অসমাপ্ত অপেক্ষা : দীক্ষাৰাণী গগৈ
" আহ ঐ আহ, ওলাই আহ
খেদ ঐ খেদ, বিদেশীক খেদ "......।
" জাগি উঠক ৰাইজ, জাগি উঠক
অসমী আইক উদ্ধাৰ কৰক "....... চিঞৰ বাখৰবোৰ শুনি অনিমা ওলাই আহিল, ক'ত কি হৈছে চাওঁ বুলি ।ওলাই আহি দেখিলে কিছুমান ছাত্ৰ-ছাত্রীয়ে ৰাজপথটোত এটা সমদলৰ সৃষ্টি কৰিছে । এইয়া যে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰোধী এক প্ৰতিবাদী সমদল সেইয়া অনিমাই ভালকৈয়ে বুজিলে ।আজি অসমীয়া জাতি জাগি উঠাৰ সময় আহি পৰিছে । কাৰণ এইয়া যে দেশ, জাতি, মাটি, ভেটিক ৰক্ষা কৰাৰ ক্ষণ - অনিমাই মনতে ভাবিলে । ছাত্ৰ-ছাত্ৰীৰ এই সমাদলটিয়ে অনিমাক অতীতলৈ লৈ গ'ল।
অনিমাৰ ভালদৰেই মনত আছে। অসম আন্দোলনৰ সময়ছোৱা। তেতিয়া অনিমাহঁত কলেজীয়া গাভৰু । আন্দোলনৰ বতাহজাকে অসমৰ অন্য অঞ্চলৰ ছাত্ৰ সমাজৰ লগতে সিহঁতৰ অঞ্চলৰ যৌৱনবোৰকো বাৰুকৈয়ে কোবাই গৈছিল ।অনিমাহঁত তেতিয়া স্নাতক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰী ।অনিমা আৰু সহপাঠী ৰিজু, মমি, বীণা, জানু, গায়ত্ৰী, অমৰ, সন্দ্বীপ, প্ৰণৱ, কৃষ্ণ আৰু অন্যান্য বহু ছাত্র-ছাত্রীয়ে অধ্যয়ন এৰি সেই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তাহাতৰ পিতৃ-মাতৃয়েও এই কাৰ্যত সমৰ্থন কৰিছিল। ছোৱালী যদিও ৰাতিও ওচৰৰ একেখন কলেজতে অধ্যানৰত বিমান দাদাহঁতৰ লগত সমানে জোৰ লৈ সমদল কৰিবলৈ ওলাই গৈছিল।তেতিয়াৰ অসম মহিলাৰ কাৰণে বিপদজনক ঠাই নাছিল।কথাবোৰ এতিয়া ভাবিলে অনিমাৰ সাধুৰ দৰেই লাগে।এই আন্দোলনটিয়ে আচলতে অনিমাৰ দৰে বহুতৰে জীৱনবোৰ সলনি কৰি পেলাইছিল ।
ছাত্ৰ-ছাত্ৰীসকলে অহিংস পন্থাৰেই আন্দোলনটি পৰিচালনা কৰিছিল । উদ্দেশ্য আছিল অসমী আইক অবৈধ বহিৰাগতৰ বোজাটিৰ পৰা মুক্তি দিয়া । একে সময়তে আকৌ আন একাংশই সশস্ত্ৰ পন্থা অৱলম্বন কৰিছিল আৰু গঢ়ি তুলিছিল সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ 'আলফা'ৰ ।সেই সংগঠনটিৰ উদ্দেশ্য একে আছিল, মাত্ৰ তেওঁলোকে হিংসা পন্থাৰে ভাৰত মাতৃৰ পৰা পৃথক এক সুকীয়া তথা স্বাধীন অসম গঢ়াৰ পোষকতা কৰিছিল । এই স্বাধীন অসমৰ সপোনটিয়ে অনিমাক তাইৰ আটাইতকৈ আপোনজনৰ পৰা বিচ্ছেদ কৰোৱাইছিল।
বিধৱা মাতৃৰ একমাত্ৰ সন্তান প্ৰণৱ চলিহা । পঢ়াই-শুনাই, খেলাই-ধূলাই অথবা সাহিত্য চৰ্চা সকলোতে সি আছিল আগৰণুৱা। পিতৃ বিহীন ল'ৰাটোক মাকে বৰ কষ্টৰে সৰুৰে পৰা প্ৰাপ্তবয়স্ক কৰিলে । মৃত দেউতাক আৰু মাকৰ সপোনবোৰ পূৰণৰ এক প্রয়াস প্ৰনৱেও সৰুৰে পৰাই কৰিছিল । আৰু অনিমা, প্ৰথমে বন্ধুত্ব আৰু লাহে লাহে জীৱন লগৰী হোৱাৰ এক সংকল্প, প্ৰেম প্ৰেম লগা কিছুমান অনুভৱ সিহঁতৰ মাজত পোখা মেলিছিল।কিন্তু এই সকলো ত্যাগ কৰি প্ৰণবে দেশমাতৃক স্বাধীন কৰিবলৈ বুলি হাবিলৈ গুচি গৈছিল।সি যেন মাকৰ আশা আৰু নিজৰ সপোনবোৰ ভৰিৰে মোহাৰি পেলাইছিল । আৰু তাইৰ সপোনটি যেন কলি মেলাৰ আগতেই মৰহি গৈছিল । দেশমাতৃৰ আহ্বানে অনিমাতকৈও বেছি অগ্ৰাধিকাৰ পাইছিল প্ৰণৱৰ জীৱনত ।
কিন্তু প্ৰণৱে কি পালে । নিষ্ঠুৰ শাসকে দুখুনী বিধৱা মাতৃগৰাকীকো ৰেহাই নিদিলে। আলফাৰ যোৱান বিচাৰি অহা নামত ভাৰতীয় সেনাই প্ৰতি নিশা সেই নাৰী গৰাকীক শাৰীৰিক-মানসিকভাৱে অপদস্থ কৰিলে। আনহাতে হাবিত গৈ সশস্ত্ৰ সংগ্রামেৰে অসম উদ্ধাৰৰ পণ লোৱা প্ৰণৱৰ নিচিনা প্ৰকৃত দেশপ্ৰেমীসকলে দেশপ্ৰেমৰ উপহাৰ পালে - সকৰুণ মৃত্যু ।আনহাতে দেশপ্ৰেমৰ ভণ্ড পোছাকধাৰীসকলে আজি ৰজা হৈ আকৌ দেশ খনক একে অৱস্থাৰ মাজলৈ ঠেলি পঠিয়াব খুজিছে । সেই সময়ছোৱাত হয়তো বহু প্ৰণৱৰ জন্ম হৈছিল যাৰ আজি কোনো চিন চাব নাই । সশস্ত্ৰ সংগ্ৰামী হোৱা হেতু সিহঁতে 'শ্বহীদ' আখ্যাও নাপালে । কিন্তু সিহঁতৰ দেশপ্ৰেম অন্যতকৈ কোনোগুণে কম নাছিল ।একমাত্ৰ অনিমাৰ দৰে নাৰী সকলে জানে হাজাৰ স্বপ্নক আধৰুৱা কৰি ভৰ যৌৱনত হাবিলৈ গৈ দেশ উদ্ধাৰৰ অভিলাষ বোৰ কিমান যন্ত্ৰণাদায়ক ।কাৰণ তাই অথবা তাইৰ দৰে নাৰীসকল কাৰোবাৰ আজন্ম প্ৰেমিক ।
আজিৰ অসমৰ পৰিস্থিতিয়ে অনিমাক আশীৰ দশকৰ অসমৰ পৰিস্থিতিক সোঁৱৰাইছে। সেই সময়ৰ যেন পুনৰাবৃত্তি হবলৈ গৈ আছে । অৱশ্যেই যেতিয়া দেশত শাসনৰ নামত শোষণ হয়, জনতাৰ জাগৰণ হবই । এই জাগৰণ আশাৰ জাগৰণ । কিন্তু অনিমাই নিবিচাৰে যে আকৌ কোনোবা প্ৰণৱৰ সৃষ্টি হওঁক। আকৌ কোনো নবীন দেশপ্ৰেমৰ নামত ভণ্ডামিৰ বলি হওক । কাৰণ হেৰুৱাৰ যাতনা কি তাই ভালদৰে বুজে । শিৰত সেন্দুৰ অঙ্কন নকৰাৰ প্ৰতিজ্ঞা কৰা অনিমাইহে জানে, শিৰত সেন্দুৰ নথকা অবিবাহিতাৰ মূল্য অসমত তেনেই নগণ্য । মনুহৰূপী দানৱৰে যেন ভৰি পৰিছে সকলোতে আৰু শুধৰণিৰ পথ যেন ৰুদ্ধ হৈ পৰিছে । অপেক্ষা এতিয়া কেৱল উপযুক্ত সময়লৈ। কাৰণ সময় কেৱল উপযুক্ত শিক্ষকেই নহয়, সঠিক সংস্কাৰকো ।
দীক্ষাৰাণী গগৈ
স্নাতক দ্বিতীয় ষাণ্মাসিক
জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট
মন্তব্য কৰক