প্ৰেম - প্ৰবীন শৰ্মা
আধুনিকতাৰ আৰৰ মোৰ যৌৱন,
প্ৰথম, দ্বিতীয়, নে…
এহ্… থাকক…
নস্তালজীয়াৰ খাতিৰত
ব্যৰ্থ হব নিদিও
মোৰ বৰ্তমান…
মই জানো,
মোৰ এটা মাত্ৰ কথাত
মাৰ যাব পাৰে তোমাৰ
প্ৰেম আকাশৰ বেলি,
নিস্তব্ধ হব পাৰে
হেঙুলীয়া আবেলি।
জানো বাবেইতো
সঁহি গৈছোঁ তোমাৰ আঘাত…
কোনো এক গৰ্ভৱতী মাত্ৰীৰ দৰে
অজান ভৱিষ্যতৰ মোহত মোহাচ্ছন্ন...
যদিওবা জানো…
তুমিও সেই একেটি সঁচ,
পাৰ্থক্য মাথোঁ সময়ৰ...
প্ৰবীন শৰ্মা
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় |
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় |
মন্তব্য কৰক