ভগ্ন হৃদয়ৰ ক্ৰন্দন ߹ এক চুটিগল্প ߹ জয়া ডেকা
সেইদিনা আছিল দেওবাৰ , অফিচ বন্ধ ৷ বন্ধত মোৰ প্ৰায়ে মনালিছা পেহীৰ ঘৰলৈ যোৱা হয়৷ আমাৰ ঘৰৰ পেহীৰ ঘৰলৈ এক ঘন্টাৰ বাট ৷ পেহীয়ে মোক নিজৰ ল’ৰাৰ দৰে জ্ঞান কৰে ৷ আচলতে তেওঁ মোৰ দেউতাৰ নিজৰ ভনীয়েক নহয় ৷পাতি লোৱা ভনীয়েকহে হয় ৷পেহীক লগ পোৱা প্ৰথম দিনটোৰ কথা আজিও মোৰ স্পষ্টকৈ মনত আছে ৷ -------------- সন্ধিয়া সময়ৰ কথা। মা নামঘৰত আছিল ,মই আৰু ভন্টীয়ে মাৰ লগতে প্ৰাৰ্থনা কৰি আছিলোঁ ৷দেউতা বজাৰলৈ গৈছিল ৷আমি নামঘৰৰ পৰা ওলাইছোহে ---তেনেতে দেউতাই এগৰাকী বিবাহিত ন বোৱাৰী লগত লৈ আহিছিল ৷মা মই আৰু ভন্টীয়ে আচৰিত হৈ দেউতাৰ মুখলৈ ৰ’ লাগি চাই ৰ'লো ৷দেউতাই মৰম লগা ধুনীয়া ন বোৱাৰী গৰাকীক বহিবলৈ দি মাক পাকঘৰলৈ মাতি নি বোৱাৰী গৰাকীৰ কথা বিৱৰি ক'লে ,কেনেকৈ লগ পালে মানুহ গৰাকীক ৷দেউতাই কৈছিল --তেওঁ বজাৰ কৰিবলৈ যাওঁতে গগনৰ গেলামালৰ দোকানৰ সন্মুখত থকা বেঞ্চখনত মহিলা গৰাকী দুখ মনেৰে বহি আছিল ৷গগনক সুধোতে কলে এজন মানুহে তেওঁক বেঞ্চখনত বহিবলৈ দি মেজিক এখনত উঠি যোৱা তেওঁ দেখিছে কিন্তু মানুহ জন উভতি অহা দেখা নাই ৷দেউতাই মানুহ গৰাকীৰ ওচৰলৈ গৈ তেওঁৰ পৰিচয় ল'লে ৷তেওঁক হেনো মাহীমাকে জোৰ কৰি বিয়া দিছে মানুহজনৰ লগত ৷বিয়া হোৱা ছমাহহে হৈছে ৷গিৰীয়েকে হেনো এজন মানুহক লগ কৰি অহাৰ কথা কৈছে ৷এতিয়ালৈকে দেখাদেখি নাই ৷মানুহ গৰাকীয়ে আমাৰ ঘৰলৈ আহিব খোজা নাছিল ৷দেউতাৰ সহজ-সৰল মানুহগৰাকীক দেখি দুখ লাগিল সেয়ে ---গগনক কৈ আহিছে গিৰীয়েক আহিলে খবৰ দিবলৈ --অকলশৰে এগৰাকী মহিলা বাহিৰত থকা ভাল নহয় বাবে আমাৰ ঘৰলৈ লৈ আহিল ৷---------মায়ে বোৱাৰী গৰাকীক চাহ জলপান খাবলৈ দিলে ৷নামটো তেওঁৰ মনালিছা দুৱৰা ,বি এ পাছ কৰিছে ৷মাক নাই মাহীমাক আছে ৷ মাহীমাকৰ দূৰ সম্পৰ্কৰ মোমায়েকৰ ল'ৰাৰ লগত বিয়া দিছে ৷মানুহ জন ধনী ব্যৱসায়ী বুলি ফাকি দি বিয়া পাতিছে ৷মানুহজনে আজিও তেওঁক আধাঘণ্টা বহিবলৈ দি এতিয়াও দেখা দেখি নাই ৷আজি লৈকে মানুহজনে তেওঁক বিচাৰি নাহিল ৷দেউতাই তেওঁক ভনীয়েক পাতিলে ৷মা-দেউতাৰ আদৰত তেওঁ পুনৰ হাঁহিবলৈ শিকিলে ৷দেউতাই প্ৰাইভেট কোম্পানী এটাত তেওঁক চাকৰিত সোমোৱাই দিলে ৷আমাক পেহী বুলি মাতিবলৈ ক'লে মায়ে ৷চাকৰি কৰাৰ পাঁচ বছৰৰ পিছত পেহীয়ে নিজাকৈ মাটি অলপ লৈ ঘৰ এটা সাজিলে ৷মা-দেউতাই পুনৰ বিবাহৰ কথা কৈছিল কিন্তু পেহী বিয়া নহ'ল ৷পেহীয়ে আমাক নিজৰ ল’ৰা ছোৱালীৰ দৰে মৰম কৰে ৷ --------------আজি মই বাইকেৰে পেহীৰ ঘৰলৈ যাওঁতে মই প্ৰত্যক্ষ কৰিলোঁ ---পেহীৰ চকু চলচলীয়া হৈ আছে ৷আনদিনাৰ দৰে মোক দেখিলে কিমান যে স্ফূৰ্তি কৰে ,লাৰু ,পিঠা পায়সৰ পৰা আদি কৰি মাছ মাংসৰ দীঘলীয়া লিষ্টখন মোৰ আগত দাঙি ধৰে , কেতিয়া কি খাব লাগিব!!!! পেহীয়ে পেপাৰ খন লৈ শিল পৰা কপৌৰ দৰে বহি আছে ৷মই পেপাৰখন লৈ চাওঁ যে এজন মানুহৰ ফটো --নাম উমেশ দুৱৰা ৷ লিখা আছিল - কুখ্যাত নাৰী ব্যৱসায়ী উমেশ দুৱাৰক ভৈৰৱ নগৰৰ মাজমজিয়াত এগৰাকী মহিলাৰ সৈতে অসম পুলিছে গ্ৰেপ্তাৰ কৰে ৷ মনালিছা পেহীয়ে থুকাথুকি মাতেৰে কবলৈ ধৰিলে ---এইজনে মোৰ পতি ,যিজনে বিশ বছৰ আগতে মোৰ জীৱনলৈ আহিছিল সেইদিনা মোৰ ভাগ্য ভাল আছিল এগৰাকী দেৱতাক মই লগ পালো ৷ উমেশ দুৱাৰই ভগ্ন হৃদয়ৰ উচুপনি জানো উপলব্ধি কৰিব পাৰিব !!! এইদৰে কৈ পেহীয়ে হুকহুকাই কান্দিবলৈ ধৰিলে ৷ মই সৌৰভ বৰুৱায়ো পেহীৰ লগতে চকুলো টুকিলো যদিও মনতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো এনে মানুহৰ জীৱনৰ পৰা আতৰি আহিল ৷"""'''''"""'''''""""'''''"""""""''''
✍ জয়া ডেকা
কাকপথাৰ (তিনিচুকীয়া)
মন্তব্য কৰক