অসমত শক্তিপূজা আৰু শাক্ত ধৰ্মৰ ঐতিহ্য - কৰবী মহন্ত কলিতা
শক্তি পূজাৰ কেন্দ্ৰস্থল হিচাপে অসম প্ৰাচীন কালৰে পৰা বিখ্যাত । দক্ষ যজ্ঞত সতীৰ প্ৰাণত্যাগৰ পিছত শিৱই পাৰ্বতীৰ মৃতদেহ কান্ধত লৈ ফুৰিছিল । শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰে দেহ একাৱন্ন খণ্ডত ভাগ কৰি বিভিন্ন স্থানত পেলাই দিয়াত একোখনকৈ মহাপীঠৰ সৃষ্টি হৈছিল । সতীৰ কাম অংশ নীলাচল পৰ্বতত পৰা বাবে কামৰূপ মহাপীঠৰূপে জনাজাত হৈ পৰিল । গতিকে সত্যযুগৰ পৰা অসমত শক্তি পূজাৰ প্ৰচলন আছিল বুলি ক'ব পাৰি । বিখ্যাত হৰিহৰৰ যুদ্ধত তেজপুৰৰ ভৈৰৱী আৰু মহাভৈৰৱী মন্দিৰত শক্তি পূজা, অৰ্চনা চলি থকাৰ পৰা প্ৰমাণিত হয় যে, দ্বাপৰ যুগতো অসমত শক্তি পূজাৰ প্ৰচলন আছিল ।
সিন্ধু সভ্যতাত পোৱা নাৰীমূৰ্তিৰ চিত্ৰসমূহে প্ৰমাণ কৰে যে মাতৃ দেৱীৰ পূজা, অৰ্চনা সিন্ধু সভ্যতাৰ পৰা চলি আহিছে ।
অসমৰ বিভিন্ন ঠাইত উদ্ধাৰ হোৱা দশভূজা, অষ্টভূজা, দুৰ্গা, কালি আদিৰ প্ৰস্তৰ মূৰ্তিসমূহে প্ৰাচীন কালৰে পৰা অসমত শক্তি পূজা চলি থকা স্পষ্ট প্ৰমাণ দাঙি ধৰে।
প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰ দেৱী কামাখ্যা আছিল একান্ত ভক্ত । দেৱীক সন্তুষ্ট কৰিবলৈ এনিশাৰ ভিতৰতে তেওঁ মন্দিৰ স্থাপন কৰিছিল । কোঁচৰজা বিশ্বসিংহ শিৱভক্ত আছিল, যদিও দুৰ্গা মন্দিৰত দুৰ্গা স্থাপন কৰি পূজা অৰ্চনা কৰিছিল। আহোম ৰজা ৰুদ্ৰসিংহই শক্তি পূজাৰ বাবে ৰাজকোষৰ পৰা ধন- সম্পত্তি আৱণ্টন দিছিল । চুতীয়া ৰজাসকলে শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত কেঁচাইখাইতী গোঁসানীৰ পূজা কৰাৰ লগতে নৰৱলিও দিছিল ।
অসমৰ জনজাতি ডিমাচা সকল প্ৰাচীন কালৰে পৰা শাক্তপন্থী আছিল । তেওঁলোকে ৰণচণ্ডী মূৰ্তিক যুদ্ধৰ সময়ত পূজা কৰে ।
বড়ো সকলে মাৰাই দেৱীক, ডিমাচা সকলে হেৰমডী আৰু ৰাছিন গাকিবা দেৱী, কাৰ্বিসকলে হাঈফু আৰু ৰাছিনজা দেৱী, সোণোৱাল কছাৰী সকলে লখিমী আৰু ভৰলী হাকুবীদেৱী, আহোমসকলে সুবচনী দেৱীক , মেছ সকলে বাথুবুঢ়ী, খাচী সকলে কামেইখা দেৱী আৰু গাৰো সকলে ফজৌ নামৰ দেৱীক পূজা কৰি আহিছে ।
শক্তি অধিষ্ঠাত্ৰী দেৱী দুৰ্গা দুৰ্গতিনাশিনী আৰু সৃষ্টিৰ প্ৰতীক। দুৰ্গ মানে হৈছে দৈত্য, মহাবিঘ্ন, সংসাৰ বন্ধন , কুকৰ্ম, শোক, দুখ, নৰক, যমদণ্ড, জন্ম, মহাভয় আৰু অতিৰোগ আকাৰৰ অৰ্থনাশক। অৰ্থাৎ, যি দেৱীয়ে সকলোবোৰ নাশ কৰে, যাক স্মৰণ কৰিলে সকলোবোৰ দুখ- দুৰ্গতি নাশ হয় , তেৱেঁই দুৰ্গা।
দুৰ্গাই বৈকুণ্ঠত মহালক্ষ্মী, গোগোদত ৰাধা, শিৱলোকত শিৱাল, ব্ৰহ্মলোকত সৰস্বতী, দক্ষকন্যা সতীৰূপে বিৰাজমান। তেৱেঁই কালী,কামাখ্যা, মহামায়া, গৌৰী, মঙ্গলা, অন্নপূৰ্ণা, মহেশ্বৰী, উমা, ভুৱনেশ্বৰী আদি বিভিন্ন নামে পৰিচিত।
নৱদুৰ্গাৰূপে শৈলীপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৰূপে পৰিচিত।দুৰ্গাদেৱী শাক্তধৰ্মত পৰম আৰাধ্য দেৱী, বৈষ্ণৱ ধৰ্মত বিষ্ণুৰ অনন্ত মায়া, শৈৱধৰ্মত দুৰ্গাক শিৱৰ অৰ্দ্ধাংগিনী পাৰ্বতী হিচাপে অৰ্চনা কৰা হয়।
অতি প্ৰাচীন কালৰে পৰা প্ৰবহমান শাক্তধৰ্ম আৰু শক্তিপূজা পৃথিৱীত চন্দ্ৰ, সূৰ্য্য থাকে মানে চিৰ প্ৰবাহমান ৰূপত চলি থাকিব।
কৰবী মহন্ত কলিতা
দিপলাং
ডাকঘৰ - লহকৰপাৰা
জিলা - কামৰূপ (অসম)
পিন- 781350
দিপলাং
ডাকঘৰ - লহকৰপাৰা
জিলা - কামৰূপ (অসম)
পিন- 781350
মন্তব্য কৰক