কেতিয়াবা !-চেপ্তেম্বৰ, ২০১৮
✒ অচিন বন্ধু
কেতিয়াবা বুতলিছা তলসৰা শেৱালিৰ ফুলবোৰ !
কেতিয়াবা উভতিছা অতীতৰ শূণ্য পৃষ্ঠাবোৰৰ মাজত !
কেতিয়াবা উচুপিছা শীতৰ সেমেকা ৰাতিৰ নিৰবতাত !
কেতিয়াবা নিজতেই বিলীন কৰিছা কাৰোবাক ক'ব খোজা শব্দবোৰ !!
বসন্তৰ আৰম্ভণিত মন কৰিছানে সেউজীয়া গছজোপাক !
সুন্দৰ সেউজ জীপাল ৰংবোৰ !
বহি ৰৈছা জানো কেতিয়াবা বোঁৱতি নদীৰ আঁচলত !
অনুভৱ কৰিছা কেতিয়াবা শুভ্ৰ জোনবাইৰ পোহৰবোৰ !
এটা আলফুলীয়া সপোন আছে মোৰো, সৰু !
তোমাৰ সৈতে বহি ৰ'ম জোনাবাইৰ স্নিগ্ধ জোনাকত,
বহি ৰ'ম নদীৰ আঁচলত সোঁতবোৰ চাই,
বুতলিম একেলগে শৰতৰ শেৱালি ফুল !
নীৰৱতা ভাঙি কথা পাতিম শীতে কঁপোৱা ৰাতি ,
লিখিম স্মৃতিৰ শূণ্য পৃষ্ঠাবোৰ তোমাৰ সৈতে,
জীৱনৰ বিয়লি বেলাত উভতিম অতীতৰ পৃষ্ঠাবোৰলৈ,
উঠত এটি হাঁহি বিৰিঙাই চাই ৰম সোণোৱালী সময়বোৰলৈ !!
...... কেতিয়াবা !!
মন্তব্য কৰক