Header Ads

মহাসমুদ্ৰৰ পৰা মহাসিন্ধুলৈ ➻ শুভালক্ষ্মী শইকীয়া




হৰপ্পাৰ প্ৰাচীন ইতিহাসত মনালিছাৰ হাঁহি,
তাম্ৰযুগৰ অক্ষয় লিপিত খোদিত আজিও ঐক্য আৰু সমন্বয়ৰ ঠিকনা-----
প্ৰাচীন কাঁহত বাজে সভ্যতাৰ ঝংকাৰ,
প্ৰস্তৰ কন্যাৰ বুকুত বিধ্বংসৰ আঁচোৰ!

দুখৰ হৃদয়ত যন্ত্রণাৰ গেঙনি,
মহেঞ্জোদাৰোৰ অলিয়ে গলিয়ে হেৰাই যোৱা স্বপ্নৰ ভগ্নাৱশেষ---- 
নীল নদীৰ পাৰত ৰূপোৱালী চাপৰিত বাহৰ পতা বণিকে কি বুজিব সেউজীয়াৰ সৌন্দৰ্য?
বুৰঞ্জীৰ সোণালী ডেউকাত সাধুকথাৰ পাগ,
অতীতে ৰিঙিয়াই যোৱা দেওলগা কাহিনীবোৰত সভ্যতাৰ চেঁকুৰা!!

নীলিমাৰ স্পষ্ট পৃষ্ঠাত খোপনি পোতা আকাশলংঘী ঢৌবোৰে ৰিঙিয়াই যায় 
সৌ ইন্দ্ৰপ্ৰস্থৰ কৰাল বন্ধা অহংকাৰ....
গুহাচিত্রবোৰে আজি আটাহ পাৰি কান্দে,
মহা-মহা সমুদ্ৰৰ দুপাৰ উপচাই ৰিঙিয়াই যোৱা জাক জাক গঙা চিলনীয়ে আনে নতুনৰ আহ্বান।

বিশ্বায়নৰ ধুমুহা
ভাস্কৰ্যৰ বুকুত শিল্পৰ ঠিকনা।
নৱযুগৰ ইতিহাসত নতুনৰ প্ৰলেপ....
হেৰাই যোৱা সেই সিন্ধু সভ্যতাই কি জানিব?
নৱ-নৱ সৃষ্টিয়ে গৰকি যোৱা নতুন দিনৰ এই মহাসিন্ধুৰ বতৰা।।



 শুভালক্ষ্মী শইকীয়া  

No comments

Powered by Blogger.