নীলা খামৰ চিঠি - বৰ্ণালী পবিত্ৰ শৰ্মা
মৰমেৰে
তোমালৈ
হিয়া উজাৰি মৰম দিছো লবা।উকা কাগজত তোমালৈ বুলি বিশেষ ভাৱে মৰম দিব মন গৈছে ।
আচৰিত নহবা । ভালে আছানে? ময়ো আছো গতানুগতিকতাৰে চলি।দুদিনমানৰ পৰা মনটো বহুত অশান্ত হৈ আছে জানা ।নাজানো কিয়......?হয়তো নিসংগতাই বহুত বেয়াকৈ আমনি কৰিছে মোক ।
তুমি হয়তো বহুত ব্যস্ত হৈ পৰিছা এইকেইদিন ।যাৰ বাবে একেবাৰেই সময়ৰ অভাৱ হৈছৈ তোমাৰ মোৰ প্ৰতি থকা আন্তৰিকতাৰ ।দুখ লাগে জানা? একো যে কবকে নোৱাৰো যি হে অভিমানি তুমি ।
তুমি চাগৈ খুব আচৰিত হৈছা ন? কি যা তা বকি আছা বুলি খং উঠিলে নিশ্চয়কৈ ।
এটা সছাঁ আৰু আচুতিয়া কৈ সাঁচি ৰখা কথা কওঁনে ?তুমি মোৰ সকলোতকৈ আপোন বন্ধু তুমি ভালকৈ জানা ।তোমাৰ অবিহনে মই .....উহ, ভাবিব নোবাৰি ।এতিয়া দেখোন মানে ...উফ কেনেকৈ কও তোমাক ।লাজে আবৰি ধৰিছে ।তথাপিতো কবলৈ বাধ্য আজি নহলে যে শান্তি নাপাম।
মোৰ হৃদয়ত তুমি যিখিনি ঠাই দখল কৰিছা এতিয়া দেখোন কিবা বেলেগ অনুভব হে হব ধৰিছে ।কেনেকৈ বুজাও তোমাক ।বিশ্বাস জানো কৰিবা? মোৰ হিয়াত তোমাক বেলেগ কৈ অনুভব কৰিব শিকিছো ।নাজানো এইয়া কি? ?
মাথো অনুভব কৰো তুমি মোৰ হৃদয় জয় কৰিছা বিশেষ ভাবে তোমাৰ মৰমেৰে ।আকুল কৰি পেলাইছা তোমাৰ স্পষ্টবাদিতাই,আৰু অভিমান বোৰ ....অভিমান বোৰে হেপাঁহবোৰ বঢ়াই তুলিছে ।
একেবাৰে সঁছা কৈ কৈছো মই মনে মনে তোমাক ভাল পাব লৈছো ।ভাল তোমাক আগৰ পৰাই লাগে ।আচৰিত নহবা ।খং নকৰিবা প্লিজ, অলপ হলেও বুজিবলৈ চেষ্টা কৰা মোক।বহুত ভাল পাও তোমাক ।বহুত বহুত বহুত বেছি ।অনুভব কৰো এতিয়া মোৰ প্ৰতি উশাহত তোমাক ।আৰু তুমি? ?
উওৰ দিবা জানো? কি কবা নাজানো ।যি কবা তাক তোমাক ভালপোৱাৰ বিনিময়ত সহিব শিকিম ।আশা বোৰে ৰৈ আছে তোমালৈ.......ভয়ত দেখুন বকুখন কঁপিব ধৰিছে ।তথাপিতো ৰৈ আছো ......
পুনৰ বহুত হেপাঁহেৰে
তোমাৰ
জিয়া পাখী....
বৰ্ণালী পবিত্ৰ শৰ্মা
কাৰবি আংলং
মন্তব্য কৰক