সুমন আৰু ৰমেন শৈশৱৰ নলে-গলে লগা বন্ধু। আজিৰ পৰা চাৰি বছৰমান আগতে চাকৰি সূত্ৰে ৰমেনৰ দেউতাক চহৰলৈ বদলি হৈ যোৱাত দেউতাকৰ লগতে ৰমেনহঁতো চহৰলৈ যাব লগা হ'ল। ৰমেনক চহৰৰ স্কুলত দেউতাকে নাম লিখি দিলে। তেতিয়াৰ পৰা সুমনে ৰমেনক সিহঁতৰ গাঁৱৰ ঘৰলৈ আহিলেহে লগ পায়। সেয়েহে এটাই আনটোক লগ পাবলৈ ব্যাকুল হৈ থাকে। এইবাৰ ৰমেন সুমনহঁতৰ ঘৰলৈ কেইবাদিনো থকাকে আহিব বুলি দেউতাকৰ পৰা গম পাই সুমনৰ আনন্দৰ সীমা নোহোৱা হ'ল। ৰমেন অহাৰ খবৰটো দিবলৈ সি ওচৰ চুবুৰীয়া নৰেনহঁতৰ ঘৰলৈ ঢাপলি মেলিলে।আবেলি প্ৰায় ৩ মান বজাত ৰমেন সুমনহঁতৰ ঘৰ পালেহি | ৰমেনৰ সৈতে ৰমেনৰ মাক-দেউতাকো আহিছিল | বহুদিনৰ পাছত সিহঁত দুটাই লগ হ'বলৈ পাই মনৰ আনন্দত ইটোৱে সিটোক সাৱটি ধৰিলে | ৰমেন অহাৰ খবৰ পাইতাহাতৰ স্কুলীয়া বন্ধু পদুম, নৰেন, সীমান্ত,শেখৰ, ৰাজুহঁত আহি সুমনহঁতৰ ঘৰ পালেহি | সুমনৰ মাকে আটাইকেইটাক চাহ-জলপান খাবলৈ দিলে | চাহ-জলপান খাই সিহঁত ওচৰতে ফুৰিবলৈ গ'ল | ৰমেন সিহঁতৰ ঘৰত থকা কেইদিন আটাইকেইটা বন্ধু মিলি খেল-ধেমালি, ফুৰা-চকা কৰি আনন্দত কটালে | মাক দেউতাকৰ লগত সুমন আৰু ৰমেন হাজোৰ মন্দিৰ, পোৱামক্কা আদি তীৰ্থস্থান ভ্ৰমণ কৰিবলৈকো গ'ল | এসপ্তাহ থাকি ৰমেনহঁত চহৰলৈ যাবলৈ ওলাল | ৰমেন যাবগৈ বাবে সুমনহঁতৰ মনত বৰ দুখ | ৰমেনে সিহঁতক দুখ নকৰিবলৈ কৈ আকৌ বন্ধত সিহঁতৰ ওচৰলৈ থকাকৈ আহিব বুলি বুজনি দিলে | পিছদিনা পুৱা ৯ বজাৰ বাছত ৰমেনহঁত যাবলৈ সাজু হ'ল | বাছত উঠি ৰমেন খিৰিকিৰ কাষৰ চিটটোত বহিল | বাছ চলিবলৈ আৰম্ভ হোৱাত ৰমেনে হাত জোঁকাৰিলে সুমনৰ ফালে চাই | সুমনক মুখেৰে অস্ফুটভাৱে ওলাই আহিল - 'বিদায় বন্ধু' |
ৰমেনহঁত যোৱাৰ পিছত সুমনৰ মনটি বেদনাৰে ভৰি পৰিল | বন্ধুক বিদায় দি আহি নৰেন, সীমান্তহঁতেও কি কৰো কি নকৰোকৈ থাকি সুমনহঁতৰ ঘৰত টেলিভিচন্ চাবলৈ বহি পৰিল | পুৱা ১০ বজাৰ বাতৰি চাই সিহঁত আচৰিত হৈ পৰিল | বাতৰিত প্ৰকাশ পোৱা মতে চহৰ অভিমুখী বাছখন দুৰ্ঘটনাত পতিত হৈছে | কেইবাজনো যাত্ৰী নিহত হোৱা লোকৰ নামৰ তালিকাত ৰমেনৰ লগতে তাৰ মাক-দেউতাকৰ নামো দেখিবলৈ পালে | লগে লগে সুমনহঁতৰ মূৰত যেন সৰগ ভাঙি পৰিল |
অবিনাস শৰ্মা
মন্তব্য কৰক