কুঁহিপাঠ ✍ সম্পাদকীয় : সন্ত্ৰাসবাদৰ বিভীষিকা আৰু শ্বহীদৰ নিস্বাৰ্থ বলিদান
১৪ ফেব্ৰুৱাৰী। হঠাৎ পৰিচিত এখনি ঠাই। অগ্নিগৰ্ভ পৰিস্থিতি। চৰ্চা লৈ আহিল জন্মু - কাশ্মীৰৰ পুলৱামা। পুলৱামাৰ অতীত গৌৰৱোজ্জল। কিন্তু বৰ্তমান ই কলংকিত। অভিশপ্ত এই দিনত প্ৰাণ হেৰুৱালে দুকুৰিৰো অধিক দেশৰ জোৱানে। কালিমা সানিলে ক'ত পৰিয়ালৰ বুকুত। বীভৎস তথা অতিকৈ ভয়ানক এই আক্ৰমণে স্বাভাৱিকতে ক্ৰোধান্বিত কৰি তুলিলে দেশৰ সৰ্ব - জনসাধাৰণক । কিন্তু এতিয়া পথ কেনি ?
এই সভ্যতাৰ যান্ত্ৰিক ভূগোলত কিমান যে শ্বহীদে প্ৰাণ আহুতি দিলে। মাটি - পানী - আকাশ সকলোতে কেৱল তেজৰ চেঁকুৰা। লৰালিৰ উঠি অহা দিনবোৰ আছিল কিছু বিপৰীত। বীৰত্বৰ কাহিনী, স্বদেশ প্ৰেমৰ উদ্ধুধান ঘটোৱা আধুনিক সাধুকথাবোৰ শুনি-শুনি ডাঙৰ হোৱা প্ৰতীয়মান হয়। কিন্তু সৈন্যসকলৰ নিৰ্মম মৃত্যু,শঙ্কা,আৰ্থিক-সামাজিক অৱনমন আদিয়ে যে পূৰ্ণ দেশবাসীক কেনেদৰে জুৰুলা কৰিছে সেইটো এতিয়াৰ লক্ষ্য-পৰিলক্ষিত কথা। নেতাৰ ৰাজনীতিৰ অংকত সৈন্যই প্ৰাণ হেৰুৱাই যি জাতীয় বলিদান দি গৈছে তেনে বীৰ-শ্বহীদৰ ওচৰত প্ৰতিজন ভাৰতীয়বাসী ঋণী। নিস্বাৰ্থ শ্বহীদৰ কৰুণ কাহিনী পৰিয়ালৰ আত্মীয়ই মনত পুহি ৰাখি তেওঁলোকক জীয়াই ৰাখিলে। কেৱল মাত্ৰ এই বীৰ যোদ্ধাহে প্ৰকৃত দেশৰ ৰক্ষক। আমি গৰ্বিত লগতে সৌভাগ্যৱান সেই মাতৃ। যাৰ এনে সন্তানে জনম লভি প্ৰতিটো খোজত এই দেশ মাতৃক ৰক্ষাৰ যুঁজত প্ৰাণ বিসৰ্জন দিছে। সন্ত্ৰাসবাদৰ বিভীষিকাত নিহত অৰ্ধ - সামৰিক বাহিনীকে আদি কৰি সমূহ পূৰ্বৰ জোৱান সকলৰ মৃত্যুৰ শোকত সমগ্ৰ দেশ বাসী ম্ৰিয়মান হৈ পৰাটো স্বাভাৱিক। ১৩০ কোটি ভাৰতীয়ৰ সমস্বৰে সন্ত্ৰাসবাদ নিপাত যোৱা প্ৰতিধ্বনি আজি চৌদিশে বিচ্ছুৰিত।কিন্তু চচিয়েল মিডিয়াৰ প্ৰসাৰতাৰ ফলপ্ৰসূ বিভ্ৰান্তিৰ বাতৰিয়ে সাধাৰণ মানুহক বিপথে পৰিচালিত কৰা দেখা গৈছে। এনে ক্ষনত জনসাধাৰণে শাসকীয় পক্ষ আৰু দেশৰ সুৰক্ষাত কৰ্মৰত প্ৰতি জোৱানৰ ওপৰত আশ্বাস ৰখাটো অতি প্ৰয়োজনীয়। পাক সমৰ্থিত সন্ত্ৰাসবাদীক শল ঠেকত পেলাবলৈ ভাৰত চৰকাৰে কাশ্মীৰীসকলৰ আস্থা অৰ্জন কৰাটো অপৰিহাৰ্য্য। আভ্যন্তৰীণ শক্তি সমূহ পৰ্য্যালোচনা হলেহে সমস্যা সমাধানৰ পথ প্ৰশস্ত হব। শেষত দল-মত নিৰ্বিশেষে সকলো দেশবাসী ঐক্যবদ্ধ হৈ এই দেশভূমিক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাৰ নিত্যান্ত সময় হিচাপে এই কালচোৱাই উপযুক্ত স্থিতি অৰ্জন কৰিছে।ভাৰতীয় বায়ু সেনাৰ শেহতীয়া উত্তৰত আমি গৰ্বিত । সেনা বাহিনীৰ তৎপৰতাই দেশৰ চাৰিসীমাক যেনেদৰে সুৰক্ষা প্ৰদান কৰি আহিছে। তাৰ বাবে কোটি - কোটি প্ৰণাম সমূহ ভাৰত জোৱানক। এই জোৱানৰ প্ৰাণ আহুতিৰ মূল্য হয়টো আমি জনসাধাৰণে ক্ষন্তেকীয়া ভাৱে সোঁৱৰাম কিন্তু আপোনাসহ আপোনাৰ আত্মীয়ৰ কৰুণ দানস্তম্ভৰ বাবে আমি আপোনাৰ চৰণত মূৰ দোৱাইছোঁ।আপোনালোকৰ পৰশত জীপাল পাই উঠা এই ভূমি পৱিত্ৰ । ধৰ্মীয় বিদ্বেষ আৰু হিংসা পৰস্পৰতা এক অপবাখ্যা। ইয়াৰ আশ্ৰয় শান্তিৰ বাহক কেতিয়াও হব নোৱাৰে। মুঠৰ ওপৰত প্ৰতিজন ভাৰতীয়ই মনত ৰাখক এই নিস্বাৰ্থ জোৱানৰ বলিদান। কোনো শক্তি, বিদ্দেষণাই যাতে আমাক উপহাস কৰিব নোৱাৰে। নিৰ্ভীক এই শ্বহীদৰ আহুতি যাতে কেতিয়াও অথলে নাযায়। শেষত সমূহ কুঁহিপাঠ পৰিয়ালৰ তৰফৰ পৰা ঘনিষ্ঠ ৰূপত শ্বহীদৰ সহস্ৰ ত্যাগৰ বাবে তেওঁলোকক স্মৰণ কৰি বেদীত পুস্পাঞ্জলি আগবঢ়াইছোঁ। শ্ৰদ্ধাঞ্জলি হে পৰমবীৰ।
☞সুৰজিৎ বৰ্মন
ধন্য সেই মাতৃ।
ধন্য এই ভাৰত ভূমি।
☞সুৰজিৎ বৰ্মন
সম্পাদক, কুঁহিপাঠ ই-আলোচনী
মন্তব্য কৰক