Header Ads

ভোগালীৰ ভোগ ⌘ ৰূপলেখা দেৱী



       ঘোণ মাহত পথাৰৰ সোণগুটি চপাই ভঁৰাল পূৰ্ণ কৰাৰ পিছত পুহ মাহ পৰাৰ লগে লগে অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুটিক আদৰিবলৈ প্ৰস্তুতি পৰ্ব আৰম্ভ হৈ যায়। বিহু হ'ল অসমীয়াৰ জাতীয় উৎসৱ।ই অসমীয়াৰ প্ৰাণ। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়াই‌ অতি উলহ মালহেৰে মাঘ বিহুটি পালন কৰে। ব'হাগ বা ৰঙালী বিহু,কাতি বা কঙালী বিহু আৰু মাঘ বা ভোগালী বিহু--এই তিনিও বিধ বিহুৰে এক নিজস্ব তাৎপৰ্য আছে যদিও মাঘ বিহুৰ কথাই সুকীয়া। গ্ৰামাঞ্চল সমূহত এই সময়ত খেতিয়কে ধানৰ উপৰিও মাহ, তিল,সৰিয়হ, নানাধৰণৰ মাহ জাতীয় শস্য চপাই আনি ভঁৰাল উপচাই ৰাখে। ইয়াৰোপৰি জাৰকালি হোৱা বিবিধ শাক পাচলি যেনে-- লাই, লফা, পালেং, ধনীয়া, চুকা, পদিনা আদিৰ লগতে তিনিও বিধ কবি, মূলা, গাজৰ, বীণ, উৰহী, বিলাহী,বেঙেনা,মটৰ আদিৰে বাৰী ঘৰ উভৈনদী হৈ পৰে। মাঘ বিহু তিনিদিনীয়াকৈ পালন কৰা হয়। পুহ আৰু‌ মাঘৰ সংক্ৰান্তিৰ দিনা মূল বিহু, মকৰ সংক্ৰান্তি বা দোমাহী, তাৰ আগ দিনা উৰুকা আৰু মাঘৰ এক তাৰিখে‌ বৰ বিহু পালন কৰা হয়।

    পুহ মাহৰ পোন্ধৰ দিন মান যোৱাৰ পিছতে পুৰুষসকলে পথাৰত ভেলাঘৰ বা মেজি সজাত ব্যস্ত হৈ মাঘ বিহুটিক আদৰিবলৈ সাজু হয়। আনহাতে মহিলা সকলে নতুন ধানেৰে চিৰা মূড়ি আদি খুন্দা কাৰ্যেৰে ভোগালীৰ জলপান, পিঠা পনা আদিৰ প্ৰস্তুতি চলায়। তাহানিতে কিছুমান গাঁৱত ওচৰ চুবুৰীয়া কেইঘৰ মানৰ জীয়ৰী বোৱাৰী‌য়ে মিলি ইঘৰ সিঘৰত‌ ঢেঁকী বা উৰলত চিৰা, সান্দহ আদি খুন্দি দিয়ে। তেওঁলোকে তাৰ বিনিময়ত কোনো পইচা পাতি নলয়। কেৱল গোটেই দিনটো তেওঁলোকক ভালদৰে কেইবা বাৰো চাহ আৰু দুপৰীয়াৰ সাঁজত মাছে মঙহে সাধ্যানুসাৰে এসাঁজ আপ্যায়ন কৰাৰ নিয়ম প্ৰচলিত আছিল।


    
    বিহুৰ এসপ্তাহ মান আগৰ পৰা বৰা চাউল আৰু আৰৈ চাউলৰ পিঠাগুড়ি খুন্দি পিঠা বনোৱা আৰম্ভ কৰা হয়। তাৰ পিচত তিলৰ লাড়ু আৰু পিঠাৰ বাবে‌ তিল খিনি খোৱাৰ উপযোগী কৰিবলৈ‌ ভালদৰে ধুই তিলৰ বাকলি খিনি গুচোৱা হয়। আমাৰ সমাজত মহিলা সকলে বিভিন্ন প্ৰকাৰৰ পিঠা পনা‌ তৈয়াৰ কৰে। তাৰ ভিতৰত নাৰিকলৰ পিঠা, তিলৰ পিঠা, বৰা চাউলৰ বিভিন্ন পিঠা, ঘিলা পিঠা, সুতুলি পিঠা,লাওপাল্লা পিঠা, পানী পিঠা, ফেনী পিঠা, ভাপত দিয়া পিঠা, চুঙা পিঠা আদি উল্লেখযোগ্য। লাড়ুৰ ভিতৰত নাৰিকল, তিল, চুজি, মুড়ি, চিৰা, গমৰ লাড়ু, গুৰাৰ লাড়ু প্ৰধান। এই লাড়ু পিঠাবোৰ অতি সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও বৰ উপকাৰী। ইয়াত যথেষ্ট পৰিমাণে‌ কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন আৰু‌ ভিটামিন থাকে। তিলৰ পিঠা আৰু লাড়ুৱে আমাৰ ছাল আৰু চুলি মসৃণ কৰাৰ লগতে সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে।

     মূল বিহু বা সংক্ৰান্তিৰ আগদিনা সমগ্ৰ অসম বাসীয়ে উৰুকা পালন‌ কৰে। গ্ৰামাঞ্চলত চুবুৰীয়া সকলে একে লগ হৈ পথাৰৰ ভেলাঘৰ বা মেজীৰ ওচৰত মাছে মঙহে এসাঁজ খোৱাৰ পৰম্পৰা আছে। চহৰাঞ্চলতো ফ্লেটত বাস কৰা পৰিয়াল সমূহে বা চুবুৰীয়া‌ কেইবাঘৰে মিলি‌ উৰুকাৰ ভোজৰ আয়োজন কৰে। উৰুকাৰ দিনা‌ বিভিন্ন প্ৰকাৰৰ মাছ যেনে ৰৌ,‌বৰালী, আৰি,চিতল আদিৰ উপৰিও হাঁহ, পাৰ, ছাগলী, মূৰ্গী আদিৰে বজাৰ উভৈনদী‌ হৈ পৰে। কিছুমান অঞ্চলত ৰাজহুৱা পুখুৰী, নৈ, বিল, খাল আদিৰ পৰা সমূহীয়া ভাৱে মাছ ধৰাৰ এক সুন্দৰ পৰম্পৰা প্ৰচলিত হৈ আছে। চৰকাৰৰ ফালৰ পৰাও এই বিশেষ দিনটোত সুলভ মূল্যতে মাছ যোগান ধৰাৰ ব্যৱস্থা‌ কৰা হয়।মুঠতে মাঘ বিহুত ধনী দুখীয়া সকলোৱে উৰুকাৰ দিনা মাছে মঙহে এমুঠি খোৱাৰ যোগাৰ কৰা দেখা যায়। কিছুমান অঞ্চলত আকৌ বিহুৰ লটাৰী আদি পাতি পুৰস্কাৰ হিচাপে বিজয়ী সকলক পঠা, হাঁহ, পাৰ, মাছ, কণী আদি দিয়া‌ দেখা যায়।

   পুহ মাঘৰ সংক্ৰান্তিৰ দিনা সকলোৱে পুৱা‌ গা পা ধুই মেজিত অগ্নি সংযোগ কৰি লাড়ু পিঠা আদি  অগ্নিক অৰ্পণ কৰি জুই পুৱাই ঘৰা‌ ঘৰি গৈ গোসাঁই সেৱা কৰে। তাৰ পিচত জ্যেষ্ঠ সকলক সেৱা জনাই জলপান গ্ৰহণ কৰাটো এক পৰম্পৰা। জলপানৰ বাবে বিহুৰ চাৰি পাঁচ দিন মান আগতেই পাতি থোৱা ম'হ বা গৰুৰ গাখীৰৰ দৈৰ লগত ক্ৰীম, চিৰা, হুৰুম, মালভোগ কল, জুলীয়া গুৰেৰে জলপান খোৱা হয়। তাৰ পিচত বিভিন্ন প্ৰকাৰৰ লাড়ু,পিঠা আদি খোৱা হয়। এই জলপান স্বাস্থ্যৰ বাবে অতি উপকাৰী। চিৰাত কিছু পৰিমাণে প্ৰ'টিন আৰু কাৰ্বহাইড্ৰেট থাকে।আনহাতে গুৰে পেটৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। জলপানে কৌষ্ঠকাঠিন্য নিৰ্মূল কৰাৰ লগতে দীৰ্ঘায়ু হোৱাত সহায় কৰে।



   এই বিহুত অন্যান্য খাদ্যৰ লগতে মাহকৰাই খোৱাৰো নিয়ম প্ৰচলিত আছে।মাহকৰাই আৰৈ চাউল, বৰা চাউল, মাহ, তিল, বুট, আদা,নিমখেৰে তৈয়াৰ কৰা হয়।  শুকানে ভাজি কৰা এই মাহকৰাই বহুতে গোটেই মাঘৰ মাহটোৰ বাবে প্ৰস্তুত কৰি থয়। আমাৰ কথাতে কোৱা হয়--
মাহকৰাই খাওঁ, বাটে বাট যাওঁ।
মোৰ লগত যিয়ে আহে তাকো এগাল দিওঁ।।

      সংক্ৰান্তি বা দোমাহীৰ দিনা অসমীয়া সকলে জলপান আদি খোৱা বাবে দুপৰীয়া ভাত পানী নাখায়। গধূলি সোনকালে পাকঘৰলৈ গৈ নানান তৰহৰ ব্যঞ্জনেৰে ৰাতিৰ সাজ খোৱাৰ যোগাৰ কৰা হয়। এই দিনাখন কাঠ‌আলু , সৰু আলু, মাটি‌ মাহৰ আঞ্জা খোৱাটো এক পৰম্পৰা।

    সংক্ৰান্তিৰ পিচদিনা অৰ্থাৎ মাঘৰ এক তাৰিখে বৰ বিহু পালন কৰা হয়। এইদিনাখন নিকট আত্মীয়ৰ ঘৰলৈ গৈ জ্যেষ্ঠ্য জনক সেৱা কৰি জলপান আদি খাই তেওঁলোককো নিজ নিজ ঘৰলৈ বিহু খাবলৈ নিমন্ত্ৰণ জনোৱা হয়। এই দিনা দুপৰীয়াৰ সাজ ভাতৰ লগত আগ দিনা ৰাতিয়ে বেছিকৈ ৰান্ধি থোৱা ভাত আৰু আঞ্জা অলপ অলপকৈ‌ মাঘীপন্তা বা প‌ইঁতা হিচাপে খোৱাৰ নিয়ম আছে। এনেদৰে খালে শৰীৰত বল বৃদ্ধি হয় বুলি এক লোক বিশ্বাস আছে। সেয়েহে কোৱা হয়---
"পুহত ৰান্ধি মাঘত খায়
বাঘৰ সমান বল পায়।" 
ওপৰৰ নিয়ম সমূহৰ ঠাই বিশেষে কিছু তাৰতম্য হয় যদিও ভোগালীৰ প্ৰধান উদ্দেশ্য হ'ল ভোগ।

       এনে দৰে ভোগালী বিহু তিনিদিনিয়াকৈ পালন কৰা হয় যদিও বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত বিহুৰ এই তাৎপৰ্য ভালেখিনি ম্লান পৰা দেখা গৈছে। বহুতো মহিলাই ঘৰতে পিঠা পনা তৈয়াৰ কৰাৰ সলনি বজাৰত উপলব্ধ চিৰা পিঠা আৰু দৈৰে বিহু পালন কৰে। তাৰোপৰি উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ‌ নামত এচাম উদণ্ড যুৱকে সুৰা পান আদি কৰি ভোজভাতৰ স্থলী বোৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ উপৰিও নানাধৰণৰ দূৰ্ঘটনা আদি সংঘটিত কৰি নিজৰ লগতে পৰিয়াল একোটিলৈ দূৰ্যোগ নমাই অনা দেখা যায়। 
    অসমৰ জাতীয় উৎসৱ বিহুই সমাজৰ ঐক্য আৰু মিলা প্ৰীতিৰ বান্ধোন অটুট ৰখাত যথেষ্ট অৰিহণা যোগাই আহিছে।

 ৰূপলেখা দেৱী
 গুৱাহাটী

No comments

Powered by Blogger.