মদাহী--মদাহী
✒ নিবিৰ নিস্তব্ধ সমীৰ
বৰহমপুৰ, নগাওঁ, অসম
বৰহমপুৰ, নগাওঁ, অসম
বহুতৰ মতে আমি নষ্ট চৰিত্ৰৰ লৰা..অকমন্যতাৰ ৰঘুমলাজোপাই কেতিয়ানো মেৰিয়ালে গমকেই নাপালো..
অ আমি নষ্ট চৰিত্ৰৰ... চকু মেলি সপোন দেখা আমাৰ বাবে মাথো অভিশাপ..তথাপি অক্লান্তিকতাৰে দৌৰিছো সপোনবোৰৰ পিছে পিছে..
কি ভাবে আপুনি আমাৰ বিষয়ে..
ৰঙা পৰা দুচকু দেখি ভাবিছে নিশ্চয় মদৰ ৰাগিত মাতাল আমি..
ওহো, ৰজা মন্ত্ৰীৰ খেলবোৰত এয়াটো প্ৰতাৰিত হোৱাৰ দাবানল দুচকুত..
আপুনি নাভাবে যদিও এখন হৃদয় আছে আমাৰ..
উশাহত অক্সিজেনৰ সলনি যেতিয়া সমাজৰ আৱৰ্জনাবোৰক লবলগীয়া হয়,দুচকু ৰঙা পৰিবই..
কষ্ট হয়তো বহুত...
ৰাস্তাৰ বিলাসী গাড়ীৰ ধোঁৱাবোৰ নাকে কানে সোমাই পতিয়ন নিয়াই আমাক...আৱৰ্জনা, কেৱল আৱৰ্জনা আমি...
কাৰা ইস্ত্ৰিৰ দামী চ্যুটযোৰৰ সৈতে দামী গাড়ীৰ ষ্টিৰিঙত হাত থব নোৱাৰাৰ দুখবোৰ যেতিয়া লাগে.. দুচকু ৰঙা পৰিবই..অ ভাবিব পাৰে আপুনি তেতিয়াই আমাক সস্তীয়া সুৰাৰ ৰাগিত মাতাল বুলি.. আমি যে আৱৰ্জনা মাথো..
পিতাইৰ কঙাল দুচকুত যেতিয়া সপোনবোৰৰ চিতাখন জ্বলে.. মাৰ চাদৰৰ আচলখন যেতিয়া চকুপানীৰে ভিজে.. আমাৰ চকুবোৰ ৰঙা পৰে..
হাৰে ভাবক না তেতিয়াও আমাক আমি মদাহী..
আড্ডাত ডুব যোৱা মাতাল সন্ধিয়াবোৰত..
বাস্তবৰ প্ৰচণ্ড খুন্দাত স্তব্ধ হয় শূন্যতা..
অশ্লীলতাৰ প্ৰভাৱত নিলাজ হয় সন্ধিয়াটো..
নিচাসক্ত সত্তা এটাৰ উদ্ধাৰৰ প্ৰত্যয়ত..
সুখ বিছাৰি উলংগ হয় ব্যক্তিত্ব...
আৰু প্ৰেম.. হেহ কি কয়..আমিবোৰৰ বাবে নহয় এইবোৰ..
কেতিয়াবা যদি তাইৰ প্ৰেমিক হব পাৰিলো হয়..তিনিআলিৰ আড্ডাবোৰত চিগাৰেটৰ ধোঁৱাত নুৰোৱালো হয় সপোনবোৰক..
তথাপি ভাল লাগে তাইৰ কাজল সনা দুচকু,যত উয়ে খোৱা কলিজাৰ হেপাহবোৰে ঢৌ খেলি নাচে..
পোৱা নোপোৱাৰ হিচাপ কৰি কৰি ভাগৰ লগা জীৱনটোত যেতিয়া তাইক দেখা পোৱা যায়.. পাহৰি যোৱা যায় সকলো..
পাহৰি যোৱা যায়.. আমি যে নষ্ট চৰিত্ৰৰ..
আৰু অযথা সপোন ৰচিবলৈ প্ৰানপনে চিন্তা কৰা হয় আমিবোৰে...
সকলোবোৰ দি দিয়াৰ পিচটো তাই যেতিয়া আপোন হব নোখোজে যিহেতু আমিবোৰ আৱৰ্জনা..
তেতিয়াই দুচকু পুনৰ ৰঙা পৰে..
আৰু সমাজে.... সমাজে আকৌ ভাবে আমিবোৰ মদাহী...
মন্তব্য কৰক