শালগ্রাম, তুলসী আৰু শঙ্খৰ জন্ম ৰহস্য ✍ কৰবী মহন্ত কলিতা
পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ আগমন ঘটে, দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ ভগৱানে অৱতাৰ গ্ৰহণ কৰে৷ স্বর্গ, মর্ত্য, পাতাল; এই তিনি লোকৰ সৃষ্টি, স্থিতি আৰু প্রলয়ৰ মূল ভগবান বিষ্ণু ৷ যুগে যুগে বিভিন্ন ৰূপে অৱতাৰ গ্ৰহণ কৰি আহিছে৷
ত্ৰিভুৱন বিজয়ী বীৰ শঙ্খচূড় ৷ কৃষ্ণ অৱতাৰত শঙ্খচূড় প্রবল প্রতাপী হৈ উঠিছিল ৷ শঙ্খচূড়ৰ ভাৰ্যা আছিল লক্ষ্মীভক্ত ৰজা ধৰ্মধ্বজ আৰু ৰাণী মাধৱীৰ কন্যা তুলসী ৷ তুলসী আছিল লক্ষ্মী অংশে জাতিকা অপৰূপা আৰু ৰাজলক্ষ্মী চিহ্নযুক্তা ৷ তূলসীয়ে বিষ্ণুক স্বামীৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল ৷ তুলসীৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাই তুলসীক দেখা দি বিষ্ণু অংশজাত মঙ্গল কৱচ যুক্ত দৈত্যপতি শঙ্খচূড়ক পতিৰূপে গ্ৰহণ কৰিবলৈ উপদেশ দিছিল ৷
শঙ্খচূড়েও যৌৱনকালত এজনী পৰমা সুন্দৰী, সুযোগ্যা আৰু পতিব্ৰতা পত্নী লাভ কৰিবৰ আশাৰে বহু বছৰ কৃষ্ণৰ আৰাধনা কৰিছিল৷ ব্ৰহ্মাই দেখা দি তুলসীক পত্নীৰূপে গ্ৰহণ কৰাৰ উপদেশ দিছিল ৷ ব্ৰহ্মাৰ কথামতে শঙ্খচূড় বদৰিকাশ্রম পাইছিল ৷ শত্মচূড় আৰু তুলসী দুয়ো দুয়োৰে ৰূপ- গুণত পুলকিত হৈছিল ৷ সেই সময়তে ব্ৰহ্মাই দুয়ােজনকে দেখা দি কৈছিল, (ই শত্মচূড় তুমি এইজনী তুলসীক গন্ধর্ব প্ৰথামতে বিবাহ কৰোৱা ৷ তুলসীৰ সতীত্বৰ প্রভাৱত তুমি দৈত্য… দানৱ, দেৱতা, মানৱ সকলোকে জয় কৰিব পাৰিৰা ৷ ব্ৰহ্মাই তুলসীসৈ চাই ক'লে , (হে দেৱী তুমি লক্ষ্মী অংশে জন্মগ্রহণ কৰা মহাসতী) ৷ শঙ্খচূড় বিষ্ণুৰ অংশে জন্মগ্রহণ কৰা ৰাধাৰ দ্বাৰা অভিশপ্ত সুদামা ৷ বিষ্ণুৰ পৰমভক্ত ৷ মহাবীৰ, মহাপৰাক্রমী ৷ বিষ্ণুৰ ম্যাল কবচ এ ওঁৰ গােত আছে ৷ এ ওঁক বিষ্ণুৰ বাহিৰে হৃকোনেও পৰাজিত কৰিব নোৱাৰে ৷ ব্ৰহ্মাই ইয়াকাে কৈছিল যে , যেতিয়ালৈকে তুলসীযে সতীত্ব বিসর্জন নিদিয়ে তেতিয়া লৈকে দুয়ো অমৰ হৈ থাকিব ৷
ব্ৰহ্মাৰ কথামতে দুয়ো গন্ধর্ব বিবাহ সম্পন্ন কৰি বহুবছৰ বদৰিকাশ্ৰম দাম্পত্য জীৱন কটাইছিল ৷ শঙ্খচূড় নিজ ভাৰ্য্যা তুলসীক লৈ গৈ স্বৰ্গ মর্ত্য, গন্ধর্ব লোক, পাতালপুৰী, ইন্দ্রলোক জয় কৰি প্রবলপ্রতাপী হৈ পৰিছিল ৷ শঙ্খচূড় প্রবলপ্রতাপী হৈ বাৰে বাৰে দেৱতাৰ যজ্ঞ ধ্বংস কৰিব ধৰিলে ৷ দেৱতাসকল ঊপায়ন্তৰ হৈ নাৰদৰ কথামতে শিৱৰ ওচৰ পালে ৷ দেৱতাৰ প্রাথনাত শিৱ সন্তুষ্ট হৈ দৈত্য নিধন আৰু যজ্ঞ ৰক্ষাৰ ভাৰ ল'লে ৷
শত্মচূড় আৰু মহাদেৱৰ মাজত তুমুল যুদ্ধ হ'ল ৷ কিন্তু স্বয়ং সংহাৰকর্তা মহাদেৱৰো শঙ্খচূড়ক বধ কৰিব পৰা শক্তি নাছিল ৷ তেতিয়া ভগবান শ্রী কৃষ্ণই দেৱতাসকলক শত্মচূড় আৰু তুলসীৰ জন্মবৃত্তান্ত ক'লে ৷ এদিন ভগবান শ্রী কৃষ্ণ , লক্ষ্মীৰ সৈতে অম্বেষপুৰত আছিল ৷ সেই সময়ত শ্রী কৃষ্ণৰ দ্বাৰ ৰক্ষক আছিল সুদাম ৷ ঠিক সেইসময়তে ৰাধাই কৃষ্ণক দেখা কৰিবলৈ আহিছিল ৷ সুদামে ৰাধাক বাট এৰি নিদি কূ বাক্য প্রয়োগ কৰাত , ৰাধা ক্ৰোধাম্বিত হৈ সুদামক অসুৰ হবলৈ অভিশাপ দিলে ৷ সুদামে যদুবংশত শঙ্খচূড় ৰূপে জন্ম ল'লে ৷ তেতিয়া ভগবান শ্রী কৃষ্ণই সুদামক প্রবোঘ দি ক'লে, হে শঙ্খচূড় তুমি ৰাধাৰ অভিশাপত দৈত্য কুলত জন্মগ্রহণ কৰিলেও মোৰ অংশৰ পৰা জন্ম সৈ বিষ্ণুৰ ভক্ত হ'বা ৷ তেওঁৰ ইচ্ছা অবিহনে তােমাক কােনেও বধ কৰিব নােৱাৰিব ৷
আনহাতে তুলসী আছিল পূর্বজন্মত বৃন্দাবনী নামে কৃষ্ণৰ ভাৰ্য্যা ৷ এদিন গণেশ ধ্যানত মগ্ন হৈ থাকােতে বৃন্দাবনীয়ে তেওঁৰ পৰীক্ষা লবলৈ গণেশৰ আগত নৃত্য কৰিছিল ৷ তেতিয়া গণেশে ক্ৰোধাম্বিত হৈ বৃন্দাবনীক অলুৰৰ অসুৰৰ ভার্য্যা হবলৈ অভিশাপ দিলে ৷ ভগবান শ্রী কৃষ্ণই বৃন্দাবনীকাে প্ৰবোধ দি কৈছিল, (হে দেবী তুমি ভাৰতভুমিত জন্মলাভ কৰি মোৰ অংশ দেৱ নাৰায়ণক স্বামীৰূপে পাবা )৷ ভগবান বিষ্ণুৱে দেৱতাসকলক তুলসীৰ জন্মবৃত্তান্ত কৈ মহাদেৱক এডাল ত্রিশূল প্রদান কৰি সেই ত্ৰিশূল ডালেৰে শঙ্খচূড়ক বধ কৰিবলৈ কৈছিল ৷ বিষ্ণুৱে কৈছিল,মোৰ ভক্ত হৈ শঙ্খচূড় মোৰ কবচ ধাৰণ কৰি(ছ ৷ গত্যিক বিষ্ণুৰ ত্রিশূলৰ দ্বাৰা শঙ্খচূড়ক বধ কৰিব পাৰিব ৷ শঙ্খচূড়ৰ গাত বিষ্ণুৰ কবচ থকালৈকে আৰু ব্ৰহ্মাৰ বৰপ্রাপ্ত তুলসীৰ সতীতু থকা লৈকে শঙ্খচূড়ক বধ কৰিব পৰা নাযাব, ব্ৰাহ্মণৰ বেশ ধৰি বিষ্ণুৱে শঙ্খচূড়ৰ পৰা কবচটো খুজি আনিব ৷ মহাদানী শঙ্খচূড় ব্ৰাহ্মণক কেতিয়াও বিমুখ নক(ৰ ৷আনহাতে শঙ্খচূড়ৰ ৰূপ ধৰি বিষ্ণুৱে তুলসীৰ হৰণ কৰিব।
শিৱ আৰু শঙ্খচূড়ৰ মাজত যুদ্ধ হয় ৷ যুদ্ধত শিৱ পৰাম্ভ হয় ৷ ভগবান ভক্তৰ অধীন ৷ হৰিভক্ত মুদ্ৰাধিপতি অশ্বপতিয়ে শঙ্খচূড়ক বন্দী করে ৷ সেই সময়ত শ্রী কৃষ্ণই ব্ৰাহ্মণৰ বেশ ধৰি মুক্তিৰ বিনিময়ত শঙ্খচূড়ৰ পৰা মঙ্গল কবচ বিচাৰে ৷ দানী আৰু অহংকাৰী শঙ্খচূড় মুক্তিৰ বিনিময়ত কৱচটো ব্ৰাহ্মণক দিয়ে ৷ শিৱ আৰু শঙ্খচূড়ৰ যুদ্ধ চলি থকাৰ সময়তে শ্রী কৃষ্ণই তুলসীৰ শয়ন কক্ষত প্রবেশ কৰি তুলসীৰ সতীত্ব হৰণ কৰিলে ৷
যেতিয়া তুলসীয়ে কৃষ্ণক প্রকৃত স্বামী নহয় বুলি জানিলে , ক্রে1ধান্বিত হৈ শ্রী কৃষ্ণৰ দেহ শিল হৈ যাবলৈ অভিশাপ দিলে৷ তেতিয়া শ্রী কৃষ্ণই নিজৰ পৰিচয় দি ক'লে, পূর্বজন্মত বৃন্দাবনী ৰূপে তুমি মোৰ ভাৰ্য্যা আছিলা ৷ গণেশৰ শাপত তুলসীৰূপে জন্ম ল'লা ৷ গতিকে ময়ো দিলো অভিশাপ ৷ মোৰ শাপ নহয় খণ্ডন ৷ মোৰ শাপত তােমাৰ দেহ গণ্ডোকী নদী ৰূপে জন্ম ল'ব আৰু তােমাৰ সুদীর্ঘ চুলি বৃক্ষৰূপে জন্ম হ'ব ৷ এই বৃক্ষৰ নাম হ'ব তুলসী ৷ তােমাৰ শাপত মই শিল হৈ তােমাৰ বুকুতে থাকিম ৷ এই শিলাৰ নাম হব শালগ্ৰাম ৷ দেৱতা, ব্রাহ্মণ, বৈষ্ণৱে এই শালগ্ৰামত পূজা কৰিব আৰু তােমাৰ বৃক্ষপাত সদাই মোৰ বুকুৰ মাজত থাকিব ৷ তূলসী(য় তেতিয়া স্বামী শঙ্খচূড়ৰ কি হব সােধাত, শ্রী কৃষ্ণই ক'লে যে শিৱৰ হাতত শঙ্খচূড় নিধন হব ৷ শিৱই সেই মৃতদেহ গণ্ডোকী অর্থাৎ তােমাৰ দেহত (পলাই দিব ৷ সেই দেহৰ পৰা শঙ্খচূড়ৰ জন্ম ই'ব ৷ আমাৰ পূজাৰ সময়ত সেই বাদ্য বজাব ৷
শ্রী কৃষ্ণৰ শাপত তুলসীয়ে গণ্ডোকী নৈৰ ৰূপ ধাৰণ কৰিলে ৷ তুলসীৰ শাপত শ্রী কৃষ্ণৰ অংশৰ পৰা শালগ্ৰাম শিলাৰ জন্ম হল ৷ আনহাতে শঙ্খচূড় মহাদেৱৰ হাতত নিধন হয় ৷ মহাদেৱে শঙ্খচূড়ৰ দেহ গণ্ডোকী নৈত পেলাই দি শঙ্খচূড় ৰূপে জন্ম লবলৈ ক'লে ৷ এনেদৰে শালগ্ৰাম, শঙ্খ আৰু তূলসীৰ জন্ম হল ৷ শালগ্ৰাম শিলাক হিন্দুসকলে বিষ্ণু মূর্তিৰূপে পূজা কৰে ৷ তুলসীক পবিত্র আৰু লক্ষ্মীৰ অৱতাৰৰূপে পূজা কৰে৷
মন্তব্য কৰক