অৰ্জুন বটা বিজয়ী বক্সিং সম্ৰাট শিৱ থাপা আৰু তেওঁৰ সৈতে কটোৱা কিছু স্মৰণীয় মূহুৰ্ত
■ আপোনাৰ ব্যক্তিগত জীৱনৰ পৰিচয় সম্পৰ্কে আমাক ক'ব নেকি?
● বয়স - 25 বছৰ
জন্মৰ তাৰিখ- 08/12/1993
পিতা- নদম থাপা
মাতা- গোমা থাপা
■ আপুনি বক্সিং খেলবিধ কেতিয়াৰ পৰা খেলিবলৈ আৰম্ভ কৰিছিল?
● 2004 আৰম্ভ কৰিছিলো উলুবাৰী বক্সিং দুই মাহ। তাৰ পিছত Sai Stadium (2004-05)
■আপুনি এই বক্সিং খেলবিধৰ প্ৰশিক্ষণ ক'ত লৈছিল?
● Sai Stadiumত ।
■আপুনি বক্সিং খেলবিধ শিকাৰ ক্ষেত্ৰত কাৰ কাৰ প্ৰেৰণা লাভ কৰিছিল?
● দেউতাই প্ৰথমে শিকায় ঘৰতে। আকৌ যেতিয়া মই স্কুলৰ পৰা আহো দেউতাই ৰাতিও যেতিয়া সময় পায় তেতিয়া দেউতাই প্ৰশিক্ষণ দিয়ে। ৰাতিপুৱা তিনি বজাতে দেউতাই জগায় দি ঘৰতে Gymত প্ৰশিক্ষণ দিছিল। প্ৰত্যেকটো দিনতে সময় অনুসৰি প্ৰশিক্ষণ দিয়া হৈছিল। দেউতাই প্ৰত্যেকটো দিশতে সহায় কৰি দি প্ৰশিক্ষণ দিছিল আৰু মোক পৰিপক্ক কৰি তুলিছিল। ঘৰতে মোৰ প্ৰথম প্ৰশিক্ষণ দিয়া হৈছিল দেউতাৰ নিৰ্দেশমতেই।
■ আপোনাৰ মতে বৰ্তমান এই খেলবিধ নৱপ্ৰজন্মৰ বাবে কিমান জনপ্ৰিয় খেল হিচাপে পৰিগণিত?
● এইবিধ খেল নৱপ্ৰজন্মৰ মাজত এতিয়া বহুত জনপ্ৰিয়। ডেকাচামে এতিয়া বক্সিং খেলবিধ প্ৰশিক্ষণ লৈ ভবিষ্যতে নিজৰ লগতে দেশৰ সুনাম কঢ়িয়াই আনিব পাৰিব। ' Hard work is the Key to success' ; যদি মনৰ পৰা কিবা পাব বিচাৰে সি তাৰ প্ৰতি dedication থাকিব লাগে তথা লক্ষ্য থাকিব লাগে আৰু মা-দেউতাৰ কথা ভগৱানৰ দৰে সদায় মানি চলিব লাগে। তেতিয়া নিজৰ লক্ষ্যত উপনীত হ'ব পৰা যায়। 'Never give up on your Dreams.'
■ শেষত এজন খেলুৱৈ হিচাপে ভৱিষ্যত আপোনাৰ জীৱন দৰ্শনৰ ফলস্বৰূপে আমাৰ জাতীয় জীৱনত আৰু কি কি নতুন আশা কৰিব পৰা যাব? অলপ কওকচোন?
■ মই মোৰ মাতৃভূমিক শ্ৰদ্ধা কৰো, জাতীয় জীৱনক শ্ৰদ্ধা কৰো, মা-দেউতাকো বহুত শ্ৰদ্ধা কৰো। মই এজন প্ৰতিযোগী হিচাপে যেতিয়া খেলত অংশগ্ৰহণ কৰো, তেতিয়া হাৰিলেও দুখ নহয়, কিন্তু অনুভৱ হয়, হাৰিলো বুলি মন বেয়া নকৰো, উৎসাহী হৈ সদায় বিজয় যে কাৰণ বাবে মোৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ একমাত্ৰ থল। ভগৱানৰ ওপৰত মোৰ বহুত বিশ্বাস আছে আৰু মই Meditationও কৰো, যিয়ে মোৰ বিশ্বাস আৰু কৰ্তব্যৰ প্ৰতি সদায় সজাগ কৰি সচেষ্ট/সুঠাম কৰি ৰাখো। হাৰ-জীত জীৱনত হৈ থাকিব, কিন্তু নিজৰ যিটো লক্ষ্য থাকে সেইটো পূৰ্ণ কৰিবৰ বাবে নিজৰ ফালৰ পৰা সদায় Best perform দিবৰ বাবে চেষ্টা কৰিব লাগে। মই নিজৰ ফালৰ পৰা Best দিছো যাৰ কাৰণেই এইটো ফল পাইছো আৰু futureত নিজক আৰু প্ৰস্তুত কৰো ভালকৈ যাতে আৰু বহুত ভাল ফল দি বিজয়ী হ'ব পাৰো। অতীতত যি ভুল হ'ল ভৱিষ্যতে যাতে আৰু নহয় তাৰ কাৰণে সদায় সজাগ হৈ থাকো।
■ সদৌ শেষত আপুনি আমাক বহুমূলীয়া সময়খিনি দি আমাৰ কুঁহিপাঠ আলোচনী সংখ্যা প্ৰকাশৰ বাবে যি সহায়তা আগবঢ়ালে তাৰ বাবে আমি আপোনালৈ চিৰ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আপোনাৰ স্বাস্হ্য তথা চিৰ-মংগল কামনা কৰিলো।
● মোৰ তৰফৰ পৰা 'কুঁহিপাঠ'ৰ আন্তৰিক কৃতকাৰ্যতা শ্ৰদ্ধাৰে কামনা কৰিলো। ধন্যবাদ।
⤂ কুঁহিপাঠৰ তৰফৰ পৰা সাক্ষাৎকাৰ গ্ৰহণ তথা প্ৰস্তুতকৰণ : সুৰজিৎ বৰ্মন ⤃
মন্তব্য কৰক