Header Ads

ভটা গুটি, শেন মেলা, কণী যুঁজকে আদি কৰি প্ৰচলিত অসমৰ পৰম্পৰাগত খেল ধেমালি সমূহ

বুলবুলি চৰাই যুঁজ:




কথিত কাহিনী অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে।

   বিশেষ ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰা হয় আৰু এমাহ মান যুঁজৰ প্ৰশিক্ষণ দিয়া হয়। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলি বোৰ উত্তেজিত কৰি ৰখা হয় আৰু পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়।


  যুঁজত দুটা বুলবুলিয়ে অংশ লয় আৰু যিটো চৰাই বিজয়ী হয়, তাক পাছৰ যুঁজলৈ বাচনি কৰা হয়। যুঁজত হৰা বুলবুলি চৰাইবোৰক আঁতৰাই দিয়া হয়। সাধাৰণতে এডোখৰ ভীমকলৰ লোভ দেখুৱাই দুটা বুলবুলিৰ মাজত যুঁজ লগোৱা হয়। যুজঁ পৰিচালনা কৰা লোকজনক "মাহচিং" বোলা হয় । যুঁজত দেখুওৱা পাৰদৰ্শিতাৰ ভিতৰত তিনিটা বুলবুলি চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰ প্ৰদান কৰা হয়, চৰাইৰ মালিকে এই বঁটা লাভ কৰে। যুঁজ শেষ হোৱাৰ পাছত চৰাইবোৰ মুকলি কৰি দিয়া হয়। বৰ্তমান বুলবুলি চৰাইৰ যুঁজ হাজো অঞ্চলত প্ৰচলিত হোৱা দেখা যায়। 

কণী যুঁজ : 




কণী যুঁজ অসমৰ এটি পৰম্পৰাগত খেল৷ ব’হাগ বিহুৰ আগৰেপৰাই  আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে৷ যুঁজত সাধাৰণতে পাতিহাঁহৰ কণীৰে যুঁজাই৷ টান কণীৰ নাম সৈয়া ( বা হৈয়া)৷ কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে৷ যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন৷ ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়৷এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে৷ যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে৷  কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়৷ এনে কণীক কোৱা হয়- ‘সাত বিহুৰ সৈয়া কণী’৷ কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে৷

                                                 ম'হ যুঁজ :




অসমৰ  প্ৰাচীন পৰম্পৰাগত  খেল । আহোম স্বর্গদেউসকলৰ দিনৰে পৰা এই খেল প্ৰচলন হৈ আহিছে । স্বর্গদেউ প্ৰমত্তসিংহই বিশেষকৈ এই খেল উপভোগ কৰিবৰ বাবেই ৰংঘৰ নির্মাণ কৰোৱাইছিল ।সাধাৰণতে মাঘ বিহুত ম'হ যুঁজ অনুষ্ঠিত কৰা হয় যদিও ব'হাগ বিহুতো দুই-এঠাইত এই খেল নোহোৱা নহয় । আগৰ ৰুপহী পথাৰ, হামদৈ পথাৰ, কেকাই পথাৰ আদি ম'হ যুঁজৰ বাবে গোটেই অসমতে বিখ্যাত আছিল । বর্তমান আহঁতগুৰি অঞ্চলটো ম'হ যুঁজৰ বাবে অসম বিখ্যাত ।যুঁজৰ বাবে ম'হক বহুদিনৰ আগৰে পৰা ভালকৈ সাজু কৰা হয় । এই খেলত দুটা গোনা ম'হক পৰস্পৰে পৰস্পৰৰ লগত যুঁজ লগাই ৰং চোৱা হয়, প্ৰাণে মৰাৰ বাজি নাথাকিলে যুঁজত যিটো ম'হ পলাই যায় তাক পৰাজিত বুলি ধৰা হয় । এই খেলত ম'হৰ হিচ্-হিচনী, ফুচ্-ফুচনী, শিঙে শিঙে খুন্দা মৰাৰ ফলত ওলোৱা জুইৰ ফিৰিঙতিয়ে ৰাইজক আনন্দ দিয়ে । ম'হৰ দুটা শিং....এটা ৰং শিং (সোঁফালৰটো) আনটো খং শিং (বাওঁফালৰটো); যেতিয়া ম'হে খং শিঙেৰে যুঁজ আৰম্ভ কৰে তেতিয়া সিহঁতৰ যুঁজ বহু সময় ধৰি চলে । ম'হ যুঁজ অনুষ্ঠিত কৰাৰ আঁৰত এটা কাৰণো আছে । আহিন মাহত খেতি শেষ হোৱাৰ পাচত খাই খাই ম'হৰ গৰল ধৰে । তেতিয়া সিহঁতক বলোৱাটো কঠিন হৈ পৰে, গতিকে ম'হক যুঁজ লগোৱাই ঠাণ্ডা কৰা হয় । ম'হ যুঁজ পৰিচালনা কৰিবলে ৪-৫ জনমান পাহোৱাল ডেকাই হাতত টাঙোন লৈ যুঁজ লগা ম'হ কেইটাৰ কাষত থাকে । যুঁজত হাৰি যেতিয়া এটা ম'হ পলাই আনটোৱে খেদি যায়; তেতিয়া তেওঁলোকে টাঙোন লৈ জিকা ম'হটোক বাধা দিয়ে । যুঁজৰ শেষত বিজয়ী ম'হটোৰ গৰাকীক বটাঁ-বাহন দি পুৰস্কৃত কৰা হয় ।

শেন মেলা : 



পুৰণি কালত বিহুৰ দিনত শেন মেলা বা শেন খেলত শেন চৰাইক কণুৱা (এবিধ মাছ খোৱা চৰাই) চৰাই মাৰিবলৈ উৰুৱাই দিয়া হয় । এই শেন খেলত তদাৰক কৰিবলৈ আহোমৰ দিনত শেনচোৱা বৰুৱা, শেনচোৱা বৰা আদি ৰজাঘৰীয়া বিষয়াও আছিল । শেন মেলাত ভাগ লোৱা শেনৰ চাহপচা, কোমাৰুবচা, অৰংগীবচা আৰু ইৰাণিবচা --এই চাৰিটা প্ৰকাৰ আছিল । সেইবিলাককো আকৌ চিতচৰে, বেচেৰা, কুহিশেন, বহৰি আদি ভিন্ন ভাগত ভাগ কৰা হৈছিল । ইয়াৰে বহৰি আৰু কুহিশেনক উত্কৃষ্ট বুলি ধৰা হৈছিল । খেলৰ দিনাখন পূর্বতে নানান কায়দা-কৌশল শিকোৱা শেনৰ পৰীক্ষা লোৱা হয় । পৰীক্ষাৰ সময়ত প্ৰথমে শেনৰ চকুত 'গিলিপ' (চকু ঢকা কাপোৰ) লগোৱা হয় । এঠাইত এটা পাৰ চৰাই বান্ধি শেনৰ চকুৰ পৰা গিলিপ গুচাই, ঠেঙত ৰছী লগাই এৰি দিয়ে । নিয়ম অনুসৰি শেনটোৱে পাৰটোক কোবাই ঘূৰি আহিব লাগে । এনেদৰে যদি শেনে পাৰটোক আঘাত কৰি ঘূৰি আহে, তেতিয়া সি পৰীক্ষাত উত্তীর্ণ হৈছে বুলি ধৰা হয় । এনেদৰে শেনক পৰীক্ষা কৰাক 'বাউলি দিয়া' বোলে । এই বাউলি দিয়া চাবলৈ বহু মানুহৰ সমাগম হয় ।খেলৰ দিনাখন আগতে সাজি থোৱা চোঙৰ পৰা কণুৱাবোৰ উৰুৱাই দিয়ে । কণুৱাবোৰ কিছুদূৰ পোৱাৰ পাচত শেনচোৱাই গিলিপ আৰু ঠেঙৰ ৰছী খুলি দিয়ে । লগে লগে শেনে কণুৱালৈ চোঁচা মাৰি আকাশত সিঁচৰতি হৈ পৰা কণুৱাবোৰক আঘাত কৰে । এই আঘাতত দুই-চাৰিটা কণুৱাৰ পাখি ভাগি মাটিত পৰেহি । যাৰ শেনে বেছি কণুৱা আঘাত কৰি পেলাব পাৰে, তেৱেঁই বিজয়ী হয় । আগৰ দিনত শেন মেলা আছিল এটা অতি উত্তেজনাপূর্ণ খেল । বিজয়ীজনে অনেক বঁটা-বাহন পাইছিল । আজিকালি অৱশ্য শেন মেলা বা খেলৰ প্ৰচলন নোহোৱা হ'ল ।





ভটা-গুটি বা টাং-গুটি : 



ভটা-গুটি নামেৰে জনাজাত এবিধ অতি পুৰনি দিনৰ খেল। অসমৰ কিছুমান ঠাইত ইয়াক টাং-গুটি নামেৰেও জনা যায়। চেমনীয়াসকলে গৰুৰ পাল চৰাবলৈ যোৱাৰ সময়ত পথাৰত সমনীয়াহঁতৰ লগত খেলা হয়।  খেলত ৬ ইঞ্চি মান দীঘল বাঁহ বা কাঠৰ মাৰি এডাল থাকে। প্ৰতিজনে খেলুৱৈ হাতত এডাল বাঁহ বা কাঠৰ দীঘল লাঠী লৈ থাকে। সাধাৰণ বহল খোলা জেগাত এই খেল খেলা হয়। খেলৰ সময়ত মাটিত প্ৰায় ৪ ইঞ্চি মান দ গাত এটা কৰি লোৱা হয়, যাক স্থানবিশেষ গফ/গপ বুলি কোৱা হয়। দুটা দলত বিভক্ত হৈ এই খেল খেলা হয়। প্ৰত্যেক দলতে মুঠ ৬ জনকৈ খেলুৱৈ থাকে। উপস্থিত খেলুৱৈৰ সংখ্যা অনুসৰি সদস্যৰ সংখ্যা বঢ়া-টুটা হ'ব পাৰে। প্ৰত্যেক খেলুৱৈয়ে হাতত বাঁহ বা কাঠৰ এডাল লাঠি লৈ দলত অৰ্ন্তভুক্ত হব লাগে ।


নাওখেল: 


 অসমত প্ৰচলিত  নাও খেল আৰু  নাওখেলৰ গীত  অসমৰ লোকসংস্কৃতিৰ এক অন্যতম উপাদান৷ অসম এক নদীমাতৃক দেশ সেয়েহে পানীৰ লগত জড়িত খেলসমুহ অতিপুৰণি ৷ ইয়াৰ ভিতৰত নৌকা চালনা মূখ্য ৷ পুৰণি কামৰূপ সাম্ৰাজ্যৰ আশে পাশে উদ্ধাৰ হোৱা শিলালিপি, তাম্ৰপত্ৰৰ অনুদান আৰু সত্ৰীয়া কাকত-দলিলসমুহেও তাকে প্ৰমাণ কৰে ৷ বৰ্তমানেও নাওখেল অত্য়ন্ত জনপ্ৰিয় খেল ৷ বিশেষত বৰ্তমান সংবাদ মাধ্যমৰ প্ৰচাৰৰ ফলত ই বহুলভাৱে প্ৰসাৰ পাইছে ৷ নামনি অসমৰ বৰপেটা, নলবাৰী আৰু পলাশবাৰী লগতে গোৱালপাৰা অঞ্চলত এই খেলে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে ৷ এইখেলে বৰ্তমান এক প্ৰতিযোগিতামুলক সাৰ্বজনীন ৰূপ লৈছে ৷ বিহূ আৰু দূৰ্গা পূজা দুয়ো উৎসৱৰ লগত সংগতি ৰাখি এই অনুষ্ঠান পতা হয় ৷ নামনি অসমৰ নৈ-উপনৈসমূহ এক ৰঙীন ৰূপ লয় ৷ এই নাওখেলৰ নাওসমুহ সাধাৰণ নাওতকৈ দীঘল আৰু ভিন্ন প্ৰতীক আৰু ৰংবিশিষ্ট ৷ নাওখেলৰ লগত জড়িত আন এক লোকাচাৰ হৈছে নাওখেলৰ গীতসমুহ ৷ ইয়াকে নাৱৰীয়া গীত বোলে ৷ গীতসমূহত থলুৱা জীৱনৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায় ৷ 




[সংগৃহীত]

No comments

Powered by Blogger.