ৰাতিপুৱাৰ চাহকাপ আৰু ধোঁৱাচ্ছন্ন আকাশখন - অনুগল্প - নীলম দাস
বাইদেউৰ দোকানত পুৱাৰ চাহকাপ খাই ৰাতুলে খুৱ আমেজেৰে চিগাৰেট ডাল জলাই এটা দীঘল হোপা মাৰি ধোৱাবোৰ শৈল্পীক নৈপূণতাৰে মুক্ত আকাশলৈ এৰি দিলে।হঠাতে নিস্তব্ধতা ভাঙি তাৰ গহীন প্ৰশ্ন- "ঐ আমাৰ জীৱনবোৰো এই চিগাৰেটৰ ধোৱাখিনিৰ দৰে আকাশত বিলিন হৈ যাব নেকি ?"
নৱদীপে তপৰাই মাতিলে -
"জীৱনতোৰ কথা নাজানো , কিন্তু মিনিটে মিনিটে এই দীঘল দাল হুপি থাকিলে , তই এদিন নিশ্বয় বিলিন হবিহি । "
লগে লগে অাদ্দাত এক হাহিৰ বিস্ফোৰণ ।
মনোজে এইবোৰ কথালৈ ভ্ৰুক্ষেপ নকৰি এনেতে আন এদালৰ অন্তিম সৎকাৰ কৰিবলৈ পকেটত হাতখন ভৰালে ।
"ঐ মনোজ , মোৰ *first quota* দেই । "- নৱদীপৰ অনুৰোধ আৰু দাবি মিশ্ৰিত চিয়ঁৰ ।
নীলম দাস
শিৱসাগৰ
শিৱসাগৰ
মন্তব্য কৰক