Header Ads

নীলা খামৰ চিঠি - মানস জ্যোতি নাথ

মৰমৰ
.
আজি কালি মোৰ মন আৰু মগজুৰ মাজত তীব্ৰ বিদুৎ সঞ্চালন হোৱাৰ দৰে তোমাৰ প্ৰতি এক অচিন ভল্টেজৰ প্ৰেম প্ৰবাহ হয় ৷ মই জানো, তুমিও মোৰ বুকুৰ এই কম্পন অলপ হলেও অনুভৱ কৰা ৷ পোহৰৰ বিস্তাৰৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নাই বুলি মাইকেলচন-মৰ্লিৰ (Michelson-Marley) সিদ্ধান্তত কোৱাৰ  দৰে প্ৰেমৰ বিস্তাৰৰ বাবেও একো মাধ্যমৰ প্ৰয়োজন নাই ৷ কলেজৰ কেম্পাচত তোমাক দেখা দিনাৰ পৰাই নিউটনৰ তৃতীয় সূত্ৰই যেন মোৰ হৃদয়ত প্ৰভাৱ বিস্তাৰ কৰিছে ৷ CGL পৰীক্ষাত আহা c.p. আৰু s.p. ৰ লাভাংশ গণিবলৈ মই প্ৰেমত পৰা নাই ৷ অবশ্যে তোমাৰ প্ৰেমত পৰিলে মোৰ কিছু ক্ষতি হব, সেইটো মই ভালকৈ জানো ৷
ধৰি লোৱা,তুমি মোক সুধিবা-- "আজি চিনেমা চাবলৈ যাও ব'লা" ৷
মই ক'ম-"চিনেমা হলত ছবি প্ৰেৰক যন্ত্ৰটো আৰু পৰ্দাৰ মাজত নিদিষ্ট দুৰত্ব থাকে বাবে নায়ক নায়িকা বোৰক ডাঙৰ ডাঙৰ দেখা যায়" ৷ তেতিয়া তুমি খং কৰি ক'বা- "WTF  !! মই চিনেমাৰ কাহিনীত এক সঁচা প্ৰেমৰ চানেকি বিছাৰি থাকোঁ ৷ আৰু তুমি বিছাৰি থাকা ফিজিক্স  অথবা কেমেষ্টী ৷"
.
নাই, এনেকৈ নহব ৷ নিজক সলনি কৰিম ৷ পাইথাগোৰাছ সূত্ৰৰ সলনি আজি কালি মুখস্থ কৰিছোঁ সাম্যবাদী সূত্ৰবোৰ ৷ তথাপিতো তোমাৰ প্ৰেমত পৰিহে এৰিম৷ বিশ্বাস কৰা,  আধুনিক ভাষা সাহিত্যও পঢ়ো আজি কালি ৷ বুজিব চেষ্টা কৰিছো, কোনটো ৰাসায়নিক বিক্ৰিয়াৰ ফলত লেইলা মজনুৰ মাজত ইমান নিভাঁজ প্ৰেম সৃষ্টি হৈছিল ৷ কেনেদৰে বুজালে তুমি বুজিবা যে মোৰ মৰম ভালপোৱৰ উপাদান বোৰ সত্য ৷ এতিয়াযে মোৰ জীয়াই থকাৰ হৰিৎকণা মাথোঁ  তুমিয়েই ৷ সূৰ্যৰ পৰা যিমান উচ্চ শক্তিসম্পন্ন পোহৰ বিকিৰণ নহওক, তথাপি কিন্তু সুগভীৰ সাগৰৰ অন্ত ভাগ চুব নোৱাৰে ৷ তাত কেৱল অন্ধকাৰ ৷ এতিয়া মোৰো এনে লাগিছে যেন  প্ৰেম যিমান সঁচা হলেওঁ কোনেও কাৰো হৃদয়ৰ গভীৰ চুক বোৰ চুব নোৱাৰে ৷ পৰিণতি কেৱল অন্ধকাৰ ৷
.
.
উপসংহাৰ:
কিছুমান অংকৰ সূত্ৰ বুজি নাপাওঁ ৷ যেনেদৰে বুজি নাপাওঁ ঈশ্বৰ কণিকা কাৰ বাবে আৰু উদ্দেশ্য কি ! ! ঠিক তেনেদৰে বুজি নোপোৱা হৈছো তোমাৰ অৱস্থিতি ৷ মোৰ হৃদয়ৰ ড'ট গুনন প্ৰডক্টত যদি মই A, আৰু তুমি B হোৱা ৷ তেন্তে মা কচম, θ (ঠিটা) হব তোমাৰ নতুন প্ৰেমিক জন ৷ কিয় বাৰু বিশ্বাসঘাতকতা কৰিলা ? মেন্ডলৰ সূত্ৰ প্ৰমান কৰিবলৈকে কঢ়িয়াই ফুৰিছা বিশ্বাসঘাতকতাৰ জীন?  মই তোমাৰ DNA টেষ্ট কৰিবলৈ নাযাও ৷ মোৰ এনে লাগিছে যেন মই এটি কক্ষপথৰ পৰা নিষ্কাম হোৱা এটি ইলেক্টন ৷ মূল্যহীন তথা যাযাবৰ ৷ তোমাৰ হৃদয়ৰ নিউক্লিয়াচত স্হান নাপালেও কাৰোবাৰ হৃদয়ত টো সমাদৰ পাম ৷ সেয়ে আশা এৰি দিয়া নাই ৷ Love নামৰ lessonটোৰ যদি, কোনো দীঘল অথচ সহজ প্ৰশ্ন এটি কৰি সুধে -Find the x  ! মই হাঁহি মাৰি উওৰ দিম, মোৰ ক্ষেত্ৰত x = 0... A big zero.
LLB studentৰ দৰে মইও যুক্তি দিব পাৰিম ৷ তুমি ভাবি শেষ কৰিব নোৱাৰৰ ধৰণে অভিলেখ সংখ্যক যুক্তি দিম..ব্লা ব্লা ব্লা ৷ তথাপি লাভ হব নো কি?  ইমান নিভাঁজ কৈ পৰীক্ষা কৰা পাছতো ৰাডাৰফৰ্ডৰ আৰ্হিত আসোঁৱাহ ৰৈ যোৱাৰ দৰে মোৰো প্ৰেমটো কিজানি আসোঁৱাহ ৰৈ গৈছিল ৷ তোমাক বিদায় জনোৱাটো মোৰ একো আপত্তি নাই ৷ মানুহে ভুল কৰিলেহে শিকিব পাৰে ৷
.






ইতি
মানস জ্যোতি নাথ (সপোন)
Powered by Blogger.