আমি অসমীয়া ✍ পল্লৱ চৌধুৰী
আজি অসমীয়া জাতি বিপদত
কিমান অপমান সহিম,
কিমান যে তৃষ্ণা ?
ৰজাঘৰীয়াৰ চলনাৰ বলি হৈ
কিমাননো সহিম বেদনা ?
বিদেশীৰ আগমন,
তাহানিও আছিল
আজিও একেই আছে,
সলনি কি হৈছে ?
জাতিৰ নায়কৰূপীজন আজি চোন
খলনায়কলৈ ৰূপান্তৰিত হৈছে ।
এতিয়া যে ---
"আমি অসমীয়া, নহয় দুখীয়া"
বুলিলেই নহ'ব,
নহ'লে নিজ মাটিতে
মগনিয়া হ'বগৈ লাগিব ।
--- হে অসমীয়া !
এলাহবোৰ এৰ,
জাগি উঠ,
দে যুজঁ,
এতিয়াও বৈ আছে তোৰ দেহত
অহৰ্নিশে বীৰ লাচিতৰ তেজ ।
আহ ওলাই বাহিৰলৈ
জাৱৰবোৰ পৰিষ্কাৰ কৰি
সীমাৰ সিফালে দলিয়াবৰ হ'ল,
আকৌ এবাৰ অসমীয়াৰ পৰিচয়
সকলোৰে আগত
দাঙি ধৰিবৰ হ'ল ।
✍ পল্লৱ চৌধুৰী
মন্তব্য কৰক