Header Ads

শেষ ৰাতিৰ নিয়ৰ - অনুশ্ৰী দত্ত





হেৰৌ নিয়তি, আৰু কিমান খেলিবি ছাঁ-পোহৰৰ খেল,
পোৱা নোপোৱাৰ তুলাচনী খনত নোপোৱাৰ আজিও বেছি ভৰ।
সময়ৰ হেন্দোলনিত জিকাৰ খাই উঠে তাই,
শুকান ধূলিয়ৰী বাটতো তাইৰ পদূলিৰ পৰাই আৰম্ভ হয়।
প্ৰতিনিশা তাই সপোন দেখে প্ৰভাতী সেউজী হ'ব,
তাইৰ দুৰ্বাৰ আকাংক্ষাক আওকান কৰি ধূলিবোৰৰ চলে তাণ্ডৱ নৃত্য।
তাইৰ অলক্ষিতে শুকান বাটচ'ৰা আৰু অলপ দীঘল হয়,
নিয়তিৰ অভিশাপৰ পৰা তাই মুক্ত নহয়।
ক্ৰমে আন্ধাৰ নামে তাইৰ পদূলিত,সেউজিয়াবোৰ আহিবলৈ আৰু কিছু বেলি।
দুৱাৰখন জপাই দিয়ে তাই,তাইৰ শিল হৈ যোৱা বুকুখনত সজোৰে শব্দ হয়।
তাইৰ নীৰৱ উঁচুপনিত নিতাল সন্ধিয়াটো শিহৰিত হয়।ইতিমধ্যে তাইৰ হাতৰ কলমটো মুখ ঠেকেছা খাই পৰে,
শব্দবোৰৰ ঠেলা হেঁচাত মৃত্যু হয়।
মাথো চকুত সন্তৰ্পনে লুকুৱাই ৰখা নিয়ৰ টোপালে শেষ ৰাতি তাইৰ শিতান তিয়াই....!!



অনুশ্ৰী দত্ত 
হাজো

No comments

Powered by Blogger.