নীলা খামৰ চিঠি-প্ৰথম বছৰ; দ্বিতীয় সংখ্যা; চেপ্তেম্বৰ, ২০১৮
শিৱসাগৰ
জেউতি, কুশলে অাছা ছাগে !
চোৱাচোন , আবেলিৰ সেই ৰঙা বেলিটোৱে মেঘৰ চেকুৰাবোৰৰ লগত লুকা-ভাকু কৰি থকা নীলা আকাশখন কেনেদৰে ৰঙীন কৰি তুলিছে | ঠিক মাৰ কোলাত জীৱনৰ অাটাইতকৈ মধুৰ দিন কটোৱা কেচুঁৱাটোৰ নিচিনা মোৰ অন্তৰতো যেন এটা কব নোৱাৰা অানন্দৰ জোৱাৰ উঠিল । কিন্তু কিয় ? হয়তো সেইবাবেই , কাৰণ কিছুদিন আগলৈ মোৰ জীৱনৰ প্ৰতিতো পল্ তোমাৰ পৰশত এই ৰঙচোৱা অাবেলিতোৰ নিচিনাই ৰঙীণ হৈ আছিল । পিছে এই যে সময় বোলা বস্তুতো বৰ নিষ্ঠুৰ ,কাৰোবাৰ এচিকুট সুখ ই যে চকুপাৰি দেখিব নোৱাৰে । মনত আছেনে , তুমি যে এদিন হঠাতে মোক কৈ পেলালা " *Neel , this needs to end* . " শিল পৰা কপৌটোৰ দৰে মই তাত বহি ৰলো ,নাজানো কিমান সময়। সন্ধিয়া নিজৰ বাঁহলৈ উভতি যোৱা চৰাইবোৰৰ মাততহে যেন সম্বিত্ ঘূৰাই পালো । তুমিচোন কাষত নাই । মাকক কাষত দেখা নাপাই ফেঁকুৰি উঠা কেচুঁৱাতোৰ দৰেই মোৰ অন্তৰাত্মা কান্দি উঠিল । হঠাতেই যেন জীয়াই থকাৰ উৎসতো হেৰোৱাই পেলালো । নিজকে সংযত কৰিবলৈ কিছু সময় লাগিল ,কিন্তু ক্ৰমান্বয়ে বাস্তৱৰ লগত নিজকে ঢাল খুৱাবলৈ যত্ন কৰি আছো । হয়তো মোৰ ইমানখিনি সামৰ্থ নাছিল তোমাক সোণৰ পালেঙত গোটেই জীৱন ৰাখিবলৈ , কিন্তু চেষ্টাৰ ক্ৰুতি কেতিয়াও কৰা নাছিলো তোমাৰ প্ৰতিতো মূহুৰ্ত সুখৰ বাৰিষাৰে জীপাল কৰিবলৈ । হয়তো যান্ত্ৰিক জীৱনৰ কোনোবা এটা দিনত লগ হ'ম , আকৌ আমি সেই একেলগে পাৰ কৰা মধুৰ মূহুৰ্তবোৰৰ স্মৃতি ৰোমন্ঠন কৰিম । লগা হলে অভিনয়েই কৰিবা ভাল লগাৰ , কিন্তু সিদিনাৰ দৰে অকলসৰীয়া কৰি মোক এৰি নাযাবা দেই ||
ইতি
তোমাৰ নীল

মন্তব্য কৰক