এক কন্যা দশ পুত্ৰসম ❖ কন্যা শিশু দিৱসৰ তাৎপৰ্য্য ✍ ৰূপলেখা দেৱী
ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰিলে আমি দেখা পাওঁ যে পৌৰাণিক কালত ভাৰতত নাৰী বা কন্যা সন্তানক সমাজত যথেষ্ট গুৰুত্ব আৰু মৰ্যদা দিয়া হৈছিল। সেইকাৰণেই এগৰাকী কন্যা সন্তান দহজন পুত্ৰৰ সমান বুলি কোৱা হয়। শিক্ষা দীক্ষা, বিদ্যা, বুদ্ধি , মান মৰ্যদা আদি সকলো ক্ষেত্ৰতে মাক দেউতাকসকলে ল'ৰা ছোৱালীক সমানে গুৰুত্ব প্ৰদান কৰিছিল। ইয়াৰ সুন্দৰ উদাহৰণ হ'ল দৰ্শন বিদ্যাত পাৰ্গত গাৰ্গী আৰু মৈত্ৰেয়ী, অংক শাস্ত্ৰত পাৰ্গত লীলাৱতী, জ্যোতিষ শাস্ত্ৰত পাৰ্গত খনা আদিৰ। আনহাতে যুদ্ধ বিগ্ৰহ আদিৰ ক্ষেত্ৰত আমি নাম লব পাৰো ঝাঞ্চি ৰাণী লক্ষীবাঈ, ৰেজিয়া চুলতানা, অসমৰ মূলাগাভৰু আদিৰ। এনে ধৰণৰ বিদ্বান আৰু যুদ্ধ বিদ্যাত পাৰ্গত অলেখ নাৰীৰ উদাহৰণ আমাৰ দেশত আছে। কিন্তু লাহে লাহে নাৰী আৰু কন্যাৰ মৰ্যদা ভাৰত বৰ্ষৰ উপৰিও আন বহুতো দেশত ভালেখিনি ম্লান হৈ অহা পৰিলক্ষিত হৈছে।দিনে দিনে কন্যাসন্তানৰ ওপৰত চলা নানান ধৰণৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন, হত্যা, ধৰ্ষণ, জন্মৰ আগতেই কন্যা ভ্ৰুণ হত্যা আদি এতিয়া একেবাৰে সাধাৰণ ঘটনাত পৰিণত হৈছে।
এনেধৰণৰ নাৰী আৰু কন্যা সন্তান সকলৰ নিৰ্যাতন বন্ধ কৰি তেওঁলোকৰ হৃত মৰ্যদা পুনৰ ঘূৰাই আনিবলৈ প্ৰত্যেক বছৰে ৰাষ্ট্ৰসংঘৰ অধীনৰ দেশ সমূহত 11 অক্টোবৰৰ দিনটো আন্তৰ্জাতিক কন্যা শিশু দিৱসৰূপে পালন কৰা হয় । এই দিনটো বিশেষ ভাবে কন্যা সন্তান সকলৰ বাবে উৎসৰ্গিত কৰা হৈছে । মানব সমাজত চলি অহা লিংগ বৈষম্য দূৰ কৰাই ইয়াৰ মূল উদ্দেশ্য হোৱাৰ উপৰিও কন্যা শিশু সকলৰ শিক্ষাৰ অধিকাৰ , পৰিপুষ্টি , আইনী সহায়তা আৰু ন্যায়ৰ অধিকাৰ , চিকিৎসাৰ সুবিধা আৰু আন কেতবোৰ বৈষম্যৰ পৰা সুৰক্ষা , যৌন নিৰ্যাতন , ঘৰুৱা হিংসা , বলপূৰ্বক শাৰিৰীক নিগ্ৰহ আৰু বাল্য বিবাহ আদিৰ বিলুপ্তি সাধন কৰাই ইয়াৰ অন্যতম প্ৰধান বৈশিষ্ট । প্লেন ইন্টাৰনেচনেল নামৰ বেচৰকাৰী অনুষ্ঠান এটাৰ পৃষ্ঠপোষকতাত এই আন্তৰ্জাতিক কন্যা দিৱসৰ জন্ম হৈছিল । এই আন্দোলনৰ মূল কাৰ্যসূচী হ'ল গোটেই বিশ্বজুৰী কন্যাৰ পৰিপুষ্টি সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা আৰু কানাডা চৰকাৰৰ সহযোগত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা।পাচলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত কানাডাৰ এই কন্যা দিৱসটো পালনৰ প্ৰস্তাব উত্থাপন কৰা হয় আৰু 2012 চনৰ 11 অক্টোবৰৰ পৰা বৰ্তমানলৈ প্ৰত্যেক বছৰে আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰি অহা হৈছে ।প্ৰত্যেক বছৰে ইয়াৰ একোটা বিষয় বস্তুক প্ৰতিপাদ্য বিষয় হিচাপে নিৰ্ধাৰণ কৰি সেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াৰ হকে কাম কৰা হয় । সেই অনুযায়ী 2012 চনৰ বিষয় বস্তু আছিল বাল্যবিবাহ বন্ধ কৰা , 2013 চনত কন্যা শিশুৰ শিক্ষা অভিনব কৰি তোলা , 2014--15 চনত কিশোৰীক ক্ষমতাসম্পন্ন কৰা আৰু কন্যা সন্তানৰ বিৰুদ্ধে হিংসাচক্ৰ বন্ধ কৰা, 2016 চনৰ কন্যাৰ উন্নতিৰ সমান্তৰালকৈ এই লক্ষ্যৰ উন্নতি সাধন কৰা । এই বছৰ অৰ্থাত 2017 চনৰ বিষয় বস্তু হ'ল গাভৰু কন্যাৰ শক্তি বৰ্ধন : 2030 চনলৈ উন্নতিৰ পৰিকল্পনা (the power of adolesent girl : vision for 2030).
কেই বছৰ মান আগলৈ ভাৰতবৰ্ষত কন্যা শিশু সকলৰ অৱস্থিতি অতি দুখজনক আছিল । জন্মৰ আগতেই শিশু কন্যা সকলক এই ধৰণীৰ মুখ দেখাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু দূৰ্ভাগ্য বশতঃ কিছুমান পৰিয়ালত কন্যা জন্মলাভ কৰিলেও সিহঁতক ডাস্টবিন , পথৰ দাঁতি আৰু পানীত উতুৱাই দিয়া হৈছিল । কন্যা সন্তান সকলকৰ তুলনাত পুত্ৰ সন্তানক অধিক গুৰুত্ব প্ৰদান কৰা আৰু সকলো ক্ষেত্ৰতে এক বৈষম্যমৃলক আচৰণ কৰা হৈছিল । বাল্য বিবাহৰ প্ৰচলন আছিল আৰু শিক্ষাৰ অধিকাৰৰ পৰা কন্যাসকলক বঞ্চিত কৰা হৈছিল । দুখীয়া আৰু অশিক্ষিত পৰিয়ালৰ কন্যা শিশু সকলক আনৰ ঘৰত বন কৰা শিশু ৰূপে নিয়োজিত কৰিছিল । বহুতো শিশু কন্যা আকৌ যৌন নিৰ্যাতন, এচিদ আক্ৰমণ, ইভটিজিং আদিৰ বলি হোৱাটো আমাৰ দেশৰ এক সাধাৰণ ঘটনা । তাৰোপৰি বহুতো কিশোৰী কন্যা কুচক্ৰৰ কবলত পৰি বাহিৰৰ ৰাজ্যলৈ গৈ যৌন কৰ্মী আদি হোৱাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যত নিয়োজিত হৈ থকাৰ অলেখ উদাহৰণ আছে । আচলতে কিশোৰী কন্যা সকলক অসৎ মানুহ কিছুমানে বাহিৰত চাকৰি দিম বুলি ফুচুলাই নি এনে ধৰণৰ কামত নিয়োজিত হবলৈ বাধ্য কৰায়।
বৰ্তমান সমগ্ৰ বিশ্বতে 10 বছৰৰ পৰা 19 বছৰ বয়সলৈ প্ৰায় 600 নিযুত অসীম বুদ্ধিমত্তাৰ অধিকাৰী কন্যা সন্তান আছে যদিও জন সজাগতাৰ অভাব আৰু লিঙ্গ বৈষম্যৰ বাবে এনে প্ৰতিভা সমূহ অকালতে মৰহি যায় । গতিকে এই দিৱস পালনৰ জৰিয়তে সকলো বৈষম্য দূৰ কৰি উচিত শিক্ষাৰে সকলো কন্যা শিশুকে , বিশেষকৈ পিচপৰা শ্ৰেণী আৰু নিম্ন আয়ৰ পৰিয়ালৰ কন্যা শিশুসকলৰ শিক্ষাৰ উচিত অধিকাৰ প্ৰদান কৰি 2030 চনৰ ভিতৰত এক শিহৰণকাৰী পৰিবৰ্তন আনি কন্যা শিশু সকলৰ উন্নতি সাধন কৰিবলৈ উদ্যোগ হাতত লোৱা হৈছে ।
✍ ৰূপলেখা দেৱী ।
মন্তব্য কৰক