হেঙুলীয়া আবেলি - ত্রিবেণী বৰা
আজিও মনত পৰে
জানা ,শ্বিলংৰ সেই
হেঙুলীয়া আবেলিৰ
কথা..................
চিপচিপীয়া......
বৰষুণজাকত
দুয়ো............
আগবাঢ়িছিলো...........
দুহাত সাবটি............
ৰাস্তাৰ কাষৰ.......
পাইন গছবোৰ.....
জ্বিলিকিছিল......
বৃষ্টিৰ..কণিকাৰে.......
আজিও মনত পৰে
সংগোপনে দুয়ো ...
উমাল লোৱা.....
নিশাটিৰ কথা....
য'ত এজাক জোনাকীয়ে সজাইছিল
আমাৰ নিৰলা পঁজাটি
এই একেই হেঙুলীয়া আবেলি
আজিও আছে.....
মাথো তুমি নাই
কাষত............
চিপচিপীয়া বৰষু্ণজাক
আজিও নামি আহিছে......বতাহ
চাটিয়ে কঢ়িয়াই
আনিছে...শেৱালিৰ
সুঘ্রাণ...................
ম্লান পৰিব নিদিও মই
হেঙুলীয়া আবেলিটো......
বিষাদৰ মালিতাৰে...
সদায় জীপাল....
কৰি ৰাখিম......
তুমি দি যোৱা....
মৰমৰ টোপোলাটিৰে ।
✍ত্রিবেণী বৰা
নগাওঁ(পুৰণিগুদাম)
দূৰভাষ নং:-9075638612
মন্তব্য কৰক