Header Ads

কুঁহিপাঠ ✍ সম্পাদকীয় - বিপন্ন সময় - বিপন্ন সংস্কৃতি




য় জয়তে সমূহ অসমবাসীলৈ ভোগালীৰ ওলগ জনালোঁ। স্বাভাৱিকতে এইবাৰৰ বিহুটিত ম্লান পৰিছে আনন্দ - উল্লাহৰ । কিন্তু মেজি ভেলাঘৰৰ জুইৰ উত্তাপে সঞ্জীৱিত কৰি তুলিছে  সংকল্পবদ্ধ সুদূৰ প্ৰজন্মক। ৰাইজৰ মনত ক্ষোভ আৰু বেজাৰৰ বোজা। অস্থিৰতা বিৰাজমান। জাতিৰ নায়ক জাতিৰ সন্তান যেতিয়া মাতৃদ্ৰোহী বা মাতৃঘাতী হৈ উঠে তেতিয়া সান্তনাৰ  আৰু ভাষা নাথাকে।  আমি কোনো দল সংগঠন , ৰাজনীতিবিদ বা চৰকাৰৰ অধীনত প্ৰতাপগড় সাজিবলৈ বাধ্য হোৱা কোনো  পালী সামগ্ৰী নহয় বৰঞ্চ একো একোজন স্বাভিমান  অসমীয়া  যাৰ অসমবাসী সন্তান হিচাপে গুৰু দায়িত্ব যেন সমাজ জীৱনলৈ ঘূৰাই আনো কৃষ্টিৰ প্ৰতি এক শ্ৰদ্ধা আৰু দায়বদ্ধতা। কিন্তু কেনেকৈ? 

   নাগৰিকত্ব বিধেয়ক খনে প্ৰতীয়মান কৰাইছে যে অসমৰ জন সাধাৰণৰ ওপৰত কেউপিনৰ পৰা সংকট আহি পৰিছে। স্বৰোজত্বৰ কালতো ভাৰতৰ অতিকেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ বলি হব লগা ত পৰিছিল অসমৰ দৰে অনগ্ৰসৰ  বহু ৰাজ্য । মুঠৰ উপৰত মূলসূঁতিৰ শাসন ব্যৱস্থাৰ সুফলৰ পৰা অসমৰ জনসাধাৰণ সদায় বঞ্চিত। অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাৰাজি সঠিকভাবে উপস্থাপনত ব্যৰ্থ হৈ পৰিছে প্ৰতিখন শাসকগোষ্ঠী। সদ্যহতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জি উন্নীত কৰণ আৰু নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ ক্ষেত্ৰতো জাতীয় সহমতক সম্পূৰ্ণ ৰূপে উপলুঙা কৰি যি দৃষ্টি ভঙ্গী পোষণ কৰিছে , সেয়া এক লক্ষণীয় বিষয়ৰ প্ৰতি ধাৱমান হৈছে।  পৰ্য্যবেক্ষণত  চলি থকা এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতেই কংগ্ৰেছে বা বিজেপি বা অইন কোনো সুবিধাবাদী চৰিত্ৰ প্ৰত্যেকেই ইয়াৰ কৃতিত্ব দাবী উত্থাপন কৰিবলৈ জো-যা লগাইছে।  ফলস্বৰূপে ম্লান পৰিছে জনগোষ্ঠীয় দল সংগঠনে মিলি ৰাষ্ট্ৰক এন আৰ চি উন্নীতকৰণ কৰিবলৈ বাধ্য কৰোৱা তাৎপৰ্যপূৰ্ণ বিষয়টি। বৰঞ্চ অবৈধ বিদেশীৰ বিৰুদ্ধে  অসমৰ ৰাইজে অৱস্থান গ্ৰহণ কৰি শাসকগোষ্ঠীৰ ওচৰত চিহ্নিত হৈছে একো একোজন ৰাষ্ট্ৰদ্ৰোহী হিচাপে। অসমীয়া যুৱকে জাতীয় অস্তিত্ব ৰক্ষাৰ দাবীত সংসদৰ আগত হৈ পৰিছে নগ্ন। ইয়াতকৈ বিড়ম্বনাৰ কথা কি হব পাৰে! নগ্নতা জানো আমাৰ পৰিচয় ? কেন্দ্ৰৰ সংবিধানবিৰোধী - সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰিও সৰ্বভাৰতীয় শাসকীয়ৰ চকুত  জনসাধাৰন হৈ  পৰিছে বাঙালীবিৰোধী , হিন্দুবিৰোধী হিচাপে। কিন্তু সেই সুবিধাবাদী নেতা সকলক ৰিঙিয়াই দিওঁ যে এক শতিকাতকৈও আগত আহি অসমৰ মাটি - পানীত বিলীন হৈ যোৱা প্ৰকৃত  হিন্দু বাঙালীসকলে কেতিয়াও সমস্যাৰ সৃষ্টি কৰা নাই। ড° অমলেন্দু গুহৰ দৰে প্ৰথিতযশা ব্যক্তিয়ে অসম তথা অসমীয়াক বৈজ্ঞানিক আৰু বাস্তবধৰ্মী ইতিহাস ধাৰণৰ শিক্ষা কেতিয়াবাই দি থৈ গৈছে। যাক আমি নুই কৰিব নোৱাৰোঁ।তথাপিও কিন্তু সীমা হীন প্ৰবঞ্চনা তথা দুৰ্যোগৰ মাজতো অসমীয়া জাতিয়ে নিজৰ ভাষা কৃষ্টি অটুট ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই গৈছেহি। ৰূপকোঁৱৰ   ভাষাত জিলিকি আছে - 


"তোৰে মোৰে আলোকৰে যাত্ৰা  - অব্যৰ্থ
আমি পালো জীৱনৰ অৰ্থ অভিনৱ"

  তাহানিৰ  সেই সাংস্কৃতিক  চিন্তা উপলদ্ধিয়ে দি থৈ গৈছে সুন্দৰৰ উপাসনাৰ মন্ত্ৰ । সেউজীয়া প্ৰকৃতিৰ সেই সৌন্দৌৰ্য সমাজ জীৱনতো লৈ অহাৰ এক মনোৰম প্ৰয়াস আৰু প্ৰস্তুতিৰ উদ্দীপনা। জাতিক শক্তিশালী কৰাৰ সোপান। বোপা ককাইৰ সেই ভোগালী আছিল সামাজিক সৌহাৰ্দ্যৰ  এক পৰিপূৰ্ণ চানেকি।বিপৰীতে বিগত ভোগালীৰ মেজি জ্বলাৰ আগতেই ৰাইজৰ মনত জলিছে  চেতনাৰ মেজিকুৰা ।  এইবেলিৰ বিহুটিয়ে কঢ়িয়াই আনিলে জাতীয় আত্ম নিৰীক্ষণৰ এক পটভূমি যত  নিজ ভাষা কৃষ্টি আজি বিপন্ন। আঁত ধৰি জলি উঠিছে মনৰ সেই প্ৰবাল জুইকুৰা। ভাষা কৃষ্টিৰ প্ৰতিষ্ঠাৰ  এই অভিযান  সঞ্জীৱিত কৰাৰ সময় যেন এইয়া। 
  জাতি ৰক্ষাৰ দৃঢ় সংকল্পত উদ্ধুদ্ধ আজি পূৰ্ণ জনগণ। আত্ম প্ৰতিষ্ঠাৰ এই অভিযানত সুদূৰ জাতিয়ে শক্তি আহৰণ কৰিব লাগিব নিজ সংস্কৃতিৰ পৰাই। কিয়নো সংস্কৃতিয়েই হৈছে জাতীয় চেতনাৰ জিন। সুৰংগৰ শেষত পোহৰৰ সম্ভেদ বিচাৰি  আত্মীয় ঐশ্বৰ্যৰে  পূৰ্বপুৰুষে  টনকিয়াল কৰি থৈ গৈছে লক্ষ্য প্ৰাপ্তিৰ পৰম্পৰা। 
  গুৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম ললেই সুধা কণ্ঠই প্ৰায়ে ৰিঙিয়াইছিল - ' প্ৰস্তুতি ' ।গুৰুৰ আদেশ ৰ লগে লগেই সুধা কণ্ঠই প্ৰয়োজনবোধে চেতনা অথবা গানৰ ভাষাৰে প্ৰস্তুত কৰিছিল নিজকে। একে শব্দ উচ্চাৰিত হৈছিল কলাগুৰুৰ মুখত। আজি তেওঁলোক আমাৰ মাজত নাই। কিন্তু সত্য - ভিত্তিক নিৰ্দেশিকাৰ  জানো কেতিয়াবা মৃত্যু হয় ! এই সমূহ উৎসই প্ৰদান কৰিব আমাক প্ৰকৃত শক্তি। ধৰ্ম নিৰপেক্ষতাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি সঁচা অৰ্থত প্ৰগতিশীল  জাতীয়তাবাদ গঢ়াৰ পন লব লাগিব প্ৰতিজন অসমৰ আবাল-বৃদ্ধ-বনিতাই।  মুঠ কথাত অসমবাসীয়ে আকৌ এবাৰ মন্থন কৰক আমাৰ সংস্কৃতিয়ে দিয়া সেই অমৃত।  সমাজ জীৱনলৈ ঘূৰাই আনক সামাজিক ঐক্যৰ এনাজৰী , শ্ৰদ্ধা  আৰু দায়বদ্ধতা।  তেতিয়া হলে আৰু কথা নাই - লগে ভাগেই পামগৈ সেই অতীতৰ হেৰাই যোৱা দিনবোৰ সেই লক্ষ্যস্থলী। কবি চন্দ্ৰধৰ বৰুৱাৰ কেইটিমান কলি মনলৈ ভাঁহি উঠিছে  - 

"আমিহে সকলো জানো। জনা নাই কোনো
আমাৰ বাহিৰে নাই নাই জ্ঞান কাৰো এধানিমান
 আমাৰ কথাই বেদ ( আমি) যতেই যাও তাতে ভেদ
 আমি আজি এক্সট্ৰিমিষ্ট কালি মডাৰেট পৰহি ৰেত্ৰোগেট
(আমি) ঘনাই সলাও ৰীতি ( আমাৰ) হঠাৎ বদলে নীতি
 যেনে মাছ দেখো তেনে জাল গুঠোঁ, ইটি এৰি ধৰো সিটো
এটা জীৱন্ত জাতি বৰ্তি থাকে , থাকিব কিন্তু হঠাৎ পেত্ৰিয়ত সকলহে 
দুগুণ মৰণ ভুগি এদিন মাটিত মিলি যাব।" 


 শেষত আকৌ কুঁহিপাঠৰ সমূহ কৰ্ম - কৰ্তা, ‌শু‌ভাকাংশী আৰু পাঠকলৈ চেনেহৰ ভোগালী বিহুটিৰ হিয়া ভৰা ওলগ জাচিলো লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰি অহামাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো। ধন্যবাদ।

  
জয় আই অসম।
জয়তু দেশ-ভূমি।



সুৰজিৎ বৰ্মন
সম্পাদক, কুঁহিপাঠ ই-আলোচনী





No comments

Powered by Blogger.