তোৰে ভাৱনাত বিলীন আজি ; নীলা খামৰ চিঠি ; দুৰ্ভগীয়া প্ৰেমিক
মৰমৰ পোৱালি,
আশাকৰো ভালে আছ, আজি বহুত দিন হল তোক নেদেখা, কথা নপতা, হয়তো পাহৰি গলি মোক,কিন্তু মই পাহৰা নাই তোক জানো নে! তাহানিৰ সপোনে যে আজিও খেদি ফুৰে মোক । আমি হয়তো বনাই নাছিলোঁ আমাৰ বাবে ,তই বেলেগৰ মইও বেলেগৰ বাবেই বনিছিলোঁ চাগে। কিন্তু তই আজিও আমনি কৰ জানো নে সপোনত ,যেতিয়া অকলশৰে থাকোঁ তোৰে ভাৱনাত বিলীন হৈ থাকো মই, তোৰ বাৰু মনত পৰে নে মোক? মাজনিশা কান্দিছ নে কেতিয়াবা মোৰ কথা মনত পেলাই? ৰাতি সাৰ পাই উচুপি উঠনে বাৰু তই? তাহানিৰ কথাই আমনি কৰে নে তোক ?নে নকৰে ?মই যে আজিও পাহৰা নাই একো কথা। সকলো কথাই মনত আছে মোৰ।শেষত ভালকৈ থাকিবি। জীৱনটো ভালকৈ চাবি আকৌ।পৰিলে তোৰ এই দুৰ্ভগীয়া প্ৰেমিকক ক্ষমা কৰি দিবি। তই সুখী হ। তাৰে কামনাৰে আজিলৈ সামৰিছোঁ ।
ইতি
তোমাৰ মৰমৰ
দুৰ্ভগীয়া প্ৰেমিক
মন্তব্য কৰক