লোকগীত : নিচুকনি গীত - কৰবী মহন্ত কলিতা
অসমীয়া লোকসাহিত্য তথা লোকগীতৰ পথাৰখনত নিচুকনি গীতসমূহৰ এক উচ্চ আসন আছে । কেৱল লোকসাহিত্যতে নহয়, অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনতো নিচুকনি গীতসমূহৰ বিশেষ তাৎপৰ্য আছে ।
গীতসমূহত নাথাকে কোনো কৃত্ৰিমতা, থাকে মাথো এখন কল্পনাৰ জগত । গীতসমূহত ডাঙৰে সৰুক উমলোৱা অপত্য স্নেহ দেখিবলৈ পোৱা যায়-
আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ ।
কেতিয়াবা সন্তানক টোপনি নাহিলে ভয় খুৱাবলৈ গোৱা হয়-
শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণে কাটি লগামে বাটি
মাতৃ হৃদয় মমতাময়ী। ভোকত, পিয়াহত শিশুৱে যেতিয়া কান্দে মাকে আবেগপ্ৰবণ হৈ গায়-
লাই হালে জালে আবেলি বতাহে
লফা হালে জালে পাত
আমাৰে মইনাই হালিছে জালিছে
কালি আবেলিৰে ভাত
প্ৰকৃতিৰ জোন, বেলি, তঁৰাৰ প্ৰতি শিশুৰ আগ্ৰহ বেছি, সেইবাবে প্ৰকৃতিৰ চিত্ৰও নিচুকনি গীতবোৰত পোৱা যায় এনেদৰে -
জোনবাই এ বেজী এটি দিয়া
বেজীনো কেলেই? মোনা সীবলৈ
মোনানো কেলেই? ধান ভৰাবলৈ ।
সম্প্ৰতি এই সম্পদ বিধৰ আদৰ কমি আহিছে যদিও ইয়াৰ প্ৰাসংগিকতা সদাই থাকিব ।
কৰবী মহন্ত কলিতা
দিপলাং, লহকৰপাৰা
মন্তব্য কৰক