সমাজৰ প্ৰতি আমি কিমান দ্বায়ৱদ্ধ ⍰ এটি পৰ্যালোচনা ✍ অভিজিৎ গগৈ
গাঁৱৰ সমাজ ব্যৱস্থাৰ প্ৰতি গাঁৱৰ প্ৰত্যেক শ্ৰেণীলোকৰে সমানে দ্বায়িত্ব আছে, নহয়নে বাৰু ? সেই গতিকে দ্বায়িত্ব সমূহ সূচাৰুৰূপে পালন কৰিবলৈ হ'লে প্ৰত্যেক জাতি-জনগোষ্ঠী লোকৰ মাজত একতাৰ যি বান্ধোন, সেই বান্ধোন শক্তিশালী কৰাটো নিতান্তই প্ৰয়োজনীয়। এতিয়া কথা হ'ল আজিৰ গাঁৱৰ সমাজ ব্যৱস্থাত একতাৰ যি বান্ধোন থাকিব লাগিছিল সেই বান্ধোন কিছু ক্ষেত্ৰত হ্ৰাস পাব ধৰিছে নেকি? যদিহে হ্ৰাস পাইছে, কিয় এনে হৈছে বা ইয়াৰ অন্তৰালত কি আছে, সেই সম্পৰ্কে আমি কিমানজনে অনুভৱ কৰিছো বাৰু ? এই সম্পৰ্কে সকলোৱে এবাৰ হ'লেও অনুভৱ কৰে যদিও নিজৰ স্বাৰ্থসিদ্ধিৰ নিমিত্তে বিষয়টো এৰাই চলিব লগীয়া হয়, হয়নে নহয় সকলোৱে বিবেচনা কৰক। গতিকে এইখিনিতে এটা প্ৰশ্ন উঠিছে -"আমি সমাজখনৰ প্ৰতি কিমান দ্বায়ৱদ্ধ ? "
আজিৰ সময়ত গাঁৱৰ সমাজ ব্যৱস্থাটো সলনি কৰিবলৈ ৰাইজে এজন নিকা ভাৱমূৰ্তিৰ প্ৰতিনিধি নিৰ্বাচিত কৰি জয়যুক্ত কৰে আৰু ইয়াতেই দায়িত্ব শেষ বুলি ভাবে । ই বাৰু কিমান গ্ৰহণযোগ্য? এজন ৰাইজৰ প্ৰতিনিধি হ'ল বুলিয়ে সমস্ত গাঁৱৰ বোজা জাপি দিব লাগিব তেনে নহয় ।সমাজখনক উচ্চ শিখৰত প্ৰতিষ্ঠিত কৰিবলৈ হ'লে গাঁৱৰ প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি প্ৰত্যেক জন ব্যক্তিৰে দায়িত্ব আৰু কৰণীয় আছে ।ইয়াৰ উপৰিও গাঁৱে-ভূঞে সমাজ ব্যৱস্থা সলনি কৰিবলৈ সাংবিধানিক সদন খনেই হ'ল গাওঁ সভা ।পঞ্চায়ত পৰ্য্যায়ত যেতিয়া গাওঁ সভা অনুষ্ঠিত কৰা হয় তেতিয়া গাওঁৰ অভাৱ অভিযোগবোৰ নিজাববীয়াকৈ উত্থাপন কৰি গাওঁখনৰ সমস্যা সমূহ দূৰ কৰাত উচিত পদক্ষেপ লোৱা উচিত আৰু ল'ব লাগিব । অন্যহাতেদি, সমাজখনক আগুৱাই নিবলৈ হ'লে কেৱল চৰকাৰকে ভৰসা নকৰি নিজাববীয়াকৈ কিছু লেখতলবলগীয়া পদক্ষেপ গাওঁৰ মানুহে ল'ব লাগে আৰু লোৱাটো সময় আহি পৰিছে । মই ভাৱো সমাজ এখনক সূচাৰুৰূপে আগুৱাই লৈ যাবলৈ কোনো কমিটীৰ প্ৰয়োজনীয়তা নাই । গাওঁখনক নিকা কৰিবলৈ হ'লে প্ৰত্যেকে সজাগ হৈ ,প্ৰত্যেকে আগ্ৰহী হৈ আগবাঢ়ি আহি সমাজৰ হকে নতুন নতুন কাম হাতত ল'লে কিছু পৰিমাণে হ'লেও গাওঁখনৰ উন্নত হ'ব বুলি মই ভাৱো ।
সদৌ শেষত মোৰ ফালৰ পৰা সকলোলৈ কাতৰ অনুৰোধ - নিজৰ স্বাৰ্থলোভী মনটো ত্যাগ কৰি,আসনৰ ৰাজনীতি নকৰি, খৈয়া স্বভাৱটি এৰি সমাজৰ প্ৰতি দায়ৱদ্ধ হৈ স্বচ্ছ ভাৱধাৰাৰে সকলোৱে এক হৈ কাম কৰি সমাজখনক,গাওঁখনক দিগ-দিগন্তলৈ জিলিকাই তোলাৰ প্ৰয়াস কৰক আৰু লগতে আদৰ্শ গাওঁ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিৰ্ণায়ক ভূমিকা পালন কৰক।
✍ অভিজিৎ গগৈ ।
ডিমৌ,শিৱসাগৰ, অসম ।
মন্তব্য কৰক