তাই বেশ্যা নাছিল ✍ ৰঞ্জন ভূঞা
দিপাংকৰ হঁতৰ ভাড়াঘৰত থাকি একো অভাৱ অনুভৱ কৰা নাছিল কলেজীয়া ছাত্ৰ প্ৰণৱ বৰাই |নিৰ্জু প্ৰকৃতিৰ প্ৰণৱ ল'ৰাটোৱে আচলতে মানুহৰ লগত বেছিকৈ হলি গলি কৰি বেয়া পাইছিল !এজন ভাল মেধাৱী ছাত্ৰ বুলিয়ে কলেজখনত সকলোৰে পৰিচিত সি |দিপাংকৰ আৰু প্ৰহেলিকাক সি নিজৰ দাদা বৌ বুলিয়েই সম্মান কৰে আৰু সিহঁতেও নিজৰ ভাইটিৰ দৰেই মৰমৰ কৰে তাক | প্ৰহেলিকাহঁত বিবাহ পাশত আৱদ্ধ হোৱা আজি প্ৰায় তিনিবছৰেই হ'বৰ হ'ল! এজনী বাঁজী তিৰুতা বুলি প্ৰহেলিকাক সকলোৱে ঠাট্টা-মস্কৰা কৰে, সমাজৰ সকলো শ্ৰেণীৰ মানুহেই উপলুঙা কৰে তাইক |হয়, এটা সন্তানৰ মাক হ'ব নোৱাৰাৰ বাবেই এইখন সমাজত অৱহেলিত তাই |
দিপাংকই তাইৰ মনৰ যন্ত্ৰণা কি সেইয়া অনুভৱ কৰিব পাৰে | আজি তিনিবছৰ পাৰ হোৱাৰ পিছতো সিহঁতে যে পৃতি-মাতৃ হোৱাৰ গৌৰৱ অনুভৱ কৰিব পৰা নাই তাৰ কাৰণ আচলতে দিপাংকৰ হে প্ৰহেলিকা নহয় |
যোৱাবাৰ ডক্টৰে চেকআপ কৰি জনাইছে যে দিপাংকৰৰ সন্তান জন্ম দিব ক্ষমতা নাই | কিন্তু এই অপ্ৰিয় সত্যতো সিহঁত দুটাৰ বাহিৰে আন কোনেও নাজানে | মহাভাৰত যুগৰে পৰা এইখন সমাজত নাৰীয়ে লাঞ্চনা বঞ্ছনা ভোগ কৰি আহিছে, আৰু আজিও তাৰ ব্যক্তিক্ৰম নহয় ,ইয়াৰে এটা জীৱন্ত উদাহৰণ তাই প্ৰহেলিকা |
প্ৰহেলিকাই দিপাংকৰক কেইবাবাৰো অনুৰোধ কৰিছে, নিজৰ নাই যেতিয়া কাৰোবাৰ সন্তান এটাকে আপোন কৰি লোৱাৰ কথা, কিন্তু এক বিশেষ কাৰণত তোলনিয়া সন্তানৰ পৃতি হোৱা ইচ্ছা নাই দিপাংকৰৰ ,সেয়ে তাইৰ অনুৰোধ বাৰে বাৰে সি নাকচ কৰে |
বহুতো ভাৱিচিন্তি অৱশেষত সেই শেষ সিদ্ধান্তটোত উপনীত হৈছিল দিপাংকৰ ||
•••••••••••••••••••••••
সিদিনাৰ কথা, এক বিশেষ জৰুৰী কামত দিপাংকৰ কেইদিনমানৰ বাবে অসমৰ বাহিৰত যাব লগা হৈছিল ! প্ৰণৱৰ ৰুমতো ওচৰতে যেতিয়া বৰ বিশেষ চিন্তা কৰিব লগা একো নাই_দিপাংকৰে বুজাইছিল প্ৰহেলিকাক | প্ৰণৱকো বৌৱেকক চাৱলৈ কৈ দিপাংকৰ ঘৰৰ পৰা ওলাই গৈছিল ||
তেতিয়া নিশা ঠিক দহ বাজি পাৰ হৈ গৈছে মাথোন, প্ৰণৱে ৰাতিৰ সাঁজটো খাই শুৱ লৈছিল হে, তেনেতে ওচৰৰ ৰুমটোৰ পৰা কোনোবা নাৰীৰ হৃদয় ভঙা কণ্ঠস্বৰ ভাঁহি আহি তাৰ কাণত ধৰা দিলে |ভালকৈ লক্ষ্য কৰি জানিলে সেইজনী প্ৰহেলিকা,আচৰিত হ'ল প্ৰণৱ,এই ৰাতিখন আকৌ কি হ'ল তাইৰ | বিচনাৰ পৰা সন্তপৰ্ণে উঠি গ'ল সি- দেখিলে মূল দৰ্জাখনো বন্ধ কৰিবলৈ পাহৰি গৈছে তাই,বুকুৰ মাজত গাৰুটোকে সজোৰে সাৱটি উচুপি উঠিছে প্ৰহেলিকা |সংকোচ আৰু এক অজান ভয়ত যাওঁ নাযাও কৈ সি তাইৰ কাষ পালেগৈ, কিবা এটা ক'বলৈ লৈছিলহে মাথোঁ প্ৰহেলিকাই প্ৰণৱৰ বাওঁ হাত খন যোৰকৈ খামুচী ধৰিলে! প্ৰণৱে সোঁহাতেৰে প্ৰহেলিকাৰ কপালত আলফুলে হাতখনি বুলাই দিলে ,আৰু গভীৰ চিন্তাক্লিস্ট মনেৰে সুধিলে কিয় এনেদৰে কান্দিছে বাৰু তাই?
প্ৰহেলিকাই তাৰ প্ৰশ্নৰ উত্তৰত যিবোৰ কথা কৈছিল শুনি থৰ লাগি গৈছিল সি |
__"প্ৰণৱ,তুমি জানানে বাৰু-- দিপাংকৰ আচলতে তেনে কোনো বিশেষ কামত বাহিৰত যোৱা নাই ! তেখেতে মোক বহুত দিনৰে পৰা এক প্ৰকাৰে অনুৰোধ কৰি আছিল কোনোবা পৰ পৰুষৰ লগত সম্পৰ্ক কৰি হ'লেও মাতৃত্ব হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ যাতে সিও যেন সমাজত এটি সন্তানৰ পিতৃ বুলি গৌৰৱ কৰিব পাৰে !আৰু সেইবাবেই কামৰ অজুহাত দেখুওৱাই সি মোক অকলশৰে এৰি থৈ গৈছে আজি, আগতেও কেইবাবাৰো কৰিছে এনেকুৱা, কিন্তু দিপাংকৰে বিচৰাৰ দৰে আনকোনোবা ব্যক্তিৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰাখিব নোৱাৰো মই,কাৰণ মই বেশ্যা নহয়,কোনোবা পৰ পৰুষৰ লগত আলিংগন কৰাতো মোৰ দ্বাৰা অসম্ভৱ"|___ কথাষাৰ কৈয়ে আকৌ উচুপি উঠিছিল তাই --!!
প্ৰণৱে কি ক'ম কি নক'ম কৈ থুকাথুকি মাতেৰে মাত লগালে __
--"আপুনি ভুল বুজিছে বৌ, পইচাৰ বিনিময়ত নিজৰ শৰীৰটোক বিক্ৰী কৰিবলৈ যোৱা গৰাকীহে আচলতে বেশ্যা |আৰু আপুনি যে পৰ পৰুষৰ বুলি ক'লে মোকো আপোনাৰ আনৰ আনৰ যেন লাগে নি বাৰু__??
একো নকলে তাই,মাথোঁন চলচলীয়া চকু হালে প্ৰণৱৰ চকুত চকু থৈ এপলক চাই ৰ'ল! নিজৰ অজানিতে দুয়ো-দুয়োকে সিহঁতি সাৱটি ধৰিলে! প্ৰণৱে প্ৰহেলিকাৰ লাহী দেহৰ ভাঁজে ভাঁজে আঁকি দিছিল উষ্ণ চুম্বণ আৰু লাহে লাহে দুয়ো উটি গৈছিল স্বপ্নাতুৰ দেশলৈ _____(……) |
আগনিশা হৈ যোৱা ঘটনাটোৰ বাবে প্ৰণৱে প্ৰহেলিকাক লাজ কৰিয়েই হয়টো মতা নাছিল, তাই নিজেই মাত লগালে তাক,আৰু হাতত ধৰি টানি নি একেবাৰে ৰুমত পোৱালেগৈ |
:-কি হ'ল হে ?মোলৈ লাজ কৰিছা নেকি প্ৰণৱ __??
:-ওঁহো__কিন্তু নিজকে কিবা অপৰাধী যেন লাগিছে মোৰ !
:-কিয়,চিন্তা কৰিব নালাগে,মই দিপাংকৰক আজি ৰাতিপুৱাই ফোন কৰি জনালোঁ আমাৰ কথাটো, আৰু এইটোও জনালো মই যে এতিয়া মাতৃ হোৱাৰ পথত | একমাত্ৰ আমাৰ তিনিটাৰ বাহিৰে সমাজৰ আন কোনেও নাজানিব মোৰ সন্তানটোৰ প্ৰকৃত পৃতি আচলতে কোন ?জানা,দিপাংকৰে কথাটো জানি সাংঘাটিক সুখী হৈছে বাৰে বাৰে কংগ্ৰেছুলেশ্যনছ দিছে মোক __||
:-হয়নেকি __? কেতিয়া আহিব দিপাংকৰ দা __??
:-ওমম__কালিলৈকে আহিব কৈছো মই,নাজানো আহে নে নাই! কিয় শুধিলা বা __?
:-নহয় মানে __আমি কৰা ধেমালিবোৰ যদি অপৰাধ নাছিল, তেন্তে তেনেকুৱা ধেমালি আকৌ এবাৰ খেলিব পাৰোঁতো __
:-হাঃহাঃহাঃ__ চাল্লা দুষ্ট,ব'লা তেন্তে __!!
একপ্ৰকাৰে টানি নিয়াৰ দৰেই তাই বিচনাখনৰ ফালে টানি নিছিল তাক |তাৰপিছত কিমান সময় তেনেকৈ বিচনাত পৰি ৰৈছিল সিঁহতেও নাজানে, দুৱাৰত মৰা টোকৰৰ শব্দতহে সচকিত হৈছিল প্ৰহেলিকা! ! আচৰিত হৈছিল তাই__ ইমান সোনকালেই দিপাংকৰ এনেকৈ আহি ওলাব বুলি ভৱা নাছিলতো কেতিয়াও |লাজ লাজ কৈ দুৱাৰ খুলিবলৈ আগবাঢ়িল তাই,প্ৰণৱে তেতিয়ালৈ টোপনিত লালকাল দিছিল |
দুৱাৰখন খোলাৰ লগে লগে চাৰি পাঁচজন মানুহ ভিতৰলৈ সোমাই আহিল আৰু প্ৰণৱ ল'ৰাটোক একপ্ৰকাৰে চুঁচুৰাই নিয়াৰ দৰেই বাহিৰত নি মাৰপিট কৰিব লাগিল ! হতভম্ব হৈছিল প্ৰহেলিকা _| মানুহবোৰক বহুতো অনুৰোধ কৰিছিল,ভৰিয়ে হাতে ধৰিছিল -সি নিৰ্দোষী,তাক মাৰপিট নকৰিব বুলি, কিন্তু সেইমুহূৰ্তত কোনোবাই জানো তাইৰ কথাত গুৰুত্ব দিব | মাথোঁ যি যেনেকৈ পাইছে প্ৰণৱক লাঠ-গুৰ মাৰি আক্ৰমণ কৰাতহে লাগিছে __ইতিমধ্যে এজন দুজনকৈ গাওঁৰ বহুতো মানুহ আহি গোট খালিহে তাত,দুজনী মানে আহিয়েই প্ৰহেলিকাক বাৰুকৈয়ে চৰ সোধালে বোলে বেশ্যাগীৰি কৰিবলৈ ঠাই নাপালি আৰু __!!
চোতালখনৰ এটা কোণাত যন্ত্ৰণাত কেঁকাই কেঁকাই পৰি আছিল প্ৰণৱ | মানুহবোৰৰ হৈ-চৈৰ মাজতে এবাৰ তালৈ লক্ষ্য কৰিলে,অথচ প্ৰহেলিকাই তাৰ চকুত চকু থ'ব নোৱাৰিলে,ক্ষন্তেকৰ বাবে নিমাত হৈ ৰ'ল তাই,কিবা এটা চিন্তা কৰিলে আৰু দৌৰ মাৰি ভিতৰলৈ সোমাই গ'ল,মানুহবোৰে তলকিবই নোৱাৰিলে ||
কিছুসময়ৰ পিছতে দেখিলে ভিতৰত দপদপকৈ জ্বলি উঠিছে একোৰা জুঁই, আৰু এগৰাকী নাৰীৰ আৰ্তনাদ __||
হয়,সেইজনি প্ৰহেলিকা !নিজেই নিজৰ গাত অগ্নিসংযোগ কৰিছে তাই | কিন্তু বাহিৰত উপস্থিত থকা মানুহবোৰে তাইক মৰিবলৈও নিদিলে ||
আধা পুৰা শৰীৰতোক লৈ হস্পিটালত মৃত্যুৰ সৈতে যুঁজি আছে তাই,আনতো ৰুমত আঘাতপ্ৰাপ্তহৈ পৰি আছে প্ৰণৱ নামৰ ল'ৰাটো !!আৰু একেইখন মেডিকেলতে দিপাংকৰো অজ্ঞান হৈ পৰি আছে |
ক্ষন্তেকৰ বাবে জ্ঞান আহিলেই চিঞৰি চিঞঁৰি কান্দোনত ভাঙি পৰে সি ,কিন্তু তাৰ কথাবোৰ কোনেও বুজি পোৱা নাছিল,অস্পষ্ট স্বৰেৰে ফুটি উঠিছিল মাথোন __তাই বেশ্যা নাছিল, তাই বেশ্যা নাছিল ||
✍ৰঞ্জন ভূঞা
মন্তব্য কৰক