কুঁহিপাঠ ✍ সম্পাদকীয় - কৃষক আত্মহত্যা আৰু নীৰৱ সদন
"মই দুৰ্ভগীয়া, উপাইহীন। মই ঋণগ্ৰস্ত। পৰিয়ালক এমুঠি ভাত দিবলৈ অপাৰগ। কৃষি খণ্ডৰ উন্নতিৰ জয়গানক লৈ বজোৱা সেই বৰকাঁহ, ঢাক- ঢোলত যেন আজি মোৰ কাণ ফালিছে। পেট প্ৰৱৰ্ত্তোৱা এই বৃত্তিটো লৈ যেন মই চলিব নোৱাৰা হৈছোঁ। নেতা - বুদ্ধিজীৱী সকলৰ অভিনৱ প্ৰতিবাদ বহু দেখিলোঁ, শুনিলোঁ , ভুল গলোঁ। কিন্তু মই কাপুৰুষ নহয়। নহয় কোনো ভোট বিচাৰিবলৈ অহা বিয়াগোম নেতা পন্থী। মই এইখন দেশৰেই এজন সামান্য দুৰ্ভগীয়া কৃষক আৰু আজি মই তৰাৰ দেশৰ আলহী"।
পৰিসংখ্যা সকলোৰে জ্ঞাত। অভাৱনীয় ভাৱে বৃদ্ধি পোৱা কৃষক সকলৰ আত্মহত্যাই কপোৱাঁইছে পূৰ্ণ ভাৰত। তথাকথিত এইখন ভাৰতৰেই ৭০ শতাংশ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি ক্ষেত্ৰৰ লগত জৰিত। সমূহ দেশৰ জাতীয় আয়ৰ ১৭.৩ শতাংশ কৃষিৰেই অৱদান। অথচ দেশৰ কৃষকৰ অৱস্থা চৰম সীমা চেৰাইছে। দন্দচিত্ৰডাললৈ লক্ষ্য কৰিবলৈ গলে পৰিলক্ষিত যে স্বাধীনতাৰ পাছৰ পৰাই শাসক গোষ্ঠীৰ নানান মনোমোহা আঁচনিয়েও প্ৰদান কৰিব পৰা নাই কৃষক সকলক তেওঁলোকৰ প্ৰাপ্য মানদণ্ড। যি দেশৰ কৃষকে জনতাক ক্ষুধাৰ পৰা পৰিত্ৰাণ দিয়ে, টনকিয়াল কৰে দেশৰ অৰ্থনীতি সেই কৃষকে আজি ৰাজপথত চিঞৰিছে অধিকাৰ আৰু পৰিত্ৰাণ বিচাৰি। বজাৰ ব্যৱস্থাৰ লুণ্ঠন, শাসকীয় পক্ষৰ অৱহেলাই জুৰুলা কৰা এই কৃষকৰ হাহাকাৰ কাণত নপৰে টকাৰ গাদীত পোত যোৱা বিয়াগোম পালি নেতাৰ। অন্ধ এই আইন ব্যৱস্থা নে প্ৰসাশন নে এই নীতি ? প্ৰশ্ন বহুতো আৰু ইয়াৰ উত্তৰ বিচাৰি হাইৰাণ আত্মহত্যাপন্থী দৰিদ্ৰ কৃষক সমাজ। চৰকাৰী আঁচনিৰ আকাংক্ষাই যি সময়ত আকাশলংঘী দূৰত্ব চুবলৈ গৈছে সেই সময়ত চৰম অৱহেলাৰ সন্মুখীন হৈছে একো - একোজন কৃষক, যাৰ হাতত নাই এমুঠি ভাতৰ সামৰ্থ্য। কিছুমান পাইকাৰী ব্যৱসায়ী তথা হাড় ভঙা কৰৰ বোজাই তেওঁলোকক ঠেলি দিছে আত্মহত্যাৰ নিচিনা এক লজ্জা জনক পথৰ দলিত। মচি পৰিছে স্বামীৰ বাবে লোৱা শিৰৰ সেই সেন্দুৰ, ভাঙি পৰিছে পৰিয়ালৰ সেইটি মৰমৰ পজা, অন্ধকাৰৰ দোমোজাত পোত গৈছে কিমান যে সপোন। ডাক্তৰৰ লৰা ডাক্তৰ, অধিবক্তাৰ জীয়ৰী অধিবক্তা আজিৰ পৰিলক্ষিত ছবি। কিন্তু এই ৰাজহাড় স্বৰূপ কৃষি জীৱিকাৰ পথ অনুসৰণ কৰিবলৈ সাজু নে আমাৰ উঠি অহা চাম? ৰাজপথত নেতা - প্ৰহৰীৰ অভিনৱ প্ৰদৰ্শন, জিনচ - টি ছাৰ্ট পৰিধান কৰি তথা কথিত যুৱকৃষক নেতাৰ ভেকোঁ - ভাওনা বিৰাজমান। এখন হাতত এণ্ড্ৰইড ফোন আনখন হাতত ট্ৰেক্টৰৰ ষ্টেয়েৰিং। প্ৰদৰ্শন হৈছে অত্যাধুনিক নাটক। পৰিৱৰ্তনৰ আশাৰ টোপোলা মুখত সোঁপা দি মন্ত্ৰী - আমোলৰ ছত্ৰ -ছায়াত চলিছে ঘৰ মাটি-সম্পত্তি বৃদ্ধি কৰা এক ঘৃণনীয় প্ৰতিযোগীতা | কৃষক আৰু শ্ৰমিকৰ প্ৰতিবাদ তুংগত | কৃষকক গুলিয়াই হত্যা কৰা হৈছে | জাকত জিলিকা চুক্তিৰে কৃষকক উপহাস কৰা হৈছে | প্ৰৱঞ্চনা কৰা হৈছে প্ৰতিটো দিশত | ঘূণে ধৰা মনৰেগা আঁচনিৰ গুৰিৰ আঁসোৱাহে বিধস্ত কৰি তুলিছে জাতি-জনজাতীয় লোকৰ মূলভেটি | স্বামীনাথন আয়োগৰ ক্ৰমাগত অকাৰ্যকৰীতা, ঋণৰ লানি নিচিগা সোঁতে মৃত্যু ঘণ্টা বজাইছে যাতনাৰে ক্লিষ্ট কৃষকগণক | সংবাদমাধ্যমেও সমস্যাবোৰৰ জলপট দাঙি ধৰিলে দেখিবলৈ পোৱা যায় শ্ৰুতি মধুৰ ঋণ ৰেহাইৰ এক চমু বিস্তৃতি। চাৰিও দিশে অগ্ৰসিত মাথোঁ সীমাবদ্ধতা। এওঁলোকে উল্লেখ নকৰে কৰ্পোৰেট আৰু ব্যৱসায়ীৰ নন - পাৰফৰ্মিং সম্পত্তিৰে বেংকত পোহাৰ মেলা সেই সোণ - ঐশ্বৰ্যৰ বিশাল সাগৰ সদৃশ সুৰুঙাৰ প্ৰতিচ্ছবি।অৱহেলিত এই কৃষক সমাজক গুৰুত্ব দিয়া দেশ বাসীৰ বাবে চৰম সময়। উৎপাদনশীলতা, বহনক্ষমতা, শুষ্ক ভূমিত শস্যখেতি, মূল্যৰ আঘাতৰ সুস্থিৰকৰণ এতিয়া যে মাথোঁ সিদ্ধান্ত লোৱাৰ সময়। উদাসীন চৰকাৰৰ পৰা তৰণি নাপাই দেশ জোৰা ধাৰাবাহিক প্ৰতিবাদৰ আজি ঢল বৈছে। ই যে এদিন ফৰাছী বিপ্লৱৰ দৰে সৰ্বাত্মক আৰু নিয়ন্ত্ৰনহীন পৰিস্থিতি উদ্গীৰণ নঘটাব তাক নুই কৰিব নোৱাৰি | উন্মোচিত হ'ল নিত্য- নতুন বিভাগীয় কেলেংকাৰী | টকা হৰলুকি দিয়া অভিযুক্ত বিষয়াক শাস্তিবিধানৰ সেউজীয়া সংকেত নিদিয়াটো বাৰুকৈয়ে চৰকাৰৰ দুৰ্বলতাৰ এক চানেকীস্বৰূপ | শিক্ষা, স্বাস্থ্য, কৃষি সমূহ বিভাগৰ ব্যক্তিগতকৰণে দেশ শ্ৰেণীক জুৰুলা কৰাটো অতি দুখ জনক। তালিকাখন দীঘল। পথাৰত তথা পামত কৰ্মৰত সকলৰ মালিকীস্বতকৰণ আৰু অনান্য সমস্যাৰ অধিকাৰ সমূহৰ বিষয়ত দৃষ্টিপাত নকৰি কৃষি - সংকট সমাধান কৰা অসম্ভৱপৰ।কিন্তু আশাম্বিত যে সংশোধনীৰ মাত্ৰাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব সেই প্ৰতিজন দূৰ্ভগীয়া কৃষকলৈ এক জাতীয় অস্তিত্বৰ সুকীয়তা। প্ৰতিজন কৃষকৰ পৰিয়ালে লাভ কৰিব জীৱন যাপনৰ এক উত্তৰোত্তৰ পৰ্যায়। বাস্তৱত এই ৰূপৰ সমাবেশ এক বৃহৎ প্ৰত্যাহ্বান । মুখামুখি হবলৈ প্ৰয়োজন হ'ব কৃষক, শ্ৰমিক আৰু প্ৰত্যেক শ্ৰেণীৰ এক বিশাল মিত্ৰজোঁটৰ । কেৱল মাত্ৰ সংবেদনশীল এই ব্যৱস্থাৰ বিপক্ষত। দৰিদ্ৰ সকলৰ শক্তিক যেন কোনো উপেক্ষা কৰিবলৈ সাহস নকৰিব। গণতন্ত্ৰৰ এই প্ৰতিবাদ চৌদিশে বিচ্ছুৰিত হওঁক আৰু জলি উঠক প্ৰতিখন কৃষক পৰিয়ালৰ চৌহদত এক আশাৰ বন্তি। তাৰেই কামনাৰে।
☞সুৰজিৎ বৰ্মন
☞সৰ্বজিৎ শৰ্মা
সম্পাদক, কুঁহিপাঠ ই-আলোচনী
☞সুৰজিৎ বৰ্মন
☞সৰ্বজিৎ শৰ্মা
সম্পাদক, কুঁহিপাঠ ই-আলোচনী
মন্তব্য কৰক