Header Ads

মানাহ অভয়াৰণ্য ;বিশ্ব ঐতিহ্যক্ষেত্ৰ - কৰবী মহন্ত কলিতা



গুৱাহাটীৰ পৰা প্ৰায় এশ ছয়সত্তৰ নিলগত বৰপেটা জিলাৰ উত্তৰাঞ্চল ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশেৰে বৈ গৈছে। মানাহ নৈৰ নাম অনুসৰি এই উদ্যানখনৰ নামাকৰণ কৰা হৈছে। গৌৰীপুৰৰ ৰজাই চিকাৰস্থলী হিচাপে ব্যৱহাৰ কৰা এই উদ্যানখন পূৰ্বতে সংৰক্ষিত বনাঞ্চল হিচাপে ধৰা হৈছিল, ঊনৈশ একসত্তৰ চনৰ এক অক্টোবৰত মানুহক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। ঊনৈশ তেসত্তৰ চনত ব্ৰাঘ্য প্ৰকল্প আৰম্ভ কৰা হয়। ঊনৈশ পচাশি চনত ইউনেস্ক'ই মানসক বিশ্বাস ঐতিহ্যবাসী স্থান হিচাপে ঘোষণা কৰে। ঊনৈশ পচানব্বৈ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানখন ভূটানৰ ৰয়েল মানস উদ্যানৰ সৈতে সংলগ্ন হৈ আছে।
 বৰ্তমান ইয়াৰ মাটিকালি নশ পঞ্চাশ বৰ্গকিলোমিটাৰ। বাৰিষা যথেষ্ট পৰিমাণৰ বৰষুণ হয়। জুনৰ পৰা জুলাই মাহলৈ বৰষুণ হয়।
    মানাহ ৰাষ্ট্ৰীয় উদ্যানত সৰ্বমুঠ পাঁচশ তিয়াল্লিশ বিধৰ উদ্ভিদৰ প্ৰজাতি পোৱা গৈছে। বৰ্তমানলৈকে উদ্যানখনত পচাৱন বিধৰ স্তন্যপায়ী জন্তু, চাৰিশ পঞ্চাশ প্ৰকাৰৰ পক্ষী, পঞ্চাশ বিধৰ সৰীসৃপ আৰু তিনিবিধ উভচৰ প্ৰাণীৰ প্ৰজাতি পোৱা গৈছে। 
    মানাহ অভয়াৰণ্য আপুৰুগীয়া লুপ্তপ্ৰায় বন্যপ্ৰাণী নলগাহৰি আৰু সোণালী বান্দৰ আদিৰ বাসস্থান হিচাপে, বনৰীয়া ম'হৰ অন্যতম আশ্ৰয়স্থল হিচাপে খ্যাত। 
    অহা দহ অক্টোবৰত মানাহ অভয়াৰণ্য পৰ্য্যটকৰ বাবে মুকলি কৰা হৈছে। পৰ্য্যটকৰ সুবিধাৰ্থে জীফ ছাফাৰি আৰু হাতী ছাফাৰি আদিৰ ব্যৱস্থা কৰা হৈছে। মানাহ অভয়াৰণ্যই
 বিগত বৰ্ষবোৰৰ দৰে এইবেলিও অসমৰ পৰ্য্যটনৰ ক্ষেত্ৰখনত আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আমি আশাবাদী।
✍কৰবী মহন্ত কলিতা

No comments

Powered by Blogger.