Header Ads

অপ্ৰকাশ্য অনুভৱ ✍ দীক্ষাৰাণী গগৈ

Assamese Story- Dikhyarani Gogoi

হুৰ হুৰকৈ বৰষুণজাক নামি আহিল- অকণো আগজাননী নিদিয়াকৈ । এই শীতৰ বতৰত আহি যোৱা আবতৰীয়া বৰষুণজাকে সকলোকে অসুবিধা দিলে । সমীৰো কলেজলৈ বুলি ওলাই আহিছিল । কিন্তু হৰ্ঠাতে বৰষুণজাক আহি গ'ল । সেয়ে সি ৰাস্তাৰ দাঁতিৰ চাহ দোকান এখনত ৰৈ দিলে । গৰম চাহ এপিয়লাই এই মুহূৰ্তত তাৰ শ্ৰেষ্ঠ সংগী হব বুলি মনতে ভাবি সি দোকানৰ ল'ৰাটোক একাপ চাহ আনিবলৈ ক'লে । তেনেতে দোকানখনৰ ভিতৰৰ পৰা এটি সৰু কোলাহল ভাঁহি আহিল । শব্দবিলাক ভাল লাগিলেও সমীৰে ভিতৰলৈ জুমি চাবলৈ ইচ্ছা প্ৰকাশ নকৰিলে । লোকৰ কথাত মূৰ সুমুৱাবলৈ  সি এনেও ভাল নাপায় । সমীৰে আনন্দ মনে চাহৰ জুতি লোৱাত লাগিল ।

  তেনেতে ভিতৰৰ সেই কোলাহলটো ক্ৰমাৎ বাহিৰলৈ আহিল আৰু সমীৰৰ সন্মুখেৰে কেইবাজাকো চঞ্চল বতাহ পাৰ হৈ গ'ল । সেই চঞ্চলা ফাগুনীকেইজনী তাৰ কলেজৰ উনিফৰ্মত অৰ্থাৎ তাহাতৰে কলেজৰ ছোৱালী । সমীৰে তাহাতৰ পৰা চকু ঘূৰাই চাহত চুমুক দিব লওঁতেই দেখিলে কোনোবা এজনীৰ হাতৰ পৰা ৰুমাল এখন পৰি গৈছে ।সমীৰে চাহ এৰি ৰুমাল খন দিবলৈ ঢপলিয়াই গ'ল যদিও ইতিমধ্যে তাহাতি গাড়ীত উঠিছিল। গাড়ীৰ ভিতৰৰ পৰাই এজনী ছোৱালীয়ে সমীৰলৈ চাই দিয়াত সমীৰেও ৰুমালখন দাঙি ধৰিলে আৰু তাইয়ো হাঁহি এটা মাৰি ইংগিতেৰে কৈ গল যে সেইখন তাইৰেই ৰুমাল।
   
  ইতিমধ্যে বৰষুনো শেষ হৈছিল। সমীৰেও কলেজ লৈ বুলি পুনৰ বাইক ষ্টাৰ্ট দিলে। তাৰ প্ৰথম ক্লাছটোলৈ এনেও পলম হৈছিল। সেয়েহে সি হল ঘৰটোত বহিলেগৈ। অথনিৰ ছোৱালীজনীক ক'ৰবাত দেখা পাও নেকি চালে। আমনি লগাত সি মোবাইল টোকে উলিয়াই ইনষ্টা গ্ৰাম একাউণ্ট টো উলিয়াই ল'লে। অহ!  এইয়া কি, ৰুমাল হেৰুৱা ছোৱালীজনী ইনষ্টা গ্ৰামত তাৰ ফল'ৱাৰ, ভাৰ্চুৱেল পৃথিৱীৰ চিনাকি মানুহ। 

   সমীৰে এঘাৰ বজাত শ্ৰেণীটো কৰিবলৈ বিভাগীয় শ্ৰেণী কোঠা পালেগৈ। শ্ৰেণী আৰম্ভ হৈছেই ইতিমধ্যে। আজি শ্ৰেণীত বৰুৱা ছাৰে মাৰ্ক্সবাদ পঢ়াইছে। কিন্তু সমীৰৰ মনটো আজি পঢ়াত নাই, ক'ৰবাত যেন উৰি ফুৰিছে। আৰে, এইয়া কি মনলৈ চোন সেই ছোৱালীজনী ভাঁহি আহিছে। কি আছিল তাইৰ নাম, কি আছিল... অনিন্দিতা, অনিন্দিতা কাশ্যপ। 

  সমীৰৰ অন্য মনস্কতা ছাৰৰ চকুত ধৰা পৰি গ'ল। শ্ৰেণী টোত ভাল ছাত্ৰ বুলি সুনাম থকা  সমীৰৰ এনে ব্যৱহাৰ ছাৰে ভালদৰেই লক্ষ্য কৰিলে আৰু তাক শ্ৰেণীৰ শেষত সোঁৱৰাই থৈও গ'ল। কিন্তু সেই কথা বোৰ যেন আজি এখন কাণেৰে সোমাই আন এখনেৰে ওলাই গৈছে। সি আজি নীলা ৰুমালৰ গৰাকী অনিন্দিতাৰ সন্ধানত। সমীৰে আৰু এটা ক্লাছো নকৰিলে। ঘৰলৈ ঘূৰি গ'ল। আজি সি ঘৰতো অকণো মন বহাব নোৱাৰিলে। এইয়া কি হৈছে সমীৰৰ । প্ৰথম দৃষ্টিতে কিয় তাৰ অনিন্দিতাক ভাল লাগি গৈছে? তাইৰ ছবিখন কিয় মনত বাৰে বাৰে ভাঁহি আহিছে? কিয় হৈছে এনে সমীৰৰ ? সমীৰ বাৰু প্ৰেমত পৰিছে নেকি? 

  এনেদৰে প্ৰায় এসপ্তাহ পাৰ হৈ গল। নীলা ৰুমালৰ গৰাকীৰ সন্ধান সি এতিয়াও পোৱাই নাই। তথাপি সেই চঞ্চলা বতাহ জাকিয়ে সমীৰক এইকেইদিন বাৰুকৈয়ে কোবাইছে। সি চাগে অনিন্দিতাক মনে - প্ৰাণে ভাল পাই পেলাইছে। ধেত! কি ভাবিছে সি এইবোৰ, এইয়া হয়তো সাময়িক আকৰ্ষণ আৰু তাইৰ কোনোবা আপোনজন থাকিবও টো পাৰে। সমীৰে নিজকে প্রকৃতিষ্ট কৰাৰ চেষ্টা কৰিলে। অৱশেষত  সেই দিনটো আহি পালে। তাৰ সন্মুখত অনিন্দিতা নামৰ নীলা-বগা পখিলা জনী ৰৈ আছে। ধুনীয়া হাঁহি টিৰ সৈতে মৰমলগা মুখ-খনিৰ পৰা চকু আঁতৰাবলৈ মন নাযায়। অনিন্দিতাই তাৰ মুখলৈ চাই সুধিলে,"কি ভাবি আছা, দিয়া ৰুমাল খন।" সমীৰে পাহৰিয়েই গৈছিল। 
" অ', এইখন লোৱা, ৰুমালখন বৰ ৰঙীন।" 
" মানে?", অনিন্দিতাই সুধিলে।
" মানে ৰুমালখনৰ ৰংটো বৰ ধুনীয়া, মোৰ প্ৰিয় ৰং" (আৰু লগতে ৰুমাল খনৰ গৰাকীও) সমীৰে মনতে ভাবিলে। 
" অ' সেইটো কথা। মোৰ মাৰ মৰম এইয়া। বাৰু যাওঁ দিয়া। মোৰ নাম অনিন্দিতা। এইবাৰ হায়াৰ চেকেণ্ডেৰী ফাইনেল দিম। আজি পৰীক্ষাৰ এডমিট নিব আহিলোঁ। তোমাৰ চিনাকিটো নিদিয়া?" 
"অ' মই সমীৰ, সমীৰ শইকীয়া, ৰাজনীতি বিজ্ঞানৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ।" পৰীক্ষালৈ শুভেচ্ছা থাকিল" ---- সমীৰে ক'লে । 
" বাৰু লগ পাই ভাল লাগিল। আকৌ লগ পাম । এতিয়া যাও দিয়া।" এই বুলি অনিন্দিতাই সমীৰৰ পৰা বিদায় ল'লে ।
এটা হাঁহিৰে অনিন্দিতাক বিদায় দি সমীৰে বুকুৰ কোনোবা কোণত বিষ এটি অনুভৱ কৰিলে। এই কলেজত তাৰ এইকেইটা দিনেই শেষ দিন। আৰু অনিন্দিতা এতিয়া পৰীক্ষাত ব্যস্ত। গতিকে পুনৰ এবাৰ লগ পোৱাৰ আশা তেনেই ক্ষীণ আৰু তাইতো নাজানে সমীৰ নামৰ এই অচিনাকি লৰাটোৰ তাই নিচেই আপোন হৈ পৰিছে। থাকক, নালাগে তাই জানিবলৈ। সমীৰৰ মাজতেই থাকক। হয়তো প্ৰেমৰ অনুভূতি এনেকুৱাই , অপ্ৰকাশ্য প্ৰেমৰ এইয়া অপাৰ মধুৰতা --- সমীৰে হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰিলে পোৱা - নোপোৱাৰ এই  অপ্ৰকাশ্য অনুভূতি। 


 দীক্ষাৰাণী গগৈ
স্নাতক দ্বিতীয় ষাণ্মাসিক
ৰাজনীতি বিজ্ঞান বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়
যোৰহাট -০১

No comments

Powered by Blogger.