বৰদৈচিলা ; হীৰকজ্যোতি দত্ত
বৰদৈচিলা , তই আহিলি ?
কোনবাটে আহিলি তই,
আহিছ যেতিয়া দিয়ে যা,
যোৱাবেলিৰ সোৱৰণী
সহস্ৰ গৰিবে তোলৈয়ে ৰৈ আছেহি,
পুনৰ দি যা গৈ বিষাদৰ বৰঙনি।।
এইবেলি নিবিনো কি,
শক্তি টো তোৰ নাইয়েই হ'বলা,
কঢ়িয়াবলৈ মোৰ দূখৰ ভাৰ,
মৃত্যুমুখী পজাটিও যোৱাবেলিয়েই নিলি,
এইবেলি পাৰ যদি লৈয়ে যা,
ৰুগ্ন পিতাইৰ বুকুৰ কামিহাড়।
শুজিব নালাগে যা,
মাটিৰ সতে জীৱন কটোৱা
গৰিবৰ ধাৰ।।
হেৰৌ বৰদৈচিলা,
তোক আদৰাৰ নাই মোৰ সম্বল,
বীৰদৰ্পে সাৱতিবলে নাই যে মোৰ
গগণমুখী মহল।
মই যে কঙালীত পোত যোৱা
দুখীয়াৰ দুলাল,
চাৱ যদি চাই যা, পিয়াহত ককবকোৱা
মোৰ শুদা ভঁৰাল।।
তোৰ কি যে গৌৰৱ,
তইয়ে হেনো বসন্তক কঢ়িয়াই আনিবি,
যৌৱনা প্ৰকৃতিক নৱসাজ পিন্ধাবি,
কিন্তু গৃহহাৰা মানুহৰ হিয়াভগা বিননিত
নিতাল নিশাত তই থমকি ন'ৰবি।।
তোৰ সুঠাম বাহু মেলি প্ৰবাহিত হৈ যা,
উদাত্ত কন্ঠেৰে গুজৰি গুমৰি।।
কাহানিও নাচাবি তই
দুখুনী গাভৰুৰ বিষাদৰ বস্ত্ৰ,
এবাৰ থমকিলেই যে চূৰ্ণ হব তোৰ
সাতামপুৰুষীয়া দৰ্প,
পাষাণ হিয়াৰে তই সহিবি নো কিদৰে,
মোৰ দৰে ভিকহুৰ অনাবিল হৰ্ষ।।
তই বৈ যা বৈ যা,
নহবি কাহানিও ব্যৰ্থ।।
আসন বুলিবলে পীৰাখনি হে আছে,
সেয়ে বহিবলে নকও তোক বৰদৈচিলা,
গৰিবক লুটিবলে পিছে তই নকৰিবি হেলা,
নহলে কলংকই ডুবাব তোৰ সিৰা -উপসিৰা,
তই দুখ নকৰিবি,
হাড়ভঙা ভেটিত এনেও নবহে বিলাসৰ মেলা,
প্ৰতিটো দিনত ওলমি থাকে মাথো দূখৰ একোটি বেলা।।
বৰদৈচিলা,,,,
তই মূৰতুলি বৈ যা,,,,,,,,,।
হীৰকজ্যোতি দত্ত
হাজো
মন্তব্য কৰক