কুঁহিপাঠ ✍ সম্পাদকীয় : মৃত্যুৰ কিৰিলি বনাম মানৱতা
সৰু শিলেৰে সেন্দুৰিয়া আলি বান্ধ।"
মানুহৰ সংস্কৃতিপ্ৰৱণ মনটো হ'ল সভ্যতাৰ ফচল। পিছে সভ্যতাৰ স্বৰূপ? সভ্যতা হ'ল প্ৰকৃতিলদ্ধ শিক্ষাই মানুহৰ মনন চিন্তা, যুক্তি, আৱেগ,কল্পনা আদি মানসিক গুণাৱলীক প্ৰসাৰিত কৰি বাস্তৱত ৰূপ দিয়া এক জীৱন শৈলী। উচ্চাত্মিতকাবোধ , অশ্ৰদ্ধাশীল মনোভাৱ, অসূয়া - অপ্ৰীতিৰে মানুহে নিজৰ শ্ৰেষ্ঠতাক প্ৰমান কৰিব নোৱাৰে। কিয়নো 'শ্ৰেষ্ঠতা' ৰ পূৰ্ণতা প্ৰাপ্তিৰ লক্ষণ শ্ৰেষ্ঠ কৰ্মৰাজিৰ সাধনাৰ মাজতহে। শ্ৰেষ্ঠ কৰ্মৰাজি - যিবোৰ কামৰ ফলাফলে সমাজত ধনাত্মক দিশত ধাৱমান কৰে। বুদ্ধিদীপ্ত চেতনাৰ অগণি জ্বলায়। কিন্তু পৰিমাৰ্জিত শ্ৰেষ্ঠ-কৰ্মৰ জৰিয়তে ধৰ্মীয় দৰ্শন তত্বক উপলব্ধি কৰি সমাজ তথা দেশৰ ইতিবাচক চিন্তা কৰাটো সকলো মানসিক স্তৰৰ মানুহৰ বাবে যেন সম্ভৱপৰ যেন নহ'ল।চাৰিওফালে একুৰা জুই জ্বলিছে আৰু সেই জুইত উঁইচিৰিঙাৰ, চগা, কীট - পতংগৰ দৰে মৃত্যু হৈছে "মানৱতা"ৰ। ধ্বংসৰ কৰাল গ্ৰাসত কেৱল জীয়াতু ভুগিছে প্ৰকৃত মানৱে। মানৱতা আৰু ধৰ্মৰ যেন এক জৰী নিছিগা এনাজৰী। পৱিত্ৰ ধৰ্মৰ ভিত্তিত ধৰ্মীয় শ্ৰেষ্ঠতাক পৰিমাৰ্জিত ৰূপত সংস্কাৰ দিয়াটো যেন এতিয়া নিত্যান্ত উপলব্ধিৰ বিষয়। শাসকীয় চালনাৰ পৰা মুক্ত হৈ সমাজৰ ইতিবাচক ক্ৰিয়া - প্ৰক্ৰিয়াক লক্ষ্য কৰি ধৰ্ম বিভেদে প্ৰত্যেক মানৱৰ বাবে এয়া যেন কৰণীয় স্বৰূপ। এনে ক্ষণত চিন্তাশীল আৰু প্ৰকৃত বুদ্ধিজীৱী সকল পথ প্ৰদৰ্শক হিচাপে জনসাধাৰণক বাট দেখুওৱাটো বাঞ্চনীয়।
কেৱল মাত্ৰ ধৰ্মীয় ক্ষেত্ৰতেই নহয় সকলোবোৰ সাংস্কৃতিৰ পৰম্পৰাই যুগ সাপেক্ষে পৰিৱৰ্তন হ'বলৈ বাধ্য । সময়ত প্ৰয়োজন এই পৰিৱৰ্তনৰ লগত খাপ খাই নতুনত্বৰ সাজ পিন্ধিবলৈ গৈ কোনো সাংস্কৃতিক কৰ্মই যাতে নিজ পৰম্পৰাৰ পৰা ছিন্ন-বিচ্ছিন্ন নহয়। কিয়নো ছিন্ন-মূল পৰম্পৰাৰ ৰক্ষণা বেক্ষণ কেতিয়াও এটা জাতিৰ শ্ৰেষ্ঠ কৰ্ম হিচাপে অভিহিত নহয়। সাধাৰণ মানুহৰ অন্তৰত "আত্মজ্ঞান" জগাব পৰা ভিন্ন কাৰ্যপন্থা হাতত লব পৰাটোহে এটা জাতিৰ ধ্বজাস্বৰূপ।
"তেজাল ডেকাৰ ৰাঙলী দেহে
দোহাৰিছে স্খলন মানৱতা।
মানৱতা? আজি আছেনো ক'ত।
আছে ক্ষমতা লোভীৰ দেশ
ভদ্ৰ মুখাৰ বেশ।
ক্লান্ত বতাহে উৰুৱাইছে দুৰ্নীতিৰ ধ্বজা।
পাহাৰে আজি চিঞৰিছে , ভৈয়ামে আজি কান্দিছে।
লাগে মাথোঁ মানৱতা, লাগে মাথোঁ মানৱতা।। "
( ধন্যবাদ অপ্ৰিম)
সমাজ জাতি উৰ্দ্ধত ধৰ্মৰ মঞ্চ তৈয়াৰ কৰা সকলে এনে চিন্তা চলালে সৰ্বদেশবাসী তথা মানৱৰ কল্যাণ সাধন হ'বলৈ তেন্তে বেছি পৰ নাই। সভ্যতাৰ এই "যাত্ৰা বিন্দু" ৰ গতি যাতে চিৰ ধাৱমান হয় আৰু ঘূৰি আহে জাতীয় জীৱনলৈ এক প্ৰৱল দৃঢ়তা আৰু অটুতা। তাৰেই কামনাৰেই অন্তিম যোৱা পৰত কুঁহিপাঠৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা মানৱতাৰ স্বাৰ্থ ৰক্ষাৰ যুঁজত প্ৰাণ আহুতি দিয়া প্ৰতিজন বীৰ শ্বহিদলৈ এইবাৰৰ ফাগুন বিশেষ কুঁহিপাঠ সংখ্যাটি উৎসৰ্গিত কৰিলোঁ। ধন্যবাদ।
শ্বহীদ তোমাক কোটি - কোটি প্ৰণাম।
☞সুৰজিৎ বৰ্মন
সম্পাদক, কুঁহিপাঠ ই-আলোচনী
মন্তব্য কৰক