Header Ads

নবাবী পনীৰৰ জুতি : তৃষ্ণা বৰফুকনৰ আখল ঘৰ


উপকৰণ:

১) পনীৰ - ৩০০ গ্ৰাম ( এটি আকাৰত কটা)
২) পিয়াঁজ - দুটাৰ পেষ্ট
৩) কাজু বাদাম - ১০ টাকৈ
৪) খিচমিছ - নিজৰ অনুসৰি
৫) দৈ - ১/২ কাপ
৬) ক্ৰীম, বাটাৰ - দুই চামূচ
৭) আদা - সৰু এটুকুৰা
৮) নহৰু - ৩ ফোটা
৯) জলকীয়া -  দুটাৰ পেষ্ট্
১০) গাখীৰ - একাপ
১১) ডাল চেনী - দুটুকুৰা
১২) জালুকৰ গুৰি , কচুৰি মেথি - ১/২ চামুচ
১৩) তেজ পাত - দুখিলা
১৪) ইলাচি - দুটা
১৫) লং - চাৰিটা
১৬) জীৰা - সৰু চামুচেৰে আধা চামুছ

প্ৰস্তুত প্ৰণালী:

 এখন পেন  গৰম কৰি লব। তাতে বাটাৰ দুই চামুছ দিব। গৰম হলে জীৰা , তেজ পাত , লং , ডাল চেনী দিব। অলপ পিয়াজৰ পেস্ত দিব। অলপ ভাজি আদা , নহৰু, জলকীয়া পেষ্ট দি অলপ সময় ভাজিব। যেতিয়া কেঁচা ভাৱটো আঁতৰি যাব, কাজু, খিছমিছৰ পেষ্ট টো দি ভাজি দিব। যেতিয়া শুকান হৈ পৰিব দৈ খিনি দি, কম জুইত ভাজিব, জালুক ৰ গুৰি, নিমখ দি মিহলাই দিব। গাখীৰ দিব। যেতিয়া গাখীৰ খিনি উতলিব পনীৰ খিনি দি দিব। ভালকৈ মিহলাই দিব। কম জুইত চাৰি পাঁচ মিনিট মান সিজিবলৈ দিব।। যেতিয়া সিজিব দুই চামুচ ক্ৰীম দি মিহলাই দিব। কচুৰী মেঠি দিব। মিহলাই দিব। আৰু এতিয়া নবা বী পনী ৰ জীৰা ৰাইচ, নান, পৰাঠাৰ লগত পৰিবেশন কৰিব ।




তৃষ্ণা বৰফুকন

No comments

Powered by Blogger.