Header Ads

ভেলেণ্টাইন-ডে বিশেষ ♥ কফি ☕ ৰোহন চাহু



 ভেলেণ্টাইন দে' ৰ আন্তৰিক শুভেচ্ছা তথা ওলগ যাচিলো । কাৰোবাৰ বাবে প্ৰেম হয়তো অনুভৱ, কাৰোবাৰ বাবে ত্যাগ। সকলোৰে বাবে প্ৰেমৰ সংজ্ঞা বেলেগ।১৪ ফেব্ৰুৱাৰী দিনটো প্ৰেমৰ দিন সকলোৱে গম পাই।সকলোৱে উদযাপন কৰে উলহ মালহৰে।। "মই ভাবো, প্ৰেম উদযাপন কৰিবলৈ এটা বিশেষ দিন নালাগে। তুমি যদি সঁচাকৈ কাৰোবাক ভালপোৱা, তোমাৰ বাবে প্ৰতিটো দিনেই ভেলেণ্টাইন ডে হ’ব। গতিকে প্ৰেমত প্ৰেম, ভালপোৱা ইজনে সিজনৰ ওপৰত থকা বিশ্বাস সেইটোহে আচল কথা।" আৰু নিলিখো প্ৰেমৰ দিন বুলি #কফি☕ একাপৰে শুভেচ্ছা জনালোঁ।

*ৰেচিপি বুলিবলৈ একো নাই....

উপকৰণ:
কফি পাউডাৰ:১ চামুচ
গাখীৰ:২কাপ
চেনি:২চামুচ
ক্ৰিম:২চামুচ
কক 'পাউদাৰ :১চামুচ


প্ৰণালী:
গাখীৰ খিনি উতলাই লব তাৰ পিছত চেনি আৰু ক্ৰীম দি অলপ সময় পঘাই লব।ডাঠ হোৱা যেন অনুভৱ হলে কফি পাউদাৰ দি কম জুইত উতলাই থাকিব তাৰ পিছত গৰমে গৰমে কাপ এটাত ঢালি উপৰত বগা কাগজ এখন heart shape হিচাপে কাটি কক ' পাউডাৰ খিনি চেকণি এখনত ঢালি কাগজ খনৰ উপৰত চালি দিব।হৈ গল আপোনাৰ ভাল পোৱা জনলে মৰমৰে বনোৱা কফি একাপ।।।






☕☕  ৰোহন চাহু  ☕☕

No comments

Powered by Blogger.