Header Ads

আজিও অৱহেলিত নিবনুৱা সমাজ ✍ অভিজিত গগৈ কলমৰ পৰা



মস্যা  সমস্যাই হৈ থাকিব নে যুৱক -যুৱতী সকলে নিবনুৱা বুলিয়েই সকলোকে পৰিচয় দি যাব ।আশা  আকাংখ্যাক সপোনৰ দেশত  ৰাখি থ'বলৈ বাধ্য কৰিলে এদিন এই মাৰ্কচিট-চাৰ্টিফিকেটবোৰো মূল্যহীন হৈ পৰিব ।যদি ভাবে মূল্যহীন হৈ পৰিছে তেন্তে মূল্যবোধৰ ৰাজনীতি বোৰো দুৰ্নীতিত পৰিণত হ'ল ।সকলোৰে আশা -ভৰসা স্থল  পবিত্ৰ সদন অবিশ্বাসেৰে পৰিপূৰ্ণ হ'ল ।পুৰণি সেই গুণ-গৰিমা আজি মিথ্যাচাৰত পৰিগণিত হ'ল।কাকতৰ মাধ্যমেৰে হওঁক বা টিভিৰ মাধ্যমেৰেই  হওঁক অৱগত হৈছিল যুৱক যুৱতী নিবনুৱা সমস্যাৰ হ্ৰাসৰ নিমিত্তে এডভান্টেজ আসাম নামৰ  এটি সুবিশাল  অনুষ্ঠান আয়োজন কৰি কোটি কোটি টকা খৰচ কৰি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰিলে ।সেই গতিকে  অনুষ্ঠানটি নিশ্বয় প্ৰশংসনীয়  আছিল ।কিন্তু প্ৰকৃতাৰ্থত উদ্দেশ্য বোৰ ধোঁৱা চাঙত পৰি ৰ'ল।গতিকে  তাৰ বিপৰীতে যদি সৰু সৰু উদ্যোগ স্থাপন কৰি বা অনান্য কিছু উল্লেখনীয় কাম কৰি  কিঞ্চিত পৰিমাণে  যুৱক - যুৱতী   সকলক সকাহ দিব নোৱাৰিলেহেঁতেন নেকি বাৰু ? ভাৱকচোন অকণমাণ .....


  বৰমূৰীয়া সকললৈ মোৰ পোনপটীয়া  প্ৰশ্ন -"  অসমৰ যুৱক -যুৱতী সকলে আপোনাসবক ভোটদান কৰা নাই নেকি? "  নে তেওঁলোকৰ ভোটৰ মূল্য নাই ।অনুধাৱন কৰক.. ...  আৰু যদি  মূল্য   আছে বুলি অনুভৱ হৈছে তেন্তে" দায়িত্ব পালন নকৰি নিজৰ স্বাৰ্থত  খোৱা কামোৰাত ব্যস্ত হৈ পৰিছে  কিয়? "। সভা -সমিতিয়ে কেৱল সোণৰ  অসম গঢ়িম বুলি ক'লে ভুল কোৱা নহ'বনে যদিহে এই নিবনুৱা সমস্যাটো  সমস্যাই হৈ থাকে। সকলোৱে ক'ব খোজে আজিৰ  যুৱসমাজ দেশৰ ভৱিষ্যত কিন্তু প্ৰকৃতাৰ্থত তেনে  দেশ গঢ়িবলৈ লেখতলবলগীয়া পদক্ষেপ হাতত লৈছে  নে ?  কাতৰ আহ্বান বৰঘৰৰ লোক সকললৈ কথাৰে নহয় কামেৰে সোণৰ  অসম গঢ়ি অসমখনক আগুৱাই লৈ যোৱাত সহায় কৰক।কথা  এষাৰ আছে নহয় বোলে -"চেষ্টাৰ অসাধ্য একো নাই "।


✍ অভিজিত গগৈ

No comments

Powered by Blogger.