সু-প্ৰভাত - দীনেশ কলিতা
এখনি দুখৰ সাকোঁ ।
খং আৰু হতাশাই
খেদি ফুৰিছে মোক...॥
মই ভাগৰি পৰিছো বাৰে বাৰে
গিৰনি লৈছো নিৰৱে....
উজাগৰে, ওৰেনিশা
অকলশৰে...॥
হাতত লাগি থকা তেজৰ চেকুৰা
নিচিহ্ন নোহোৱালৈকে.....
কৰি যাম প্ৰতিবাদ॥
এতিয়া
মেলিছো জীৱনৰ নতুন কুহিপাত
নিৰৱে আছো প্ৰগতিৰ পথত
মানৱতাৰ সু-প্ৰভাত....॥
দীনেশ কলিতা
দিপলাং ,বাহাৰঘাট,কামৰুপ
মন্তব্য কৰক