Header Ads

পৰিচয় বিহীন ল'ৰা - দিপাংকৰ ডেকা



সূৰ্য্য পুত্ৰ কৰ্ণৰ আই কুন্তী 
মোৰ পিছে কোন? 
নে কোনোবা কুন্তীৰ বংশধৰ ।

কৰ্ণক দিছিল নৈত উটুৱাই 
মোক পিছে ? 
কোনোবাই কয়, ৰাজপথৰ নলাট 
আন কোনোবাই কয় ৰেলৰ দাতিত  ।

কনমানি মোৰ মাতটোৰ চিঞৰ শুনি 
ৰাজপথৰ ভোকাতুৰ ধেকুৰা  কুকুৰ টোৰ
হৃদয় খন কপি আহিছিল আগ বাঢ়ি
ভুক ভুক কৰি ৰাজপথৰ মানুহক 
দিছিল সংকেত ধ্বনি ।

মোৰ পিছে মা দেউতাই কৰিলে কি ? 
প্ৰেম ভালপোৱাৰ চিহ্ন মোৰ জন্ম 
কিন্তু সেয়া বৈধ নাছিল অবৈধ আছিল ।

সমাজৰ ভয়ত জন্মৰ লগে লগে 
ৰাজপথৰ দাতিত দিছিলা দলিয়াই  ।

পৃথিৱীৰ পোহৰ দেখাই দিছিলা দলিয়াই 
তোমাৰ কলংক মছিবলৈ 
মৰম নামৰ তিনিটি আখৰ 
প্ৰেম নামৰ এটি সম্পৰ্ক (সমন্ধ )
ভৰিৰে গচকি মোহাৰি দিলা ।

কিন্তু আজি যে মই জীৱীত 
তোমাক এবাৰ মন গৈছে চাবলৈ 
তোমাৰ হৃদয় খন কেঁচা কলিজাৰে নে 
শিলেৰে গঢ়া সুধিবলে ।

✍ পৰিচয় বিহীন ল'ৰা 
দিপাংকৰ ডেকা 
দেওমৰনৈ, কপিলী সত্ৰ 

No comments

Powered by Blogger.