Header Ads

বেদনাৰ অশ্ৰু ❖ পৰিস্মৃতা বৰা হাজৰিকা


   
                       

          বাৰাণ্ডাতে বহি উচুপি আছে ৰমলা পেহীয়ে । আজি একমাত্ৰ পুত্ৰৰ জন্মদিন । বাৰে বাৰে মনত পৰিছে অতীতৰ সেই দিনবোৰ । মধুৰ স্মৃতিবোৰ ভাহি উঠিছে দুচকুত । চাদৰৰ আচলেৰে চকুলো টুকিছে নিৰৱে - নিঃশব্দে । সময়বোৰ দ্ৰুত গতিত পাৰ হৈ গল ৰমলা পেহীৰ চকুৰ সন্মুখতে। ধৰি ৰাখিবৰ চেষ্টা কৰিও ৰাখিব নোৱাৰিলে হেঁপাহৰ দিনবোৰ । এজাক ধুমুহাই শেষ কৰি যোৱা সপোনৰ ঘৰখন চাই হিয়া ভুকুৱাই কান্দিছে মানুহজনীয়ে । কিমান কষ্টৰে গঢ় দিছিল ঘৰখন । স্বামীৰ মৃত্যুৰ পিছত লোকৰ ঘৰত হাজিৰা কৰি ঘৰ চলোৱাৰ লগতে পুত্ৰৰ পঢ়াৰ খৰছ যোগাৰ কৰিছিল । কিন্তু পঢ়ি শুনি ভাল চাকৰি কৰি পাহৰি গ'ল মাকৰ মৰম । চহৰৰ ছোৱালী বিয়া কৰাই পত্নীৰ কথা মতেই গাঁৱৰ পৰা , মাকৰ পৰা আঁতৰি গ'ল চিৰদিনৰ বাবে । শূন্য হৈ গ'ল ৰমলা পেহীৰ বুকুখন । দুঃখ হুমুনিয়াহে বেৰি ধৰিলে মানুহ জনীক । বেমাৰে কোঙা কৰি অনা মানুহ জনীক চাবলৈ সময় নাই একমাত্ৰ পুত্ৰৰ । এসময়ৰ সুখৰ সংসাৰ খন ভাগি যোৱাৰ দুখতেই উচুপি উঠিল মানুহজনী । নিজৰ মাতৃত্বৰ ওপৰতেই ঘৃণা উপজিল মানুহজনীৰ । কি পাপৰ ফলত এনে সন্তানৰ মা হ'ল ?  শিক্ষা দিওঁ‌তেই ভুল হ'ল চাগৈ । কান্দি উঠিল ৰমলা পেহী । চিৰ দিনৰ বাবে পাহৰি যাব চেষ্টা কৰিলে একমাত্ৰ পুত্ৰৰ মুখ খন । কান্দি কান্দি সাবটি ধৰিলে পুত্ৰৰ ফটোখন । জোৰেৰে , খুব জোৰেৰে ফটোখন সাবটি কান্দিলে ৰমলা পেহীয়ে ।

                                                      পৰিস্মৃতা বৰা হাজৰিকা 
                                         মাজুলী    

No comments

Powered by Blogger.