Header Ads

ভোক-চেপ্তেম্বৰ, ২০১৮


✒ নিবিৰ নিস্তব্ধ সমীৰ
   বৰহমপুৰ, নগাওঁ, অসম


কঁহুৱা ফুলিছে কলঙৰ পাৰত বগা দলিচা পাৰি..
মলয়াৰ পৰশত হালিজালি মন অশান্ত কৰিবলৈ কহুৱাবোৰ ফুলিচে..
জোনাকবোৰ সিচৰিত হৈছে, শুভ্ৰ বগা ৰংৰ চিটিকনি চৌপাশে..
কলংৰ পাৰত এতিয়া মৌন শীতলতা..
এয়া মই কলংৰ পাৰৰ নেহেৰুবালিত..
নিৰস ওঠৰ চাৰিসীমাত গুজি থোৱা চিগাৰেটতোৰ ধোঁৱাবোৰ পাক খাইছে, অৰ্ধবৃত্তাকাৰ কুন্ডলীত..
ষ্ট্ৰিট লাইটৰ পোহৰত দুটা কুকুৰ..
চামৰাৰ ফিটা এডালৰ বাবে দুইটাৰে টনা- আজোৰা..
ভোক লাগিছে সিহতৰ..
ক্ষুৰ্ধাত লোভনীয় দুচকুত কিবা খাবলৈ পোৱাৰ হেঁপাহ..
একেটা গলিৰ আন্ধাৰ চুকটোতো ভোক লাগিছে বহুজনৰ..
সিহঁতৰ দুচকুতো খোৱাৰ প্ৰবল হেঁপাহ,নাৰীৰ কোমল মঙহবোৰক..
দৰ দাম চলিচে দেহবোৰৰ..
"অই, পাচশ টকা দিম যাবি? "
Powered by Blogger.