ৰ লগত পৰিৱৰ্তনো কিছু মানি ল'ব লাগিব। মাথো আমাৰ সাতাম পুৰুষীয়া এই কৃষ্টি জীয়াই থাকক আৰু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰক।
কৰবী মহন্ত কলিতা
দীপলাং
মন্তব্য কৰক