পৰিসমাপ্তি-প্ৰথম বছৰ; দ্বিতীয় সংখ্যা; চেপ্তেম্বৰ, ২০১৮
✍মানস জ্যোতি নাথ
ৰহা, নগাঁও
ৰহা, নগাঁও
How do I live without you..
How do I care for this broken heart.
How do I smile when it hurts..
When dream of mine is ending...
How do I live without you..
How do I care for this broken heart.
How do I smile when I wanna cry.
When one a love is leaving....
.
.
এক সুমধুৰ গানে মোৰ মনতোক গধুৰ কৰি তুলিলে ৷ বহুত দিনৰ মুৰত বাছত উঠিছোঁ ৷ আজি নিজে 'কাৰ' খন চলাই আহিব নোৱাৰিম, সেয়ে বাছত আহিছোঁ ৷ কাষৰৰ ছিটত এগৰাকী মহিলা ৷ মহিলা গৰাকীও অস্থিৰ ৷ বেলি লহিয়াইচে, সকলো ঘৰমুৱা ৷ কিন্তু মই ঘৰৰ পৰা উলাই আহিছো ৷ নিজৰ বাবে, নিজৰ এটি সপোনৰ বাবে ৷ মোৰ অস্থিৰ মনটোক বান্ধি ৰাখিব পৰা নাই ৷ কাৰোবাক সৰ্বোচ্চ সুযোগ আৰু মৰম দিয়াৰ প্ৰতিদানত কি পাব পাৰি? সঠিক উত্তৰ হৈছে প্ৰবঞ্চনা ৷ কিমান সপোন, কিমান আশা আজি শেষ হৈ গ’ল !
.............................
মোৰ পত্নী নীলিমা গৰ্ভৱতী হোৱাৰ কথা গম পাই বন্ধু ৰবিনে সুধিছিল, কি সন্তান লাগে ৷ মই একে উশাহতে কৈছিলোঁ, মোক প্ৰথম সন্তানটি ছোৱালী এজনী হোৱাটো বিচাৰো ৷ ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে ৷ নীলিমাই এজনী কন্যা সন্তান জন্ম দিলে ৷ দেখিবলৈ গোসানীৰ দৰে, নাম ৰাখিলো সুকন্যা ৷ তাইৰ থুনুক-থানাক মাতত আমাৰ মন ভৰিছিল ৷ ব্যস্ততাপূৰ্ণ জীৱনত তাই যেন এক শান্তিৰ নিজৰা আছিল আমাৰ বাবে ৷ লাহে লাহে তাই ডাঙৰ হল ৷ সুকন্যাৰ সুবিধাৰ্থে আমাৰ দৈনিক ৰুটিন খন সলনি হল ৷ তাই ভাল পাই বাবে সদায় চক্লেট লৈ আনিছিলো ৷ নীলিমাই মোক গালি দিয়ে, মই বোলে ছোৱালী জনীক মুৰত তুলি ললো ৷ মই কওঁ, একো নহয় দিয়া; এজনীয়ে ছোৱালী ৷ তাইক মৰম নকৰি কাক কৰিম ! সৰু হৈ আছে বুলি ভাবি থাকোতেই এদিন তাই গাভৰু হল ৷ তাই মেট্ৰিক দিয়াৰ আগতে এক চুক্তি কৰিলে মোৰ লগত, যদি মেট্ৰিকত ষ্টাৰ লৈ পাছ কৰিব পাৰে তেন্তে তাইক স্কুটি এখন দিব লাগিব ৷ আশা কৰা মতেই তাই পাছ কৰিলে ৷ মইও মোৰ কথা ৰাখি ৰিজাল্ট দিয়া দিনাই স্কুটি কিনি দিছিলোঁ ৷ স্থানীয় সংঘৰ সম্বৰ্ধনা অনুষ্ঠানত তাই এই সফলতাৰ আঁৰত মই থকা বুলি প্ৰকাশ কৰিছিল ৷ সেইদিনা মই যেন পৃথিৱীৰ আটাইতকৈ সুখী অভিভাৱক ৷ কেতিয়াবা তাই মোৰ লগত কাজিয়া লাগে, কয় - "বাবা,তুমি একো নাজানা ৷ আজি কালি ইমান সত্যবাদী হৈ একো লাভ নাই ৷ আমি ভগৱানক পূজা কৰিবলৈ ধূপ ব্যবহাৰ কৰো আৰু মহ খেদিবলৈও৷ কিন্তু না ভগৱান আহে, না মহ আঁতৰে ৷ মাত্ৰ আমাৰ টকা খৰছ হয় ৷"---- মই প্ৰত্ত্যুতৰ দিওঁ --"ইমান স্পষ্টবাদী হোৱাটো বেয়া ৷ প্ৰথমে মানুহে সমীহ কৰিব যদিও, এসময়ত তোমাৰ নামত কৌতুক বনাব ৷" মোৰ কথা শুনি তাই ৰোহঘৰত সোমায় ৷ মই বহুত কষ্ট কৰি তাই মনাও, এজনীয়ে ছোৱালী যে ৷ মইও জানো সন্তানক অলপ শাসনত ৰাখিব লাগে, নহলে পাখি গজে ৷ যিমান শাসন কৰিব লাগে, সিমান শাসন মই কৰিছো কিন্তু শিকলি পিন্ধাই ৰাখা নাই ৷ লাহে লাহে তাই অলপ সলনি হল ৷ আজি কালি অলপ দুৰত্ব বজাই ৰাখিব বিছাৰে ৷ মই বুজি পাওঁ, এইয়া সময়ৰ আহ্বান ৷ হাই চেকেন্দৰী পাছ কৰা পিছত তাই গুৱাহাটীত পঢ়িব বিচাৰিলে ৷ ইমান দুৰলৈ পঠাবলৈ মন নাছিল ৷ তথাপি তাই নিজক লৈ দেখা সপোন বোৰৰ বাবে যাবলৈ দিলোঁ ৷ হোষ্টললৈ যোৱাৰ আগ দিনা তাই কৈছিল--"বাবা, চুলি খিনি কালাৰ কৰিবাচোন ৷ তোমাক কোনোবাই বুঢ়া বুলি কোৱাটো মই নিবিচাৰো ৷"-- তাইৰ কথা শুনি মই হাঁহিছিলো ৷ মাজে মাজে ভাবো আমাৰ সুকন্যা জনী ডাঙৰ হল ৷ তাই ওলোটাই মোৰ যত্ন ল’ব পৰা হল ৷ আজি-কালি তাই হোষ্টেলত থাকে ৷ পঢ়া-শুনাৰ ব্যস্ততাৰ বাবে ফোনত ভালকৈ কথা পাতিব নোৱাৰোঁ ৷
..
আজি দুপৰীয়া অহা এটা ফোনকলে মোক অস্থিৰ কৰি তুলিলে ৷ এটা অচিনাকী নম্বৰৰ পৰা ফোনকলটোৰ সিপাৰত সুকন্যাৰ কোনোবা বান্ধৱী এজনী আছিল ৷ তাই ক’লে, আমাৰ সুকন্যাই নিজৰ হাতৰ সিৰা কাটি লৈছে, তাইৰ বয়ফ্ৰেন্ডৰ লগত কাজিয়া কৰি ৷ খবৰটো শুনাৰ পাছৰে পৰা মই অস্থিৰ ৷ এই বয়ফ্ৰেন্ড কোন? ইমান ডাঙৰ হ’ল নে তাই? নিজৰ প্ৰেমিক জীৱনৰ সৰ্বোচ্চ! আৰু আমি যেন মূল্যহীন ৷ গাটো জোকাৰি গল, ইমান স্পষ্টবাদী ছোৱালী জনী ইমান আবেগিক কেনেকৈ হল!
.....................
Itni yaadein teri..
Par tu mere paas hee nahi..
Itni baatein hain..
Par karne ko tu saath nahi..
.
Ab toh aaja saajnaa..
Mitaa de ye dooriyan..
Reh nahin main paaunga..
Ik pal yun judaa..
.
বাছ খনৰ গান বোৰে মোক ভাবুক কৰি তুলিছে ৷ কাষত বহা মহিলা গৰাকীয়ে উচুপি আছে ৷ মই ভদ্ৰতাৰ খাতিৰত ৰুমাল খন আগবঢ়াই দিলোঁ ৷ তেনেতে ফোনকল এটা আহিল---
.
"হেল্ল, অ' কোৱা ৷"
.
"আংকল"- সুকন্যাৰ বান্ধৱী জনীয়ে মাত দিলে ৷
.
"মই শুনি আছোঁ, কোৱা ৷"-- মই কলো ৷
.
"সুকন্যা আৰু......."- ফোনটোৰ সিফালত কেৱল কান্দোনৰ ৰুল ৷ মই যেন একো শুনা নোপোৱা হৈ গ’লো ৷ বুকুখন গধুৰ যেন লাগিছে ৷ মই থুকা-থুকি মাতেৰে, কাষত বহা মহিলা গৰাকী অৰ্থাৎ মোৰ পত্নী নীলিমাক কলো -
"গুৱাহাটিলৈ আৰু বেছি দূৰ নাই কিন্তু আমাৰ সুকন্যা বহুত দুৰত ৷ সুকন্যা আৰু নাই ৷"

মন্তব্য কৰক