জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰাধিকামোহন ভাগৱতীৰ সৈতে পাৰ কৰা কিছু স্মৰণীয় মূহুৰ্ত
নিম্নলিখিত প্ৰশ্নোত্তৰ ৰাজি প্ৰয়াত ৰাধিকামোহন ভাগৱতী দেৱৰ সৈতে অতিবাহিত কৰা পূৰ্বৰ স্মৃতি মাথোঁ। তেখেতৰ অৱদান সমূহে যেনেকৈ ভাষা সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিলে তাৰ বাবে আমি তেওঁৰ আগত চিৰঋণী।
তেখেতৰ সৈতে পাৰ কৰা কিছু মূহুৰ্ত -
※ আপুনি সংবাদ মাধ্যমখনৰ লগত কেনেদৰে জড়িত হৈ পৰিলে ?
=> আৰু বহু ধৰণে ইয়াৰ উত্তৰ দিব পাৰিলেও, ইয়াৰ গুৰি কাৰণ হৈছে অৰ্থনৈতিক | এম.এ. পাছ কৰাৰ পিছতেই জামুগুৰিহাট এৰি গুৱাহাটীমুৱা হলো | আইন পঢ়াৰ হেঁপাহটোৰ বাবেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন কলেজত নাম লগালো | গুৱাহাটীত বহুকেইজন চিনাকি লোক থকাৰ পিছতো, ভাড়া ঘৰ ব্যবস্থা কৰিবৰ থিক কৰিলো | ভাড়া ঘৰত ৰাখিব পৰাকৈ ঘৰৰ ইমান আৰ্থিক যুগতি নাছিল বাবে চাকৰিৰ সন্ধান কৰিলো|সোনাৰাম হাইস্কুলত শিক্ষকতা কৰি ৰাতিৰ খেপত পঢ়া আৰম্ভ কৰিলো | ইয়াৰ লগতে দৈনিক 'নতুন অসমীয়া'ত লেখা মেলা কৰা আৰম্ভ কৰিলো | ইয়াৰ পিছত দৈনিক নতুন অসমীয়া ত উপ-সম্পাদক হিচাপে ১৯৫৮ চনৰ ২৩ জানুৱাৰিৰ পৰা সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিলো |
※ আপুনি যদি সাংবাদিক ন'হলহেঁতেন, জীৱনত কোনটো পথ বাচি ল'লেহেঁতেন?
=> শিক্ষকতা মোৰ আগ্ৰহৰ বিষয় | তথাপি কাগজে কলমে লাগি থাকিব লগাৰ গৌৰৱ সদায় অনুভৱ কৰো |
※ আপোনাৰ জীৱনৰ প্ৰেৰণা ?
=> প্ৰথমে মোৰ মা-দেউতাৰ নাম ল'বই লাগিব | মোৰ দেউতাও এজন সাংবাদিক আছিল | অসমৰ কেইজনমান সাংবাদিক বিশেষকৈ - মোহন মহন্ত, অমিয়কুমাৰ, হেৰেন্দ্ৰ নাথ বৰুৱা, বেণুধৰ শৰ্মা, অম্বিকাগিৰি ৰায়চৌধুৰী, ধীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু বাহিৰৰ কেইজনমান সাংবাদিকৰ ওচৰত মই ঋণী |
(ৰাজ্যপাল বন ৱৰি লাল পুৰোহিত আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা গণৰাজ্য দিৱসত সাংবাদিকতা বটা লাভ কৰা মূহুৰ্তত (২০১৭, জানুৱাৰী)
※ সাংবাদিক জীৱনৰ ৫০ বছৰৰ অভিজ্ঞতাৰ বিষয়ে ক'ব নেকি?
=> সাংবাদিকতাৰ যোৱা ৫০ বছৰত গুৰুদায়িত্ উপলব্ধি কৰি কোনো আপোচ নকৰাকৈ চলি আহিছে | মই বিশ্বাস কৰো - সাধুতা - নিষ্ঠতাৰ শেষ উপহাৰ সাধুতা | নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰিব পৰাটো মোৰ একমাত্ৰ লক্ষ্য | সাংবাদিকতাৰ ভুমিকাৰ দায়িত্ব বুজি উঠাৰ অবিৰত প্ৰচেষ্টা চলাই থাকোঁতেই পাৰ হৈ গৈছে |
※ বৈদ্যুতিক মাধ্যম আৰ ছপা মাধ্যমৰ বাতৰিৰ গুৰুত্বৰ বিষয়ে কি ক'ব?
=>দুয়োটি মাধ্যমৰ মাজতে প্ৰতিযোগিতা বাঢ়িছে যদিও সংবাদপত্ৰক Enriched Journalism কৰিব পাৰিলে প্ৰতিযোগিতাৰ মাজতো ছপা মাধ্যম বৰ্তি থাকিব |
※ সাহিত্য সভাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে আপোনাৰ মতামত?
=> অসম সাহিত্য সভাৰ ভৱিষ্যত কৰ্ম তৎপৰতাৰ ওপৰত নিৰ্ভৰশীল | জাতীয় লাভালাভৰ লক্ষ নকৰি ব্যক্তিগত লাভালাভত গুৰুত্ব দিলে সভা বুৰ খোৱাটো খাটাং | বৰ্তমানৰ দশা মুঠেও সন্তুোষজনক নহয় | শুধৰণি হোৱাৰ দৰকাৰ হ'ব পাৰে |
※ মুখে মুখে প্ৰচলিত যে অসমীয়া ভাষাৰ অস্তিত্ব আজি পূৰ্ণ সংকটত। যুৱ প্ৰজন্মৰ ভূমিকা দৰকাৰী বুলি ভাৱে নে?এই ক্ষেত্ৰত আপুনি কি মতামত আগ বঢ়াব বিচাৰিব?
=> জাতিৰ সমস্যা সদাই উৰ্দ্ধত। নতুন প্ৰজন্মই ইয়াৰ গুৰুদায়িত্ব লোৱাটো বাঞ্চনীয়। বৰ্তমানৰ ৰাজনৈতিক লুণ্ঠন ব্যৱসায়ক নিয়ন্ত্ৰণ কৰিব লাগিব উঠি অহা চামে। এওঁ লোকৰ দায়িত্ব অপৰিসীম বুলি মই গণ্য কৰোঁ ।
※ আপোনাৰ জীৱনৰ কিছু স্মৰণীয় মূহুৰ্ত আমাক জনাব নে?
=> স্মৰণীয় মূহুৰ্ত বুলিবলৈ হলে - মোৰ কৰ্তব্য পালনৰ ব্যৰ্থতা। ব্যৰ্থতাই মোক সকলো সময়ত শিকাইছে। সমাজৰ বাবে জীয়াই থাকিবলৈ পৰাটো প্ৰকৃততে জীৱন। কৰিব লগা বহুতো কাম আছিলে। ... এই উপলব্ধি য়ে মোৰ একো একোটা মূহুৰ্ত স্মৰণীয় লগতে চিন্তা গধূৰ কৰি তোলে।
※ অসমীয়া ভাষাৰ অস্তিত্ব আৰু ভৱিষ্যত সম্বন্ধে আমাক জনাব নে?
=> দায়িত্ব কেৱল এজনৰ নহয় আমাৰ সকলোৰে। ইংৰাজী ভাষাৰ প্ৰসাৰতা তথা মোহে মাতৃভাষা লৈ সংকট অনাটো স্বাভাৱিক যদিও আমি ইয়াক নুই কৰিব নোৱাৰি। সকলো মৌলৰ পৰা আঁতৰাই প্ৰত্যেকে অসমীয়াৰ চৰ্চা কৰোতেই আমাক শক্তি যোগাব। জনসাধৰণৰ চৰ্চাৰ মাধ্যম দি ভাষাৰ বোৱতী নৈৰ সোঁত বোৱাই নিয়াটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। অসমীয়া ভাষাৰ ভৱিষ্যত এন্ধাৰ - এনে ধৰণৰ ক্ষুদ্ৰ চিন্তা মোৰ নাই।
※ আমাৰ কেইটি মান প্ৰশ্নৰ তৎকাল উত্তৰ দিবলৈ সাজু নে আপুনি?
=> নিশ্চয়। চেষ্টা কৰিম।
প্ৰশ্ন ১) আপুনি জৰিত বাতৰি কাকত সমূহ : মুঠ ৬ খন । আজিৰ অসম, হিন্দী চেণ্টিনেল, ৰামধেনু, আজিৰ দৈনিক বাতৰি , নতুন অসমীয়া আৰু দৈনিক অসম।
প্ৰশ্ন ২) প্ৰিয় ঠাই: গাঁওখনি ।
প্ৰশ্ন ৩) প্ৰিয় সাহিত্যিক : মহিম বৰা, নীলমণি ফুকন, হীৰেন গোহাঁই, বিৰিঞ্চি কুমাৰ বৰুৱা।
প্ৰশ্ন ৪) প্ৰিয় খাদ্য: শাক- লোণ পিটিকাৰে নিৰামিষ আহাৰ।
প্ৰশ্ন ৫) প্ৰিয় উপন্যাস গ্ৰন্থ: কেঁচা পাতৰ কঁপনি, কথা ৰত্নাকৰ, প্ৰতিপদ।
সদৌ শেষত আমাৰ সমূহ কুঁহিপাঠ পৰিয়ালৰ তৰফৰ পৰা আপোনাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। আপোনাৰ বহুমূলীয়া অৱদান সমূহে জাতিক যি দুৱাৰ দলি প্ৰদান কৰিলে তাৰ বাবে আমি সকলো আপোনাৰ ওচৰত ঋণী হৈ ৰম। আপোনাৰ লগত অতিবাহিত কৰা এটা এটা পল আমাৰ স্মৰণীয় হৈ ৰৱহি।
...................................................................................................................................................................
...................................................................................................................................................................
মন্তব্য কৰক